Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:57 pm

Home » Uncategorized » পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বৰপেটাত “ইজা”ৰ পথসভা

পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বৰপেটাত “ইজা”ৰ পথসভা

বৰপেটা : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিশিষ্ট, সৎ, নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীৰে আজি ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচন চমুকৈ “ইজা”ৰ বৰপেটা জিলা সমিতিয়ে ৰূপায়ন কৰে প্ৰতিবাদী পথসভা। বৰপেটাৰ কয়াকুছি তিনিআলিত কয়াকুছি ৰাইজৰ সহযোগত ৰূপায়ন কৰা এই কাৰ্যসূচীত পৰাগ ভূঞাৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে সমিতিয়ে। লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে সমিতিয়ে। 

“ইজা”ৰ জিলা সমিতিৰ সভাপতি আব্দুল জলিলে সাংবাদিক পৰাগ ভূঞাৰ দৰে এগৰাকী নিৰ্ভীক আৰু স্পষ্টবাদী সাংবাদিকক দুষ্টচক্ৰই হত্যা কৰি সাংবাদিকৰ বাক স্বাধীনতা খৰ্ব কৰিব বিছাৰিছে বুলি কোৱাৰ লগতে দেশত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে পৰিচিত সংবাদ মাধ্যমৰ ওপৰত নিৰ্মম অত্যাচাৰ অব্যাহত আছে বুলিও ব্যক্ত কৰে। পৰাগৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি নিদিলে ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনে সমগ্ৰ দেশতে আন্দোলন কৰিব বুলি জনায় তেওঁ। 
জিলা সমিতিৰ সাধাৰণ সম্পাদক মনজিৎ দাসে পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায়। সাংবাদিকৰ সুৰক্ষা নিশ্চিত হব পৰাকৈ আইন প্ৰণয়ন কৰাৰ বাবে চৰকাৰলৈ দাবী জনায় তেওঁ। জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আজিজুল হকে এই ঘটনাৰ বাবে ঘোষণা কৰা চি আই ডি ৰ তদন্তৰ নামত যাতে কোনো ধৰণৰ ভেকোঁভাওনা নহয় তাৰ প্ৰতি দৃষ্টি ৰখাটো চৰকাৰৰ দ্বায়িত্ব বুলি কয়। সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাৰীক গণতন্ত্ৰৰ হত্যাকাৰী বুলি মতপোষণ কৰে সাংবাদিক তথা কাৰ্যকৰী সভাপতি আজিজুল হকে। লগতে পৰাগ ভূঞাৰ পৰিয়ালৰ লোকক অসম চৰকাৰে অতি কমেও ত্ৰিছ লাখ টকা ক্ষতিপূৰণ হিচাপে বাবে দাবী জনায় তেওঁ।
জিলা সমিতিৰ উপদেষ্টা তথা সাংবাদিক ৰহুল আমিনে সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ডই গনতন্ত্ৰৰ হত্যাযজ্ঞ চলা ইংগিত বহন কৰিছে বুলি মতপোষণ কৰে। সভাত উপস্থিত থাকি অধ্যাপক আব্দুছ ছাত্তাৰ চৌধুৰীয়ে পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ উচিত তদন্ত হোৱাটো কামনা কৰে। সমিতিৰ উপ সভাপতি প্ৰদীপ দাসে পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি শাস্তি প্ৰদান নকৰিলে গণতন্ত্ৰৰ শত্ৰুস্বৰূপ সেই অপশক্তিয়ে উৎসাহ পাব বুলি মতপোষণ কৰে। এই সভাত বৰপেটা জিলা সমিতিৰ সমুহ বিষয়ববীয়া, জিলাখনৰ অন্য প্ৰান্তৰ সাংবাদিকৰ লগতে কয়াকুছি অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি পৰাগ ভূঞাৰ ঘটনাক একেস্বৰে ধিক্কাৰ দিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি