Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:37 am

Home » আঞ্চলিক » অসম » দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ প্ৰদান জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ

দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ প্ৰদান জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ

· মৌলানা ছামছুল আলমৰ প্ৰশংসনীয় পদক্ষেপ 
· দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ প্ৰদান জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ 
এটি পকীঘৰ কাৰোবাৰ বাবে সপোন। জীৱনৰ শেষ বয়সলৈকে বহুতে এটি পকী ঘৰৰ সপোন দেখি থাকে যদিও বাস্তৱতহে হৈ নুঠে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে চৰকাৰে যিমানেই আচনি ৰূপায়ণ নকৰক কিয় প্ৰকৃততে দৰিদ্ৰ হিতাধিকাৰীয়ে নাপায় কোনো আচনিৰ ধন। অধিকাংশ আচনিৰ ধন ৰাজনৈতিক নেতা পালিনেতাৰ পকেটতহে সোমায়। তেনে সময়তে এনে দৰিদ্ৰ পৰিয়াললৈ আশীৰ্বাদ স্বৰূপ হৈ পৰিছে দিল্লীস্থ এটি স্বেচ্ছাসেৱী সংস্থা, নাম জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্ট। এই ট্ৰাষ্টৰ কৰ্মী সকলে গাৱে গাৱে পৰ্যবেক্ষণ কৰি অতি দৰিদ্ৰ, বিশেষভাৱে সক্ষম আৰু বিধবা সকলক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পকীঘৰ আৱণ্টন কৰিছে৷ 
জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ উত্তৰ পূৱৰ চি এম ডি ছামচুল আলমে গোৱালপাৰা জিলাৰ ডাকাইদল সাপ্তাহিক বজাৰৰ কাষত থকা আব্দুল জলিল নামৰ লোক গৰাকীৰ এটি গৃহৰ বাবে ইতিমধ্যে আধাৰ শিলা স্থাপন কৰিছে৷ ট্ৰাষ্টৰ চি এম ডি ছামচুল আলমৰ তত্বাৱধানত দৰিদ্ৰ পৰিয়াললৈ আবন্টন দিয়া পকী ঘৰ সন্দৰ্ভত তেওঁ কয়- যি সকল লোক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত আৰু জনপ্ৰতিনিধি সকলৰ পৰা অবহেলিত তেনে লোকক প্ৰেচাবাগাৰ, শৌচালয় সহ দুটাকৈ কোঠালী যুক্ত ঘৰৰ আবন্টন দিয়া হ’ব। 
গোৱালপাৰা জিলাত অতি দৰিদ্ৰ পৰিয়াললৈ ১২৫ টা, বিশেষ ভাৱে সক্ষম লোকৰ বাবে ২১০টা, বিধবা মহিলাৰ বাবে ২৭০ টা সহ মুঠ ৬০৫ টা ঘৰৰ আবন্টন দিয়া হব বুলি উল্লেখ কৰে ছামছুল আলমে। 
জামিয়া এডকাচনাল ট্ৰাষ্টৰ চিএমডি মৌলানা ছামছুল আলমৰ প্ৰশংসনীয় পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি