Weather Data Source: wetter Bangalore 14 tage

June 15, 2025 11:30 am

Home » আঞ্চলিক » অসম » অসমৰ ৰাজনীতিত ধুমুহা ! উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশত

অসমৰ ৰাজনীতিত ধুমুহা ! উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশত

গুৱাহাটী:বিধানসভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে উচ্চতম ন্যায়লয়ৰ এই নিৰ্দেশে এতিয়া বহুকেইজন ৰাজনৈতিক নেতাৰ টোপনি হৰিছে৷

অপৰাধমুক্ত ৰাজনৈতিক ক্ষেত্ৰক লৈ এইবাৰ কঠোৰ সৰ্বোচ্চ ন্যায়ালয়৷ ন্যায়ালয়ে এখন বিশেষ পত্ৰৰ জৰিয়তে ৰাজনীতিকৰ বিৰুদ্ধে থকা গোচৰৰ খৰটকীয়া  নিষ্পত্তিৰ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ৩/২০২০ নম্বৰৰ লেখ আবেদন গ্ৰহণ কৰিছে গুৱাহাটী  উচ্চ ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ে গোচৰৰ ক্ষীপ্ৰ নিষ্পত্তিৰ নিৰ্দেশ দিছে নিম্ন আদালতক৷ দোষী সাব্যস্ত ৰাজনৈতিক নেতাই খেলিব নোৱাৰিব নিৰ্বাচন৷ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছত এতিয়া ধুমুহা বলিছে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত৷ কাৰণ সমাগত নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিজন ৰাজনৈতিক নেতা৷

সাম্প্ৰতিক সময়ত ৰাজ্যৰ ২৪গৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আছে ৩৩টাকৈ গোচৰ৷ য’ত বহুকেইজন শাসকীয় দলৰ বিধায়কৰো নাম সন্নিৱিষ্ট আছে৷ এইসকল ৰাজনৈতিক নেতাৰ ভিতৰত সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে আছে ৪টা গোচৰ৷ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৩টা গোচৰ আছে৷ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ২টা গোচৰ, বিধায়ক কুশল দুৱৰীৰ বিৰুদ্ধে ২টা গোচৰ, বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে ২টা গোচৰ, AIUDFৰ আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে ২টা গোচৰ, তৰুণ গগৈৰ বিৰুদ্ধে এটা গোচৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এটা গোচৰ, হৰেণছিং বেৰ বিৰুদ্ধে এটা গোচৰ, সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ১টা গোচৰ, সাংসদ সুস্মিতা দেৱৰ বিৰুদ্ধে এটা গোচৰ, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক এ কে ৰচিদ আলমৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক দীপক ৰাভাৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক নৰেণ সোণোৱালৰ বিৰুদ্ধে আছে এটা গোচৰ৷

আনহাতে, কংগ্ৰেছৰ জামালুদ্দিন আহমেদৰ বিৰুদ্ধে এটা, প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ বিৰুদ্ধে এটা, প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে এটা, শ্বাহ আলমৰ বিৰুদ্ধে এটা, আতাউৰ ৰহমান মাজাৰ ভূঞাৰ বিৰুদ্ধে এটা, ৰচুল হক বাহাদুৰৰ বিৰুদ্ধে এটা, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ বিৰুদ্ধে এটা গোচৰ আছে।

ৰাহুল গান্ধীৰ বিৰুদ্ধেও অসমত বিচাৰাধীন হৈ আছে এটা গোচৰ৷ এইসকলৰ বিৰুদ্ধে থকা গোচৰত যদি কোনোজন দোষী সাব্যস্ত হয় তেন্তে তেওঁলোকে ৰাজনৈতিক পথাৰৰ পৰা ল’ব লাগিব বিদায়৷ আগন্তুক বিধানসভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে উচ্চতম ন্যায়লয়ৰ এই নিৰ্দেশে এতিয়া বহুকেইজন ৰাজনৈতিক নেতাৰ টোপনি হৰিছে৷ কাৰণ দোষী সাব্যস্ত হ’লেই এৰিব লাগিব ৰাজনৈতিক ক্ষেত্ৰ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি