Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:57 am

Home » আঞ্চলিক » অসম » আইনৰ আওতালৈ আহিব অনলাইন নিউজ প’ৰ্টেল আৰু মনোৰঞ্জনধৰ্মী প্লেটফৰ্মসমূহ

আইনৰ আওতালৈ আহিব অনলাইন নিউজ প’ৰ্টেল আৰু মনোৰঞ্জনধৰ্মী প্লেটফৰ্মসমূহ

নতুন দিল্লী : এতিয়াৰে পৰা আইনৰ আওতালৈ আহিব অনলাইন নিউজ প’ৰ্টেল আৰু মনোৰঞ্জনধৰ্মী প্লেটফৰ্মসমূহ। কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্ৰণয়নৰ জৰিয়তে এই প’ৰ্টেল তথা ৱেব প্লেটফৰ্মসমূহ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিছে। চৰকাৰে অনলাইন নিউজ প’ৰ্টেল আৰু ডিজিটেল কণ্টেণ্ট প্ৰদানকাৰীক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত আনিবলৈ এক নিৰ্দেশ জাৰি কৰিছে। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰদ্বাৰা স্বাক্ষৰিত অধিসূচনা সোমবাৰে জাৰি কৰা হৈছিল। বৰ্তমানলৈকে ডিজিটেল কণ্টেণ্ট নিয়ন্ত্ৰণ কৰা কোনো আইন বা নিয়ন্ত্ৰণ সংস্থা ভাৰতত নাই। প্ৰেছ কাউন্সিল অব ইণ্ডিয়াই ছপা মাধ্যমক নিয়ন্ত্ৰণ কৰে, নিউজ ব্ৰডকাষ্টাৰ এছ’চিয়েচনে (এনবিএ) নিউজ চেনেলসমূহ নিৰীক্ষণ কৰে, ভাৰতৰ বিজ্ঞাপন মানক কাউন্সিলে বিজ্ঞাপন আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ ব’ৰ্ডে (চিবিএফচি) চিনেমাসমূহৰ নিৰীক্ষণ কৰে।

কিন্তু ডিজিটেল কণ্টেণ্ট বা সমল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা এতিয়ালৈকে লোৱা হোৱা নাছিল৷ বিগত মাহত উচ্চতম ন্যায়ালয়ে এটা স্বয়ংসম্পূৰ্ণ সংস্থাৰদ্বাৰা অ’টিটি প্লেটফৰ্ম নিয়ন্ত্ৰণৰ বাবে কৰা আবেদন সন্দৰ্ভত কেন্দ্ৰৰ সঁহাৰি বিচাৰিছিল। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ইণ্টাৰনেট এণ্ড ম’বাইল এছ’চিয়েচন অব ইণ্ডিয়ালৈ এই বিষয়ত জাননী প্ৰেৰণ কৰে।

অ’টিটি প্লেটফৰ্মত নিউজ প’ৰ্টেল আৰু হটষ্টাৰ, নেটফ্লিক্স আৰু আমাজন প্ৰাইম ভিডিঅ’ আদিৰ দৰে ষ্ট্ৰীমিং সেৱাও অন্তৰ্ভুক্ত থাকে, যিবোৰ ইণ্টাৰনেটত প্ৰৱেশযোগ্য বা অপাৰেটৰৰ নেটৱৰ্কত চলাব পাৰি। অৱশ্যে অ’টিটি/ষ্ট্ৰীমিং আৰু বিভিন্ন ডিজিটেল প্লেটফৰ্মত চিনেমা নিৰ্মাতা আৰু শিল্পীসকলে চেন্সৰ বোৰ্ডৰপৰা তেওঁলোকৰ চিনেমা আৰু ছিৰিজসমূহৰ বাবে ক্লিয়াৰেন্স প্ৰমাণপত্ৰ লাভ কৰাৰ বিষয়ে চিন্তিত নোহোৱাকৈ তেওঁলোকৰ কণ্টেণ্ট মুকলি কৰাৰ ব্যৱস্থা প্ৰদান কৰিবলৈ আবেদনখনত কোৱা হৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ইয়াৰ পূৰ্বে এক পৃথক বিষয়ত শীৰ্ষ আদালতক কৈছিল যে, ডিজিটেল মাধ্যম নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু আদালতে প্ৰথমে মিডিয়াত হিংসাত্মক মন্তব্য নিয়ন্ত্ৰণ সম্পৰ্কত নিৰ্দেশনা নিৰ্ধাৰণ কৰাৰ বাবে ন্যায়ালয়ে এখন কমিটী গঠন কৰি দিব লাগে৷ বিগত বৰ্ষত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কৈছিল যে, চৰকাৰে এনে কোনো পদক্ষেপ গ্ৰহণ নকৰে যি মাধ্যমটোৰ স্বাধীনতা ব্যাহত কৰিব পাৰে, কিন্তু অভাৰ-টপ প্লেটফৰ্ম (ওটিটি) নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা থাকিব লাগে যিদৰে প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমৰ লগতে চিনেমাসমূহৰ বাবে আছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি