Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:38 pm

Home » আঞ্চলিক » অসম » চলিত মাহৰ ২২ নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ SI পৰীক্ষা

চলিত মাহৰ ২২ নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ SI পৰীক্ষা

গুৱাহাটী: অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব।ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। চলিত মাহৰ ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা।প্ৰাৰ্থীসকলে চলিত মাহৰ ১৬ তাৰিখৰ পৰা এই লিখিত পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি জনাইছে ব’ৰ্ডে।ব’ৰ্ডৰ ৱেটাইটত slprbassam.in. পৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাউনল’ড কৰিব লাগিব।

চলিত মাহৰ ২২ নৱেম্বৰ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ এই পৰীক্ষা দুপৰীয়া ১২.০০ টা বজাৰপৰা বিয়লি ২.০০ বজালৈ অনুষ্ঠিত হ’ব।পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত আঢ়ৈ ঘণ্টাৰ আগতে উপস্থিত হ’বলৈ নিৰ্দেশ দিছে ব’ৰ্ডে।

কোভিড প্ৰট’কল মানি চলিবগীয়া হোৱাৰ বাবেই পুৱা ৯.৩০ বজাত পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি ব’ৰ্ডে জনাইছে।উল্লেখ্য যে অসম আৰক্ষীৰ ৫৮৯ টা উপ পৰিদৰ্শকৰ পদৰ বাবে যোৱা ২০ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও ১৫ মিনিট অতিক্ৰম কৰাৰ পিছতে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰা হয়।

ইতিমধ্যে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত অভিযুক্ত কেবাজনকো চিআইডি-এ গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি