Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:42 pm

Home » আঞ্চলিক » অসম » মানাহপৰীয়া প্ৰেছ গীল্ডৰ বাৰ্ষিক অধিৱেশন সম্পন্ন : ডঃ মন্‌জু হালৈক মানাহপৰীয়া বৰ্ষসূৰ্য বঁটা- ২০২০ প্ৰদান

মানাহপৰীয়া প্ৰেছ গীল্ডৰ বাৰ্ষিক অধিৱেশন সম্পন্ন : ডঃ মন্‌জু হালৈক মানাহপৰীয়া বৰ্ষসূৰ্য বঁটা- ২০২০ প্ৰদান

বৰপেটাৰোড : সমাজৰ নিষ্পেষিত লোকৰ বাৰ্তা সাংবাদিকসকলে কঢ়িয়াই আনিব লাগিব৷ তেতিয়াহে সমাজ প্ৰগতিৰ দিশত অগ্ৰসৰ হ’ব৷ এই মন্তব্য– বিশিষ্ট লেখক-সাংবাদিক তথা বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নাগেশ্বৰ দাসৰ৷ ৮ নৱেম্বৰত উত্তৰ বৰপেটাৰোডৰ মানাহপৰীয়া প্ৰেছ গীল্ডৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ তেওঁ এইদৰে কয়৷ সাম্প্ৰতিক সমাজত সাংবাদিকতাক কলূষিত কৰা এচাম ন্যস্তস্বাৰ্থ জড়িত মহলক কঠোৰ সমালোচনা কৰি বিশিষ্ট লেখকগৰাকীয়ে নিৰপেক্ষ, সত্যনিষ্ঠ আৰু সৰ্বজনগ্ৰাহ্য সংবাদ পৰিৱেশনেহে সুস্থ সমাজ গঢ়িব পাৰে বুলিও তেওঁ মন্তব্য কৰে৷ 

মানাহপৰীয়া প্ৰেছ গীল্ডৰ সভাপতি হায়াত আলীৰ সভাপতিত্বত বিয়লি ৩ বজাত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে যোগদান কৰি দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক তথা বিশিষ্ট সাংবাদিক ছাহজাহান তালুকদাৰে গীল্ডৰ বাৰ্ষিক পৰিপূৰিকা আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উন্মোচনী ভাষণত সাংবাদিকগৰাকীয়ে উঠি অহা প্ৰজন্মই সৃজনীশীল কাম-কাজৰ জৰিয়তে কিদৰে আত্ম প্ৰতিষ্ঠিত হোৱাৰ লগতে সমাজক সঠিক দিশত পৰিচালিত কৰিব পাৰে তাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়৷ মানাহপৰীয়া প্ৰেছ গীল্ডৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে আঁত ধৰা মুকলি সভাত বিশিষ্ট কবি তথা বৰপেটা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা নঞ্জু দত্তয়ো চমু ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত ২০২০ বৰ্ষৰ মানাহপৰীয়া বৰ্ষসূৰ্য বঁটা বিটিএডিৰ নিকাচিস্থিত জ্ঞানপীঠ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা তথা বিশিষ্ট কবি, সাহিত্যিক-গীতিকাৰ ডঃ মন্‌জু হালৈক প্ৰদান কৰা হয়৷ বঁটাৰ লগত আছে ফুলাম গামোচা, এখনি মানপত্ৰ আৰু জাপি৷ মানাহপৰীয়া বৰ্ষসূৰ্য বঁটা- ২০২০ গ্ৰহণ কৰি বঁটাপ্ৰাপক মন্‌জু হালৈয়ে নিজৰ সৃষ্টি কৰ্মত গীল্ডৰ এই প্ৰেৰণা আৰু অধিক ত্বৰান্বিত ৰূপত প্ৰয়োগ কৰিব বুলি অনুভৱ ব্যক্ত কৰে৷ 

গীল্ডৰ সহকাৰী সম্পাদক শাজাহান আলী আহমেদে প্ৰতিবেদন পাঠ কৰা মুকলি সভাখনত কবি পাৰু মহন্ত, ফৰিদা ইয়াছমিন, মোজাম্মিল শিকদাৰ, শিক্ষক এছ আহমেদ, উদীয়মান সমাজসেৱক ৰাকেশ চক্ৰৱত¹, এন এ ৰুবুল মিৰ্জাক মানাহপৰীয়া বিশেষ বঁটা প্ৰদান কৰা হয়৷ একেদৰে সমাজ উত্তৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা গুৱাহাটীৰ ৰিয়া ফুডছ, বৰপেটাৰোডৰ শিক্ষানুষ্ঠান গ্ল’বেল ইনষ্টিটিউট, স্বেচ্চাসেৱী সংস্থা ‘ছা’ ফাউণ্ডেচন আৰু বৰপেটাৰ ট্ৰু হেল্প চেৰিটেবল ট্ৰাষ্টক বিশেষ সন্মান প্ৰদান কৰাৰ লগতে কবি মোজাম্মেল হক, বাহাদুৰ ইছলাম, মিস্ত্ৰী জাহিদুল ইছলাম, সাংবাদিক হানিফ আলী আহমেদ, চাইজুৰ ৰহমান সমাজসেৱক জছিম খান প্ৰমূখ্যে ব্যক্তি বিশেষক সম্বৰ্ধনা জনোৱা হয়৷ উক্ত মুকলি সভাতে মানাহপৰীয়া প্ৰেছ গীল্ডৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাঙ্কন আৰু বাতৰি লিখা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি