Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:54 pm

Home » সম্পাদকীয় » আজিৰ চিন্তা » শিশু দিৱস নে সমবায় দিৱস ! ইয়াৰ প্ৰয়োজনীয়তা আৰু নিষ্ঠুৰ বিতৰ্ক।

শিশু দিৱস নে সমবায় দিৱস ! ইয়াৰ প্ৰয়োজনীয়তা আৰু নিষ্ঠুৰ বিতৰ্ক।


@ মহিবুল মণ্ডল 

আজিৰ শিশু কাইলৈ নাগৰিক। শিশুসকল জাতিৰ অমূল্য সম্পদ। ১৯৫৪ চনত ৰাষ্ট্ৰসংঘই বিশ্ব-সমাজত শিশুৰ গুৰুত্ব অনুধাৱন কৰি শিশু দিৱস উদ্‌যাপন কৰাৰ সিদ্ধান্ত লৈ ৰাষ্ট্ৰসমূহক কোনো গুৰুত্বপূৰ্ণ দিন অনুযায়ী এই দিন পালনৰ বাবে আহ্বান জনায়। ভাৰতত জৱাহৰলাল নেহৰুৰ জন্ম দিনত অৰ্থাৎ ১৪ নবেম্বৰত শিশু দিৱস উদ্‌যাপন কৰা হয়। 
কিন্ত্ত আমাৰ সমাজত সঘনাই পৰিলক্ষিত হোৱা এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে এই মহান ব্যক্তিসকলক আমি তেঁওলোকৰ স্মৰণীয় দিনটোতহে স্মৰণ কৰো। পৰিতাপৰ কথা যে, আমাৰ সমাজত শিশু শ্ৰমিক এতিয়া ‘ঘাটে-বাটে’!! এইখন ভদ্ৰলোকৰ সমাজত আজিও কন্যা সন্তান লাঞ্চিত হৈ আছে, শিশু-নাবালিকা ধৰ্ষিতা হৈ আছে। 
তদুপৰি আইনগত ভাবে অপৰাধ যদিও আজিও কন্যা ভ্ৰুণ হত্যা কৰা হয়, বহু শিশু এতিয়াও অনাহাৰে-অৰ্দ্ধাহাৰে কাল কটাইছে, দৰিদ্ৰতাৰ কবলৰ পৰা ৰক্ষা পাবলৈ বহু শিশুয়ে ফুলকুমলীয়া বয়সতে আনৰ গোলাম হৈছে! তেন্তে শিশু দিৱস উদযাপনৰ প্ৰাসংগিকতা ক’ত? 
লক্ষ্যণীয় যে,হেজাৰ টকা খৰচ কৰি সেই মহান ব্যক্তিজনৰ নামত আমি ‘শিশু দিৱস’ উদযাপন কৰো, কিন্ত্ত ‘নেহেৰু খুড়া’ৰ সেই ‘শিশু প্ৰেম’ আমাৰ মাজত আছেনে? যদি আছে, তেন্তে ল’ৰা-ছোৱালীৰ মাজত প্ৰভেদ কিয়? পৃথিৱীলৈ অহাৰ আগতে কন্যাভ্ৰুণ হত্যা কিয়? বৰ-বৰ ব্যক্তিসকলে নিস্পাপ শিশুৰ ওপৰত দুৰ্ব্যাৱহাৰ, নিৰ্যাতন চলায় কিয়? আৰু যদি সেই প্ৰেম নাই আমি ‘শিশু দিৱস’ কাৰ কাৰণে আৰু কিয় উদযাপন কৰো? এনেকুৱা পৰিস্থিতিত আমি ‘শিশু দিৱস’ উদযাপন কৰি কিবা লাভবান হ’ম নে? 
২০২০-২১ বর্ষৰ কেন্দ্রীয় বাজেট উপস্থাপনৰ সময়ত কেন্দ্রীয় বিত্ত মন্ত্রীগৰাকীয়ে তিনিটা মূল বিষয়ৰ (Theme)ৰ বিষয়ে উল্লেখ কৰিছিল– ক্রমে উচচাকাংক্ষা ভাৰত (Inspirational India)়, অর্থনৈতিক উন্নয়ন (Economic Development) আৰু লাভবিহীন সমাজ (Caring Society)৷ এই মূল বিষয়কেইটাৰ ভিতৰত শিক্ষা আৰু দক্ষতাৰ (Education and skill) বাজেটত Inspirational India বুলি নামকৰণ কৰিছিল৷ 
কিয়নো এখন দেশৰ সামগ্রিক উন্নয়নৰ বাবে শিক্ষা আৰু দক্ষতাই হৈছে মূল উপাদান বা কাৰক (Factor)৷ দেশে আশা কৰিছে যে ২০৩০ চনত বিশ্বৰ ভিতৰতে সর্বাধিক (working age population) কর্মী জনসংখ্যাৰ দেশৰূপে পৰিগণিত হ’ব৷ সেয়েহে এফালে শিক্ষা আৰু আনফালে দক্ষতা উভয়ৰে প্রয়োজন, তদুপৰি প্রস্তাৱিত নতুন শিক্ষানীতিৰ সম্পর্কত দুই লাখতকৈ অধিক পৰামর্শ দেশৰ জনসাধাৰণে পঠাইছে বুলি সদনক বিত্ত মন্ত্রীগৰাকীয়ে অৱগত কৰিছিল৷ 
দেশৰ মহিলা, শিশু আৰু সমাজ কল্যাণৰ বাবে বাজেটত বহু আঁচনি উল্লেখ আছ়ে, অংগনৱাড়ী কেন্দ্রত কর্মৰত মহিলাক স্মার্টফ’ন দিয়াৰ ব্যৱস্থা়, পৰিপুষ্টি আঁচনিবিলাকৰ বাবে ২০২০-২১ বিত্তীয় বর্ষত ৩৫,৬০০ কোটি আবণ্টন় দিছে ।লগতে ‘বেটি বচাও, বেটি পঢ়াও’ আঁচনিৰ বাবে সুকিয়া বাজেট ৰাখিছে। 
পৰিতাপৰ বিষয় যে , ১৪ নবেম্বৰত শিশু দিৱস উদ্‌যাপন কৰা হয় যদিও এই দিনটোৰ পাই যে সমগ্ৰ দেশত সমবায় সপ্তাহ পালন কৰিব লাগে তাৰ প্ৰতি চৰকাৰ তথা ৰাইজে বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত নহয় । লক্ষ্যণীয় যে, সম্প্ৰতি সময়ত শিশু দিৱস উদ্‌যাপন গুৰুত্ব আৰু সমবায় সপ্তাহৰ গুৰুত্ব কোনো গুনেই কম নহয় । 
মহাত্মা গান্ধীয় কৈ গৈছে- ভাৰতবৰ্ষৰ ভৱিষ্যত নিৰ্ভৰ কৰিব ইয়াৰ গাওঁবোৰৰ ওপৰত ।ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ হোৱা স্বত্বেও, সামাজিক আৰু অৰ্থনৈতিক খণ্ডত বহু পিচ পৰি থাকিল আজিকোপতি । লক্ষণীয় যে, গ্ৰামীণ খণ্ড নিজে মূখ্য বৰঙণিদাতা জাতীয় আয়ৰ সৰ্বমূঠ জিডিপিৰ, তথাপি গাওঁবোৰত উন্নতিৰ অভাৱ! 
কাৰন সমবায় সমিতিবোৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে যদিও গ্ৰাম্য খণ্ডৰ উন্নতিৰ কাৰণে চৰকাৰ তথা ব্যক্তিগত খণ্ডত ভাৰতে মুঠ অৰ্থনীতিলৈ উল্লোখযোগ্য বৰঙণি হিচাপে পৰিগনিত কৰিব পৰা নাই । 
উল্লেখ্য যে, সমবায়ৰ মূখ্য উদ্দেশ্য আছিল ঋণগ্ৰস্ত আৰু দুখীয়া খেতিয়ক সকলৰ দাৰিদ্ৰতা দূৰ কৰা আৰু মহাজনৰ হাতৰ মুঠিৰ পৰা উদ্ধাৰ কৰা । আমাৰ দেশৰ আৰ্থ-সামাজিক উন্নতিৰ কাৰণে, বিশেষকৈ গ্ৰামাঞ্চলত । ভাৰতত গ্ৰামাঞ্চলত চাৰি প্ৰকাৰৰ সমবায় আছে । সেইবোৰ হ`ল : 
  • প্ৰাথমিক কৃষি ঋণদান বা সেৱামূলক সমিতি
  • কৃষিভিত্তিক ঋণহীন সমিতি
  • সমবায় কৃষি পাম সমিতি
অসম কৃষিভিত্তিক সমবায় সমিতি – গোপালন,মীন,কৃষি উদ্যান, তাঁতশাল, পাট-মূগা, থলুৱা হস্ত শিল্প আৰু শিল্পী ইত্যাদি । উল্লেখ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে কৈছে যে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিক(জুলাই-ছেপ্টেম্বৰ)ত দেশৰ জিডিপি বিগত বৰ্ষৰ তুলনাত ৮.৬% হ্ৰাস পাব৷ ক্ৰমাগতভাৱে দুটা ত্ৰিমাসিকত জিডিপি সংকুচিত হোৱাৰ ফলস্বৰূপে দেশত মন্দাৱস্থাৰ উমান পোৱা গৈছে৷ অৰ্থশাস্ত্ৰমতে, যেতিয়া দুটা বা ততোধিক ত্ৰিমাসিকত ক্ৰমাগতভাৱে জিডিপি বৃদ্ধি ঋণাত্মক হয়, তেতিয়া সেই অৰ্থনৈতিক অৱস্থাক মন্দাৱস্থা বুলি কোৱা হয়৷ 
ক’ৰ’ণা মহামাৰী আৰু লকডাউনৰ ফলস্বৰূপে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত জিডিপি ২৩.৯ শতাংশ সংকুচিত হৈছিল৷ দ্বিতীয়টো ত্ৰিমাসিকৰ চৰকাৰী তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও কেন্দ্ৰীয় বেংকৰ অনুসন্ধানকাৰীয়ে তৎকালীন পূৰ্বানুমান বিধি প্ৰয়োগেৰে অনুমান কৰিছে যে দ্বিতীয়টো ত্ৰিমাসিকৰ জিডিপি ৮.৬ শতাংশ সংকুচিত হৈছে৷ 
ৰিজাৰ্ভ বেংক অৱ্ ইণ্ডিয়াৰ মাহিলী বুলেটিন অলপতে প্ৰকাশ পাইছে আৰু তাত এই তথ্য প্ৰকাশ কৰা হৈছে৷ ৰিজাৰ্ভ বেংক অৱ্ ইণ্ডিয়াৰ গৱেষক পংকজ কুমাৰৰ দ্বাৰা তৈয়াৰ কৰা অধ্যয়ন ৰিপোৰ্টত কোৱা হৈছে যে ২০২০-২১ চনৰ প্ৰথম ছমাহত দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আৰ্থিক গতিবিধি মন্দাৱস্থাৰ ফালে ঢাল খাইছে৷ 
এতিয়া আমাৰ প্ৰশ্ন হ’ল- মোবাইল হেলো টোনৰ জড়িয়তে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল আৰু বিত্তীয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিশু দিৱসৰ শুভেচ্ছা জনাইছে ভাল কথা কিন্তু দেশৰ এনে মন্দাৱস্থাৰ প্ৰতি লক্ষ্যৰাখি সমবায় সপ্তাহ প্ৰংগত ৰাইজক উদ্দেশি কিছু মেছেচ দিয়াৰ প্ৰযোজন নাছিল নেকি ? 
কাৰন যি গৰাকী মহান ব্যক্তি জৱাহৰলাল নেহৰুৰ জন্ম দিনৰ লগত সংগতি ৰাখি শিশু দিৱস উদ্‌যাপন কৰা হয় সেই একে গৰাকী মহান ব্যক্তি জৱাহৰলাল নেহৰুৰ জন্ম দিনৰ লগত সংগতি ৰাখি সমবায় সপ্তাহও পালন কৰা হয় । সম্প্ৰতি সময়ত শিশু দিৱস বনাম সমবায় দিৱসৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিলে এয়া যেন এটি নিষ্ঠুৰ বিতৰ্ক হিচাপে পৰিগনিত হ’ব । 
ফোন : ৯৬৭৮২৪৩৭০৫

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি