| | | |

ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি মোবাৰক হুছেইন

ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি পদত যোগদান কৰে এসময়ৰ আমছু নেতা মোবাৰক হুছেইনে৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা-কৰ্মীসকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৷ শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, এআইইউডিএফৰ দৰে পিছ পৰি ৰোৱা নাই ৰাষ্ট্ৰীয় উলমা কাউঞ্চিল নামৰ দলটো৷ বিভিন্ন সময়ত পিছ পৰি থকা লোকৰ কাষত থিয় হোৱা ৰাষ্ট্ৰীয় উলমা কাউঞ্চিলে আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰচাৰ অভিযান চলাই আছে৷ তেনে কৰ্মসূচীৰ অংশস্বৰূপে অসম ৰাজ্যিক উলামা কাউঞ্চিলৰ সভাপতি উবাইদুৰ ৰহমান কাছিমীৰ নেতৃত্বত নগাঁও জিলাৰ সভাপতি হিচাপে প্ৰাক্তন আামছু নেতা মোবাৰক হুছেইনে যোগদান কৰে৷ উল্লেখ্য যে অসম ৰাজ্যিক উলামা কাউঞ্চিলৰ সভাপতি কছিমীয়ে জনায় যে আগন্তুক ২০২১ চনৰ নিৰ্বাচনত নগাঁও জিলাৰ