Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:10 pm

Home » Uncategorized » নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টাত একাংশ চৰকাৰী বিষয়া অৱতীৰ্ণ হোৱাৰ গুৰুতৰ অভিযোগ

নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টাত একাংশ চৰকাৰী বিষয়া অৱতীৰ্ণ হোৱাৰ গুৰুতৰ অভিযোগ

 একাংশ চৰকাৰী বিষয়াৰ বাবে আগন্তুক নিৰ্বাচনত বিপদত পৰিব বিজেপি! কোন এইসকল বিষয়া?

যোৰহাটৰ বিভিন্ন চৰকাৰী বিভাগৰ মাজত থকা সমন্বয়হীনতাৰ বাবেও বহু চৰকাৰী প্ৰকল্প ৰূপায়ণত বিলম্ব ঘটিছে তথা ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে জনসাধাৰণ।নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টাত একাংশ চৰকাৰী বিষয়া অৱতীৰ্ণ হোৱাৰ গুৰুতৰ অভিযোগ উৎথাপন হৈছে। একাংশ চৰকাৰী বিষয়াই উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণত বিধিপথালি দি কংগ্ৰেছৰ হৈ কাম কৰি যোৱাৰো গুৰুতৰ অভিযোগ উঠিছে। কিন্তু শেহতীয়াকৈ এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ আগবাঢ়িছে বিজেপি নেতৃত্ব।নিৰ্বাচনৰ পূৰ্বে একাংশ চৰকাৰী বিষয়াৰ বিৰুদ্ধে যোৰহাটত উঠিছে এই গুৰুতৰ অভিযোগ।

বিজেপি দলৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইসকল চৰকাৰী বিষয়াৰ বিৰুদ্ধে। একাংশ চৰকাৰী বিষয়াৰ বাবে যোৰহাটত এইবাৰ আগন্তুক নিৰ্বাচনত শ’লঠেকত পৰাৰ দিশে আগবাঢ়িছে বিজেপি। যোৰহাটৰ একাংশ চৰকাৰী বিষয়াই কংগ্ৰেছৰ হৈ কাম কৰি থকাৰ সন্দেহ ব্যক্ত কৰিছে যোৰহাট জিলা বিজেপিৰ নেতৃত্বই। বৰ্তমান যোৰহাটৰ এই প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰিছে বিজেপিৰ শীৰ্ষ মহলত।

চৰকাৰে বিভিন্ন চৰকাৰী আঁচনিৰ দ্ৰুত ৰূপায়ণৰ বাবে বিপুল পৰিমাণৰ পুঁজি মুকলি কৰি দিছে। উন্নয়নক আগত লৈ বিজেপি দলে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে যদিও বৰ্তমান এইক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে এইসকল চৰকাৰী বিষয়া। যোৰহাটৰ গড়কাপ্তানি বিভাগৰ পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা, আৰবান পানী যোগান প্ৰকল্পসমূহৰ শীৰ্ষ নেতৃত্বকে ধৰি বহুকেইটা বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ পত্ৰ লিখিছে যোৰহাটৰ বিজেপিৰ জিলা সভাপতিগৰাকীয়ে। গড়কাপ্তানি বিভাগৰ যোৰহাট , তিতাবৰ আৰু দেৰগাঁও ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে কংগ্ৰেছৰ হৈ কৌশলেৰে কাম কৰি থকাৰ অভিযোগ।

এই ঘটনাসমূহ দৃষ্টিগোচৰ হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিজেপিৰ ভিতৰচৰাত। সেয়েহে অচিৰেই যোৰহাটৰ একাংশ চৰকাৰী বিষয়া বদলি হোৱাটো নিশ্চিত হৈ পৰিছে। নিৰ্বাচনৰ পূৰ্বে বিভিন্ন কৌশলেৰে বিজেপিক শ’লঠেকত পেলোৱাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উঠিছে এইসকল বিষয়াৰ বিৰুদ্ধে।

এইসকল বিষয়াই বহু আঁচনিৰ দ্ৰুত ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা নাই। আমি ভাবিছো নিৰ্বাচনৰ পূৰ্বে বিজেপিক শ’লঠেকত পেলাবলৈ এয়া এক কৌশল। একাংশ বিষয়াই কংগ্ৰেছৰ কথা মতে কাম কৰি আছে। যোৰহাটৰ গড়কাপ্তানি বিভাগকে মুখ্য কৰি বহুকেইটা বিভাগৰ একাংশ বিষয়া সন্দৰ্ভত মই মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানি মন্ত্ৰীলৈ পত্ৰ লিখিছো।”, যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাসে এনেদৰে কয়।

যোৰহাটৰ বিভিন্ন চৰকাৰী বিভাগৰ মাজত থকা সমন্বয়হীনতাৰ বাবেও বহু চৰকাৰী প্ৰকল্প ৰূপায়ণত বিলম্ব ঘটিছে তথা ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে জনসাধাৰণ। সময় থাকোতেই এইসকল চৰকাৰী বিষয়াক নিয়ন্ত্ৰণ নকৰিলে ইয়াৰ ফলত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা ক্ষোভৰ প্ৰত্যক্ষ প্ৰভাৱ আগন্তুক নিৰ্বাচনত পৰাটো নিশ্চিত। সেই কথা উপলব্ধি কৰিয়েই যোৰহাটত শেহতীয়াকৈ তৎপৰ হৈ পৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি