| | | |

ৰাজধানী দিল্লীত কৃষকৰ ‘দিল্লী চলো’ প্ৰতিবাদী কাৰ্যসূচী

 কৃষকৰ ‘দিল্লী চলো’ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ৰাজধানী দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা  নৰেন্দ্ৰ মোডী চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ দিল্লী চলো প্ৰতিবাদী কাৰ্যসূচী । কেন্দ্ৰৰ কৃষি আইনৰ বিৰোধিতাৰ বাবে কৃষকসকলে পঞ্জাৱৰ পৰা দিল্লীলৈ যোৱাৰ লগে লগে দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ সকলো সীমাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে । আৰক্ষীয়ে কয় যে কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা কৃষকসকলক দিল্লীৰ সীমাত উপনীত হ’লেও ৰাজধানীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। এই প্ৰতিবাদী কাৰ্যসূচীত পঞ্জাৱ আৰু হাৰিয়ানাৰ বহু সংখ্যক কৃষক ৰাজধানী দিল্লীৰ সীমাত উপলব্ধ হয়। কৃষকসকলৰ ‘দিল্লী চালো’ প্ৰতিবাদৰ বাবে দিল্লী পুলিচে সিংঘু সীমাত যান বাহনৰ চলাচল বন্ধ কৰি দিয়ে। বিষয়াসকলে কয় যে, বাহাৰগড়ৰ পৰা দিল্লীলৈ যোৱা পথ বৃহস্পতিবাৰে সন্ধিয়া বন্ধ কৰা

| | | |

যৌনকৰ্মীৰ কাষত মহাৰাষ্ট্ৰ চৰকাৰ

 যৌনকৰ্মীৰ কাষত চৰকাৰ! ৫১ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা! কোৰোণাৰ ফলত আৰ্থিক ভাবে চৰম বিপৰ্যৰ সন্মুখীন হৈছে বহুলোক। ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি। চৰকাৰে এই সময়ত অসহায় লোকসকলক সহায় কৰিবলৈ বিভিন্ন আঁচনি হাতত লৈছে। চাউল, দালিৰ লগতে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান দিয়াৰ চিন্তা চৰ্চা কৰিছে। এতিয়াও অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস। এই সময়তে এতিয়া যৌনকৰ্মীক সহায় কৰিবলৈ আগবাঢ়িছে মহাৰাষ্ট্ৰ চৰকাৰ। মহাৰাষ্ট্ৰৰ মহিলা, শিশু বিকাশ মন্ত্ৰী যশোমতি ঠাকুৰে জনাইছে যে, ‘এই সময়ত যৌনকৰ্মীৰ কাষত আছে চৰকাৰ। তাৰ বাবে ৫১ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। অক্টোবৰৰ পৰা ডিচেম্বৰ পৰ্যন্ত প্ৰতি মাহে তেওঁলোকৰৰ হাতত পাঁচ হাজাৰকৈ টকা তুলি দিয়া হ’ব। যাতে সকলো যৌনকৰ্মীয়ে নিজৰ সন্তানৰ পঢ়াৰ লগতে অতিৰিক্ত খৰচ উলিয়াব পাৰে। প্ৰতি মাহে পাঁচ

| | |

সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ দাবীৰে সাংবাদিকৰ ১,০০০ কিলোমিটাৰ চাইকেল যাত্ৰা

 শিৱসাগৰ : সাংবাদিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ দাবীৰে সাংবাদিকৰ ১,০০০ কিলোমিটাৰ চাইকেল যাত্ৰা আৰম্ভ শিৱসাগৰত৷ জিলাখনত আজি উপস্থিত হয় সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী। শিৱসাগৰৰ সাংবাদিক আৰু দল-সংগঠনে আদৰণি জনায় সাংবাদিকগৰাকীক৷ সাংবাদিকৰ নিৰাপত্তাৰ দাবীত যোৱা ১৭ নৱেম্বৰৰ পৰা চাইকেলৰে বিশ্বনাথ চাৰিআলিৰ পৰা ১,০০০ কিলোমিটাৰ পথৰ যাত্ৰা আৰম্ভ কৰিছিল সাংবাদিকগৰাকীয়ে৷ লখিমপুৰ, ধেমাজি, শদিয়াহৈ বৃহস্পতিবাৰে নিশা সাংবাদিকগৰাকী উপস্থিত হৈছিল শিৱসাগৰত৷ আজি পুৱাই শিৱসাগৰত অসম বাৰ্তাজীবী সংঘৰ শিৱসাগৰ জিলা সমিতিৰ লগতে সাংবাদিক সকলে আদৰণি জনাই সাংবাদিকগৰাকীক৷  আদৰণি অনুষ্ঠানৰ পাছত শিৱসাগৰৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিছে স্নেহাংকৰ চক্ৰৱৰ্তীয়ে । ১ ডিচেম্বৰত  বিশ্বনাথ চাৰিআলিত যাত্ৰাৰ সামৰণি মাৰিব এই চাইকেল যাত্ৰাৰ৷

| | | |

ক’ভিড হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড

 নতুন দিল্লী : শুকুৰবাৰে পুৱতি নিশা গুজৰাটৰ ৰাজকোটৰ এখন ক’ভিড হাস্পতালত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ চিকিৎসালয়খনৰ আইচিইউত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত ৬ জন ৰোগীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ ৰাজকোটৰ উদয় শিৱানন নাৰ্চিং হোমত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত হাস্পতালখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক৷ চিকিৎসালয়খনত প্ৰায় ৩০জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছিল৷  এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে৷ ইতিমধ্যে চিকিৎসাধীন হৈ থকা বাকী ক’ভিড ৰোগীসকলক অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ 

| | | | | |

হিংসাত্মক প্ৰতিবাদ নেওচি অৱশেষত ‘কা’ বলৱৎ

নতুন দিল্লী : দেশজুৰি চলা নাগৰিকত্ব সংশোধনী আইন(কা)বিৰোধী হিংসাত্মক প্ৰতিবাদ নেওচি অৱশেষত ‘কা’ বলৱৎ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে যুগুত কৰিছে ‘কা’ৰ বিধি৷ ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা লোকে নাগৰিকত্ব লাভ কৰিব৷ চুবুৰীয়া তিনি দেশৰ পৰা অহা শৰনাৰ্থীক প্ৰদান কৰিব নাগৰিকত্ব৷ হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন, পাৰ্চি সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে৷ নিৰ্দিষ্ট প্ৰ-পত্ৰৰ যোগেদি নাগৰিকত্বৰ বাবে আবেদন কৰিব লাগিব৷ লগতে যিসকল শৰনাৰ্থী আহিছে তেওঁলোকে পূৰ্বৰ দেশৰ নাগৰিকত্ব ত্যাগ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিব লাগিব৷ এই আইনৰ দ্বাৰা অতি কমেও ভাৰতত ৬ বছৰ থকা লোকে নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হ’ব৷ ৰাজ্যত পাঁচজনকৈ ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদৰ তেজেৰে ৰাঙলী হোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ‘কা’ আইন বলবৎ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ