মানাহপৰীয়া প্ৰেছ গীল্ডৰ বাৰ্ষিক অধিৱেশন সম্পন্ন : ডঃ মন্জু হালৈক মানাহপৰীয়া বৰ্ষসূৰ্য বঁটা- ২০২০ প্ৰদান
বৰপেটাৰোড : সমাজৰ নিষ্পেষিত লোকৰ বাৰ্তা সাংবাদিকসকলে কঢ়িয়াই আনিব লাগিব৷ তেতিয়াহে সমাজ প্ৰগতিৰ দিশত অগ্ৰসৰ হ’ব৷ এই মন্তব্য– বিশিষ্ট লেখক-সাংবাদিক তথা বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নাগেশ্বৰ দাসৰ৷ ৮ নৱেম্বৰত উত্তৰ বৰপেটাৰোডৰ মানাহপৰীয়া প্ৰেছ গীল্ডৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ তেওঁ এইদৰে কয়৷ সাম্প্ৰতিক সমাজত সাংবাদিকতাক কলূষিত কৰা এচাম ন্যস্তস্বাৰ্থ জড়িত মহলক কঠোৰ সমালোচনা কৰি বিশিষ্ট লেখকগৰাকীয়ে নিৰপেক্ষ, সত্যনিষ্ঠ আৰু সৰ্বজনগ্ৰাহ্য সংবাদ পৰিৱেশনেহে সুস্থ সমাজ গঢ়িব পাৰে বুলিও তেওঁ মন্তব্য কৰে৷ মানাহপৰীয়া প্ৰেছ গীল্ডৰ সভাপতি হায়াত আলীৰ সভাপতিত্বত বিয়লি ৩ বজাত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে যোগদান কৰি দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক তথা বিশিষ্ট সাংবাদিক ছাহজাহান তালুকদাৰে গীল্ডৰ বাৰ্ষিক পৰিপূৰিকা আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷