| | | | |

বন্যহস্তীৰ তাণ্ডৱ! প্ৰাণ গ’ল এজনৰ

লখিমপুৰঃ অসম-অৰুণাচল সীমান্তৰ লখিমপুৰৰ কাকৈ ৰাজগড়ত বন্যহস্তীয়ে তাণ্ডৱ চলাই প্ৰাণ ল’লে এজন ব্যক্তিৰ। ৰাজগড়ৰ ফ’ৰেষ্ট ক’লনীৰ নন্দু উৰাং নাম ব্যক্তিজনক কালি নিশা হাতীয়ে গচকী হত্যা কৰে। কিছুদিনৰ পূৰ্বেও এগৰাকী মহিলাক বন্যহস্তীয়ে উক্ত অঞ্চলত নিৰ্মমভাৱে হত্যা কৰিছিল। এনে বহুকেইটা ঘটনা সংঘটিত হোৱাৰ পাছতো বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৃহত্তৰ কাকৈ ৰাজগড়ত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্রত বৰ্তমানো লোৱা নাই কোনোধৰণৰ ব্যৱস্থা। বন বিভাগৰ অকৰ্মন্যতাৰ ফলত নিদ্ৰাহৰণ হৈছে এতিয়া সীমান্তবাসীৰ। ইফালে নিতৌ কেইবা হেক্টৰ পকা ধান খাই তহিলং কৰি আহিছে বন্যহস্তীয়ে। স্থানীয় ৰাইজ তথা দল-সংগঠনে বন বিভাগৰ ওপৰত তীব্ৰ ক্ষোভপ্ৰকাশ কৰাৰ লগতে বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থাগ্ৰহণ কৰিবলৈ দাবী জনাইছে।

| | |

আৰক্ষীৰ জালত পৰিল হানিট্ৰেপিং চক্ৰৰ অন্যতম নায়ক ফাৰহান লস্কৰ

শিৱসাগৰ : শিৱসাগৰৰ হাতীখোকত এটা কূখ্যাত অপৰাধীয়ে আশ্ৰয় লোৱাক কেন্দ্ৰ কৰি বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ অভিযানত জালত পৰিল হানিট্ৰেপিং চক্ৰৰ অন্যতম নায়ক ফাৰহান লস্কৰ৷ অঞ্চলটোৰ এটা পৰিয়ালত ছদ্ম বেশেৰে দীৰ্ঘদিন ধৰি আশ্ৰয় লৈছিল অপৰাধীটোৱে ৷ নিজকে সাংবাদিক বুলি পৰিচয় দিছিল নাজিৰা, গেলেকী আঠখেল আদি অঞ্চলত আৰু দীৰ্ঘদিনে ধনদাবী, ব্লেকমেইলিং আৰু হানিট্ৰেপিঙৰ দৰে অপৰাধ সংঘটিত কৰি আহিছিল ফাৰহান লস্কৰে৷ ফাৰহানৰ অপৰাধৰ সম্পৰ্কে জানিব পাৰি গাওঁৰক্ষী বাহিনীৰ সহায়ত স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম শোধোৱাৰ লগতে চমজাই দিয়ে শিৱসাগৰ আৰক্ষীক৷ পূৰ্বতে হানী ট্ৰেপিং, ধন দাবীৰ গোচৰত জে’ললৈ গৈছিল ফাৰহান লস্কৰ নামৰ অপৰাধীটো৷ গেলেকী আৰক্ষীয়ে তিনি বছৰৰ পূৰ্বে দেওপানী বনাঞ্চলৰ পৰা কৰায়ত্ব কৰিছিল অপৰাধীটোক ৷ নাজিৰা

| | | | | |

প্ৰথম গৰাকী আৰক্ষী হিচাপে অভিলেখ স্থাপন কৰিছে সীমা ঢাকাই

দিল্লী :দিল্লী আৰক্ষীৰ এগৰাকী মহিলা কনিষ্টবলে মাত্ৰ ৩ মাহতে ৭৬ টা নিৰুদ্দিষ্ট শিশু-কিশোৰক ট্ৰেচিঙ কৰি উদ্ধাৰ কৰাৰ বাবে ‘আউট অৱ টাৰ্ণ’ পদোন্নতি দিয়া হৈছে।দক্ষিণপূৱ দিল্লীৰ সময়পুৰ বাদ্লী আৰক্ষী থানাৰ হেড কনিষ্টবল সীমা ঢাকাই নিৰুদ্দিষ্ট এই শিশু-কিশোৰসকল উদ্ধাৰ কৰি দক্ষতাৰ পৰিচয় দিয়াৰ পিছত দিল্লী আৰক্ষীৰ নতুন আঁচনিৰ অধীনত বিষয়া পৰ্যায়লৈ পদোন্নতি লাভ কৰিছে। উল্লেখ্য যে দিল্লী আৰক্ষীত এই আঁচনিৰ অধীনত পদোন্নতি হৈ বিষয়াৰ মৰ্যাদা লাভ কৰা প্ৰথম গৰাকী আৰক্ষী হিচাপে অভিলেখ স্থাপন কৰিছে সীমা ঢাকাই।“‘আউট অৱ টাৰ্ণ’ পদোন্নতি লাভ কৰা প্ৰথম গৰাকী আৰক্ষী হৈছে সীমা।” দিল্লী আৰক্ষীয়ে এক বিবৃতি উল্লেখ কৰিছে। সীমাই উদ্ধাৰ কৰা ৭৬ গৰাকী শিশু-কিশোৰৰ ভিতৰত ৫৬ টি শিশু হৈছে ১৪ বছৰৰ অনুৰ্ধৰ।“নিৰুদ্দেশ হোৱা শিশু-কিশোৰসকলক কেৱল দিল্লীতে অনুসন্ধান কৰি

| | | |

আকৌ হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটী :নৱেম্বৰ মাহৰ আৰম্ভনিতে পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰা গগৈক ভেণ্টিলেচনত ৰাখিব লগীয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁ সুস্থ হৈ ৰাইজৰ মাজলৈ বাৰ্তাও প্ৰেৰণ কৰিছিল। হঠাৎ আকৌ অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বুধবাৰৰ তুলনাত বৰ্তমান গগৈৰ স্বাস্থ্য কিছু উন্নত যদিও এতিয়াও তেওঁ বিপদমুক্ত নহয়। এইমছৰ (AIIMS) চিকিৎসকৰ তত্বাৱধানত পৰামৰ্শ লৈ তেওঁৰ চিকিত্‍সা কৰা হৈছে। নিশা তেওঁক NIV দিয়াৰ প্ৰয়োজন হৈছিল। বৰ্তমান যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে GMCHৰ চিকিৎসকসকলে। বৰ্তমান গগৈৰ অক্সিজেনৰ মাত্ৰা ৯৪। গগৈৰ স্বাস্থ্যৰ শেহতীয়া তথ্য জনায় GMCH ৰ অধীক্ষক অভিজৎ শৰ্মাই। উল্লেখ্য যে, তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক কোৰোণাত আক্ৰান্ত হোৱাৰ পৰা যোৱা ২৫ অক্টোবৰত দীঘলীয়া চিকিৎসাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছিল। ৮৬বছৰীয়া গগৈক যোৱা ৩১ আগষ্টত স্বাস্থ্যৰ দ্ৰুত অৱনতি

| | | |

ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি মোবাৰক হুছেইন

ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি পদত যোগদান কৰে এসময়ৰ আমছু নেতা মোবাৰক হুছেইনে৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা-কৰ্মীসকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৷ শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, এআইইউডিএফৰ দৰে পিছ পৰি ৰোৱা নাই ৰাষ্ট্ৰীয় উলমা কাউঞ্চিল নামৰ দলটো৷ বিভিন্ন সময়ত পিছ পৰি থকা লোকৰ কাষত থিয় হোৱা ৰাষ্ট্ৰীয় উলমা কাউঞ্চিলে আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰচাৰ অভিযান চলাই আছে৷ তেনে কৰ্মসূচীৰ অংশস্বৰূপে অসম ৰাজ্যিক উলামা কাউঞ্চিলৰ সভাপতি উবাইদুৰ ৰহমান কাছিমীৰ নেতৃত্বত নগাঁও জিলাৰ সভাপতি হিচাপে প্ৰাক্তন আামছু নেতা মোবাৰক হুছেইনে যোগদান কৰে৷ উল্লেখ্য যে অসম ৰাজ্যিক উলামা কাউঞ্চিলৰ সভাপতি কছিমীয়ে জনায় যে আগন্তুক ২০২১ চনৰ নিৰ্বাচনত নগাঁও জিলাৰ

| | |

লখিমপুৰৰ বঙালমৰাত উদ্ধাৰ নকল টকা চপা কৰা মেচিন

· লখিমপুৰৰ বঙালমৰাত উদ্ধাৰ নকল টকা চপা কৰা মেচিন  · বিহপুৰীয়া আৰক্ষীৰ অভিযানত আহমেদপুৰৰ পৰা উদ্ধাৰ হৈছে এই টকা চপা কৰা মেচিনটো ৷  · নকল টকা চপা কৰা মেচিনৰ লগতে নকল সোনৰ নাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিহপুৰীয়াৰ আৰক্ষীয়ে।  · শুকুৰ মহম্মদৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে নকল টকা চপা কৰা মেচিন  · ফজৰ আলীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে নকল সোনৰ নাও  · এই ঘটনাৰ লগত জড়িত শুকুৰ মহম্মদ, ফজৰ আলী নামৰ দুজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে৷

| | |

অসমৰ ৰাজনীতিত ধুমুহা ! উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশত

গুৱাহাটী:বিধানসভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে উচ্চতম ন্যায়লয়ৰ এই নিৰ্দেশে এতিয়া বহুকেইজন ৰাজনৈতিক নেতাৰ টোপনি হৰিছে৷ অপৰাধমুক্ত ৰাজনৈতিক ক্ষেত্ৰক লৈ এইবাৰ কঠোৰ সৰ্বোচ্চ ন্যায়ালয়৷ ন্যায়ালয়ে এখন বিশেষ পত্ৰৰ জৰিয়তে ৰাজনীতিকৰ বিৰুদ্ধে থকা গোচৰৰ খৰটকীয়া  নিষ্পত্তিৰ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ৩/২০২০ নম্বৰৰ লেখ আবেদন গ্ৰহণ কৰিছে গুৱাহাটী  উচ্চ ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ে গোচৰৰ ক্ষীপ্ৰ নিষ্পত্তিৰ নিৰ্দেশ দিছে নিম্ন আদালতক৷ দোষী সাব্যস্ত ৰাজনৈতিক নেতাই খেলিব নোৱাৰিব নিৰ্বাচন৷ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছত এতিয়া ধুমুহা বলিছে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত৷ কাৰণ সমাগত নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিজন ৰাজনৈতিক নেতা৷ সাম্প্ৰতিক সময়ত ৰাজ্যৰ ২৪গৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আছে ৩৩টাকৈ গোচৰ৷ য’ত বহুকেইজন শাসকীয় দলৰ বিধায়কৰো নাম সন্নিৱিষ্ট আছে৷ এইসকল ৰাজনৈতিক

| | | |

আছুত মাফিয়াৰাজৰ অভিযোগ তুলি সহকাৰী সাধাৰণ সম্পাদকৰ পদত্য়াগ

 গুৱাহাটী : ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক শক্তি উত্থানৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাত মাফিয়াৰাজৰ বহু অভিযোগ উত্থাপিত হৈছে৷ আছুৰ সভাপতি দিপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মাফিয়াৰাজৰ অভিযোগ তুলি স্বয়ং সহকাৰী সাধাৰণ সম্পাদকে এইবাৰ এৰিলে সংগঠন।  দুলিয়াজানত অনুষ্ঠিত হ’ব লগা ছাত্ৰ সন্থাৰ অধিৱেশনৰ পূৰ্বে ছাত্ৰসন্থাত আৰম্ভ হৈছে বিদ্ৰোহ৷ আছুত দীপাংক আৰু লুৰীণৰ মাফিয়াৰাজ চলিছে বুলি অভিযোগ তুলি সহকাৰী সাধাৰণ সম্পাদক পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্য়াগ কৰে চৈয়দ মনোৱাৰ হুছেইনে৷  সোমবাৰে সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে আছুক ব্যৱহাৰ কৰি আহিছে বুলি বিস্ফোৰক অভিযোগ তুলে৷ নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে কিছু মতবিভেদৰ

| | | |

মহানগৰীত গ্ৰেপ্তাৰ ১১ জন ভুৱা আৰ্মী

গুৱাহাটী : মহানগৰীত এইবাৰ ভুৱা আৰ্মীৰ প্ৰয়োভৰ৷ সোমবাৰে নিশা আজাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১১ জন ভুৱা আৰ্মী৷ সেনাৰ পোছাকেৰে ৰাজপথত টহল দি থকা অৱস্থাত বিমান বন্দৰৰ সমীপৰ পৰা আটাইকেইজনক আটক কৰিলে আৰক্ষীয়ে৷ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন গাড়ীসহ আটক কৰে ১১ জন ভুৱা আৰ্মীক৷ বৰ্তমান আজাৰা থানাত জেৰা কৰা হৈছে ভুৱা আৰ্মীকেইজনক৷ তেওঁলোক কিয়, কৰ পৰা আহিছে বৰ্তমান কোনো তথ্য পোহৰলৈ অহা নাই৷ইতিমধ্যে সেনাৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰাত বৰ্তমান কোনো সেনাৰ লগত জড়িত নহয় বুলি জানিব পৰা গৈছে আটকাধীন লোককেইজন৷ 

| |

তুমি শিশু (কবিতা)

তুমি শিশু @ আছফিয়া আহমেদ  প্ৰভাতীৰ কোমল সুৰুযৰ ৰঙেৰে উদ্ভাসিতমৰমৰ স্পৰ্শৰে মাতৃ হৃদয় আলোকিত কৰাতুমি শিশু…. তোমাৰ কলকলনিত জাগ্ৰত হয়কঠোৰ হৃদয়তো আবেগৰ জোৱাৰ শৈশৱৰ সকলো ৰঙ সাৱটিমুক্ত বিহংগৰ তুমি দেৱশিশু খিল খিল হাঁহিৰে তুমি উজলাই পেলোৱা চৌদিশ তোমাৰ নিষ্পাপ মৃদু চাৱনিত হেজাৰ ফুলে সৌগন্ধ বিলায় তোমাৰ দুচকুৰ নিৰাকাৰ সপোনবোৰকসাকাৰ ৰূপ দিয়াত তোমাৰ সৰলতাবোৰহেৰাই নেপেলাবাএই ডিজিটেল পৃথিৱীৰ বুকুত সুন্দৰ আচৰণ…সুন্দৰ ব্যৱহাৰেৰেমোহাচ্ছন্ন কৰি পেলোৱা যান্ত্ৰিকতাত জীৱনৰ ছন্দ হেৰুওৱা মনবোৰক… তোমাৰ দীপ্ত দুচকুত সিঁচি লোৱা ভৱিষ্যত গঢ়াৰ কিছু সেউজীয়া অনুভৱ । ।