Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:08 pm

Home » আঞ্চলিক » অসম » অসমৰ ৰাজনীতিৰ পুৰুধা ব্যক্তি তথা নতুন অসমৰ স্ৰষ্টা ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ আৰু নই…

অসমৰ ৰাজনীতিৰ পুৰুধা ব্যক্তি তথা নতুন অসমৰ স্ৰষ্টা ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ আৰু নই…

অসমৰ ৰাজনীতিৰ পুৰুধা ব্যক্তি তথা নতুন অসমৰ স্ৰষ্টা ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ আৰু নাই৷ দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজ চলাই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোমবাৰে ৮৬ বছৰ বয়সত স্বৰ্গধামলৈ গতি কৰে। 

তৰুণ গগৈ হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা আছিল। তেওঁৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে। ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লয়। 
প্ৰাৰম্ভিক জীৱন : 
১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত এটা আহোম পৰিয়ালত তৰুণ গগৈৰ জন্ম হয়। গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে। তেওঁ Assam Small-Scale Industries Development Corporationৰ চেয়াৰমেন পদটো অধিষ্ঠিত আছিল। 
১৯৭২ চনত তেওঁ ডলী গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান আছে। 

ৰাজনৈতিক জীৱন : 
১৯৬৮ চনত তৰুণ গগৈ যোৰহাট পৌৰসভালৈ সদস্য হিচাবে নিৰ্বাচিত হয়। ১৯৭৬ চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত তেওঁ সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটি (All India Congress Committee (AICC))ৰ যুটীয়া সম্পাদক হিচাবে নিৰ্বাচিত হয়। ইয়াৰ পিছত ১৯৮৫-১৯৯০ বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত হয়। ১৯৯১-১৯৯৬ বৰ্ষৰ তেওঁ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ পদ লাভ কৰে। ১৯৮৬-১৯৯০ বৰ্ষত তৰুণ গগৈ অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটি (Assam Pradesh Congress Committee (APCC)ৰ সভাপতি পদত আছিল। ১৯৯৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে ইয়াৰ সভাপতি হিচাবে নিৰ্বাচিত হয়। 
সাংসদ হিচাবে : 
তৰুণ গগৈ ছবাৰকৈ ভাৰতৰ লোকসভালৈ সাংসদ হিচাবে নিৰ্বাচিত হৈছে। প্ৰথমতে তেওঁ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাটৰ পৰা সাংসদ হিচাবে একেৰাহে পঞ্চম, ষষ্ঠ আৰু সপ্তম লোক সভালৈ নিৰ্বাচিত হয়। পাছত তেওঁ কলিয়াবৰৰ পৰা দশম লোক সভা (১৯৯১-১৯৯৬)লৈ হিচাবে নিৰ্বাচিত হয়। ইয়াৰ পিছত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত দ্বাদশ আৰু ১৯৯৯ চনত ত্ৰয়োদশ লোকসভা (১৯৯৮-২০০২)লৈ সাংসদ হিচাবে নিৰ্বাচিত হয়। বৰ্তমান কলিয়াবৰ সমষ্টিৰ সাংসদ হৈছে তেওঁৰ কনিষ্ঠ ভাতৃ দীপ গগৈ। 
বিধায়ক হিচাপে : 
তৰুণ গগৈ বৰ্তমানলৈকে পাঁচবাৰ অসম বিধানসভালৈ বিধায়ক হিচাবে নিৰ্বাচিত হৈছে। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈকে তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ তেওঁএকেৰাহে চাৰিবাৰকৈ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ আহিছে। 
মুখ্যমন্ত্ৰী হিচাপে : 
২০০১ চনৰ ১৭ মে’ তাৰিখে তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ২০০৬ আৰু ২০১১ চনত তিতাবৰ সমষ্টিৰ পৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়।
সমষ্টি কাৰ্য্যকাল
তিতাবৰ ২০ ছেপ্তেম্বৰ, ২০০১ – মে’, ২০১১
তিতাবৰ মে’ ২০০৬ – মে’, ২০১১
তিতাবৰ মে’, ২০১১ – মে’ ২০১৬
তিতাবৰ মে’, ২০১৬ – বৰ্তমান

সংক্ষেপতে তৰুণ গগৈৰ ৰাজনৈতিক জীৱন :

বৰ্ষ ঘটনা
১৯৬৭ সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ যুটীয়া সম্পাদক
১৯৬৮ যোৰহাট পৌৰসভালৈ সদস্য নিৰ্বাচিত
১৯৭১ ৫ম লোকসভালৈ নিৰ্বাচিত
১৯৭৭ ৬ষ্ঠ লোকসভালৈ নিৰ্বাচিত
১৯৮৩ সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ যুটীয়া সম্পাদক
১৯৮৩ ৭ম লোকসভালৈ নিৰ্বাচিত
১৯৮৫ সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ সাধাৰণ সম্পাদক
১৯৮৬-৯০ অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটিৰ সভাপতি
১৯৯১ ১০ম লোকসভালৈ নিৰ্বাচিত
১৯৯১-১৯৯৩ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী
১৯৯৩-১৯৯৫ কেন্দ্ৰীয় চৰকাৰৰ Food Processing Industry দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী
১৯৯৭ অসম বিধান সভালৈ বিধায়ক ৰূপে নিৰ্বাচিত
১৯৯৮ ১২শ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত আৰু বিধায়ক পদ ত্যাগ
১৯৯৯ ১৩শ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত
১৯৯৮-৯৯ কমিটি অৱ গৱৰ্ণমেণ্ট এচুৰেঞ্চৰ সদস্য
১৮ মে’ ২০০১ অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ
ছেপ্তেম্বৰ ২০০১ অসম বিধান সভাৰ সদস্য ৰূপে নিৰ্বাচিত সাংসদ পদ ত্যাগ
মে’ ২০০৬ তিতাবৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ
মে’ ২০১১ তিতাবৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ
মে’ ২০১৬ তিতাবৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি