তুমি শিশু
@ আছফিয়া আহমেদ
প্ৰভাতীৰ কোমল সুৰুযৰ ৰঙেৰে উদ্ভাসিত
মৰমৰ স্পৰ্শৰে মাতৃ হৃদয় আলোকিত কৰা
তুমি শিশু….
তোমাৰ কলকলনিত জাগ্ৰত হয়
কঠোৰ হৃদয়তো আবেগৰ জোৱাৰ
শৈশৱৰ সকলো ৰঙ সাৱটি
মুক্ত বিহংগৰ তুমি দেৱশিশু
খিল খিল হাঁহিৰে তুমি
উজলাই পেলোৱা চৌদিশ
তোমাৰ নিষ্পাপ মৃদু চাৱনিত
হেজাৰ ফুলে সৌগন্ধ বিলায়
তোমাৰ দুচকুৰ নিৰাকাৰ সপোনবোৰক
সাকাৰ ৰূপ দিয়াত
তোমাৰ সৰলতাবোৰ
হেৰাই নেপেলাবা
এই ডিজিটেল পৃথিৱীৰ বুকুত
সুন্দৰ আচৰণ…সুন্দৰ ব্যৱহাৰেৰে
মোহাচ্ছন্ন কৰি পেলোৱা
যান্ত্ৰিকতাত জীৱনৰ ছন্দ
হেৰুওৱা মনবোৰক…
তোমাৰ দীপ্ত দুচকুত সিঁচি লোৱা
ভৱিষ্যত গঢ়াৰ কিছু সেউজীয়া অনুভৱ । ।