| | | | |

পৰিয়াল আৰু প্ৰদেশ কংগ্ৰেছে বিচৰা মতেই কৰা হ’ব তৰুণ গগৈৰ অন্তেষ্টিক্ৰিয়া

 প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অন্তিম শয়ণ যাত্ৰা GMCH ৰ পৰা পুৱা ৯:৪০ বজাত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়। ইয়াৰ পৰা পোনে পোনে নিয়া হ’ব গগৈৰ দিচপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।তাত শ্ৰদ্ধাঞ্জলি জনাই পোনে পোনে জনতা ভৱনলৈ অনা হ’ব গগৈৰ নশ্বৰ দেহ। তাত সচিবালয়ৰ বিষয়া-আমোলা তথা কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব।তাৰ পাছত গগৈৰ নশ্বৰ দেহ অনা হ’ব ৰাজীৱ ভৱনলৈ। তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে প্ৰদেশ কংগ্ৰেছে। বিয়লি প্ৰায় ৪ বজাত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ’ব গগৈৰ নশ্বৰ দেহ।আজি ৰাতিটো আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।বৰ্তমানলৈকে অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ হোৱা নাই।গগৈক শেষ দৰ্শন দিবলৈ অগণন গুণমুগ্ধই ভিৰ কৰে GMCH চৌহদত।

| |

অসমৰ ৰাজনীতিৰ পুৰুধা ব্যক্তি তথা নতুন অসমৰ স্ৰষ্টা ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ আৰু নই…

অসমৰ ৰাজনীতিৰ পুৰুধা ব্যক্তি তথা নতুন অসমৰ স্ৰষ্টা ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ আৰু নাই৷ দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজ চলাই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোমবাৰে ৮৬ বছৰ বয়সত স্বৰ্গধামলৈ গতি কৰে।  তৰুণ গগৈ হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা আছিল। তেওঁৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে। ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লয়।  প্ৰাৰম্ভিক জীৱন :  ১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত এটা আহোম পৰিয়ালত তৰুণ গগৈৰ জন্ম হয়। গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত

| |

মহিলাৰী নে বসুমতাৰী? হাগ্ৰামাই নিজেই নাজানে নিজৰ নাম

  অহা ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হব বিটিচি নিৰ্বাচন৷ নিৰ্বাচনৰ দিন কাষ চাপে মানেই তুংগত হৈ উঠে বাকযুদ্ধ৷ সমান্তৰালকৈ চলি থাকে তুচ্ছ-তাচ্ছিল্য আৰু গালি গালাজেৰে তীব্ৰ বাক্যবাণ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে বিটিচিৰ প্ৰাক্তন চীফ হাগ্ৰামা মহিলাৰী মেকুৰী৷ প্ৰত্যুত্তৰত মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কলে বন্দৰ৷ এনেদৰেই ইজনে সিজনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ বাক্যবান৷ শনিবাৰে হাগ্ৰামা মহিলাৰীয়ে উপস্থিত হয় বাক্সা জিলাৰ মথনগুৰী সমষ্টিত৷ ইউপিপিএলৰ প্ৰাৰ্থী শাজাহান আলী আহমেদৰ সংখ্যালঘু ভোটাৰৰ সমান্তৰালকৈ বড়ো ভোটৰ মাজতো থকা উত্থানত শংকিত হাগ্ৰামা মহিলাৰী৷ সেয়ে সমষ্টিটোৰ ঘোৰামাৰাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ভাগ লৈ নিজৰ ভাষণত শাজাহান আলী আহমেদৰ নাম সলনি কৰি শাজাহান বসুমতাৰী হব লাগিছিল বুলি উল্লেখ কৰে৷ এনেদৰে হাগ্ৰামা

| | | | |

দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিবঃ মন্ত্ৰী হিমন্ত দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ পত্নী, কন্যা আৰু পুত্ৰৰ সৈতে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘তৰুণ গগৈৰ স্বাস্থ্য এতিয়া ব্যাপক অৱনতি ঘটিছে। তেওঁ এতিয়া সম্পৰ্ণ লাইফ চাপৰ্টোত আছে। কেইবাটাও অংগ ইতিমধ্যে বিকল হৈ পৰিছে। কিছু পৰিমাণে সংকেত পাই আছে মগজুৱে। পেচ মেকাৰ লগোৱাৰ বাবে হাৰ্টে কিছু কাম কৰি আছে। এই মুহূৰ্তত আৰু চিকিত্‍সকৰ হাতত একো নাই। ভৱগানেই এতিয়া শেষ ভৰসা।’ মন্ত্ৰী হিমন্ত বিশ্বৰ মতে, ‘বৰ্তমান তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয়। এনে মুহূৰ্তৰ পৰা ঘূৰাই আনিবলৈ কেৱল

| | |

অসমতো আৰম্ভ হব আই পি এল ক্ৰিকেট

আৰ্শ্বাদ আহমেদ, লক্ষীমপুৰ :  ২০২১ বৰ্ষৰ ৮, ৯, ১০ জানুৱাৰীত দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব ইছলামপুৰ প্ৰিমীয়াৰ লীগ।অন্য বৰ্ষৰ দৰে এইবাৰো IPLৰ আৰ্হিত অনুষ্ঠিত হব ইছলামপুৰ প্ৰীমিয়াৰ লীগ।অহা ১৫ ডিচেম্বৰত লখিমপুৰ জিলাৰ পাভ চাৰিআলি হাই মাদ্ৰাছাত অনুষ্ঠিত হব নিলাম প্ৰক্ৰিয়া। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ লগতে ৰঞ্জি ট্ৰফীত ভাগ লোৱা খেলুৱৈসকলেও অংশ গ্ৰহণ কৰিব এই ক্ৰিকেট খেলখনত। IPL পৰিচালনা সমিতিৰ সভাপতি ৰিয়াজুল ইছলাম আৰু সাধাৰণ সম্পাদক নেকিউৰ ৰহমানকে ধৰি সমূহ বিষয় ববীয়াসকল উপস্থিত থাকি এক সংবাদমেল সম্বোধন কৰি খেল সন্দৰ্ভত এই কথা সদৰী কৰে। UNCUT ৰূপত আগবঢ়াইছো সংবাদমেল…

| | |

বিধায়িকা হোৱাৰ আশাৰে যুজিবলৈ সাজু সমাজকৰ্মী-ব্যৱসায়ী দিলুৱাৰা বেগম চৌধুৰী

· যমুনামুখ সমষ্টিত নতুন মুখৰ সন্ধান  · আজমল পৰিয়ালক ৰুধিব পাৰিবনে?  · বিধায়িকা হোৱাৰ আশাৰে যুজিবলৈ সাজু  · সমাজকৰ্মী-ব্যৱসায়ী দিলুৱাৰা বেগম চৌধুৰী

| | |

জিডিপিৰ তালিকাত ভাৰতৰ স্থান ক’ত?

আপুনি জানেনে ভাৰতৰ জিডিপিৰ হাৰ কিমান নাইবা জিডিপিৰ তালিকাত ভাৰতৰ স্থান ক’ত?  জিডিপি মানে কি? জিডিপি মানে হৈছে গ্রস ডোমেস্টিক প্রডাক্ট অৰ্থাৎ মুঠ অভ্যন্তৰীণ উৎপাদন৷ জিডিপি হ’ল এখন দেশৰ ভৌগলিক সীমাৰ অন্তৰ্গত উৎপাদিত সামগ্ৰী আৰু সেৱাসমূহৰ এক চূড়ান্ত মান৷ জিডিপিয়ে দেশ এখনৰ অৰ্থনৈতিক অৱস্থাৰ গুৰুত্বপূর্ণ সংকেত বহন কৰে৷ সহজভাৱে কবলৈ গলে জিডিপিয়ে দেশ এখন, অৰ্থানৈতিক দিশত কিমান বিকাশ বা কিমান সবল তাকে প্ৰতিফলিত কৰে৷  এতিয়া আহিছো ভাৰতৰ জিডিপি সম্পৰ্কে৷ সম্প্ৰতি দেশৰ জিডিপি হৈছে -১০,৩ শতাংশ৷ অভাৱনীয় হাৰত হ্রাস পাইছে ভাৰতৰ জিডিপিৰ হাৰ৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ প্রথম ত্রিমাসিকত ভাৰতৰ জিডিপিৰ হাৰ অভাৱনীয় হাৰত হ্রাস পায়৷ অৰ্থাৎ প্ৰথমবাৰলৈ জিডিপিৰ হাৰ ২৩.৯ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে দ্বিতীয় ত্রিমাসিকতো জিডিপিৰ হাৰ হ্রাস পোৱাৰ সম্ভাৱনা

| | | |

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

 গুৱাহাটী : আজি গুৱাহাটী ক্লাবৰ ৰ’টাৰী পইণ্টত সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ মৃত্যুঞ্জয় ১০৮ সেৱাত কৰ্মৰত ইএমটি পাইলট আৰু ইআৰঅ’সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷ প্ৰতিবাদকাৰীসকলে অন্ধ্রপ্রদেশ, তামিলনাডু আদি ৰাজ্যৰ আৰ্হিত অসমতো মৃত্যুঞ্জয় কৰ্মীসকলক দৰমহা প্ৰদানৰ দাবী জনায়৷ অসমত বৰ্তমান কৰ্মৰত ৩,০০০জন মৃত্যুঞ্জয় কৰ্মচাৰীক ক’ভিড মহামাৰী সময়ত প্ৰথম শাৰী যোদ্ধা হিচাপে কামত নিয়োগ কৰিছিল যদিও তেওঁলোকক নিৰাপত্তা প্ৰদান তথা সকলো প্ৰাপ্যৰপৰা বঞ্চিত কৰা অভিযোগ উত্থাপন কৰিছে সন্থাই৷ তদুপৰি ১০৮ৰ অন্তভুৰ্ক্ত EMTs , EROs আৰু pilots সকলক অসম চৰকাৰৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰি শতাধিক মৃত্যুঞ্জয় কৰ্মীয়ে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে৷