|

৫ মিনিটত ৭টা গুৰুত্বপূৰ্ণ সংবাদ…

· ৰাজ্যত অব্যাহত আছে সাংবাদিক নিগ্ৰহৰ ঘটনা  · বাহনৰ খুন্দাত মৃত্যু বিশিষ্ট সাংবাদিক পৰাগ ভূঞা  · পুনৰ অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ SI পৰীক্ষা  · দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজয় উৎসৱ উদযাপন  · ‘অসম দৰ্শন’ আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদান  · প্ৰসিদ্ধ চিত্ৰশিল্পী তথা কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ মৃত্যু  · গোৱালপাৰা জিলাই লাভ কৰিলে ৰাষ্ট্ৰীয় জল বঁটা

| | |

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু : হত্যাৰ অভিযোগ স্থানীয় লোকৰ

গুৱাহাটী:কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট সাংবাদিক নৱগঠিত অসম জাতীয় পৰিষদ দলৰ আহ্বায়ক জগদীশ ভূঞাৰ ভাতৃ পৰাগ ভূঞাৰ এক অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হৈছে।ঘটনা বিৱৰণীৰ অনুসৰি বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ বিশিষ্ট সাংবাদিক গৰাকীক নিজ বাসগৃহৰ সন্মুখতে এখন অচিনাক্ত বাহনে মহতিয়াই থৈ যোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে সাংবাদিক গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে গুৰুতৰভাৱে আগাতপ্ৰাপ্ত সাংবাদিক গৰাকীৰ মৃত্যু হয়।সাংবাদিক পৰাগ ভূঞাৰ মৃ্ত্যুত কাকপথাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। নীতিনিষ্ঠ সাংবাদিক গৰাকীয়ে সাংবাদিকতাৰ জীৱনত দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন বাতৰি পৰিৱেশন কৰি দুষ্ট চক্ৰৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল বুলি জানিব পৰা গৈছে।স্থানীয় লোকৰ লগতে সাংবাদিকসকলে সাংবাদিক গৰাকীক পৰিকল্পিতভাৱে দুৰ্ঘটা সংঘটিত কৰি হত্যা কৰা বুলি দাবী