Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:53 pm

Home » আঞ্চলিক » অসম » জিতেন্দ্ৰ সিঙৰ সন্মুখতে ৰূপজ্যোতিয়ে বিচাৰিলে কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন

জিতেন্দ্ৰ সিঙৰ সন্মুখতে ৰূপজ্যোতিয়ে বিচাৰিলে কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন

 জিতেন্দ্ৰ সিঙৰ সন্মুখতে ৰূপজ্যোতিয়ে বিচাৰিলে কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন, জীতেন্দ্ৰ সিঙে ক’লে – সাংবাদিকৰ প্ৰশ্নৰ জালত ভৰি দি ৰূপজ্যোতিয়ে কয় এনে কথা

মৰিয়নীৰ বিধায়কগৰাকীয়ে সহজেই সাংবাদিকৰ প্ৰশ্নৰ জালত ভৰি দি এনে পৰিস্থিতিৰ সৃষ্টি কৰে বুলি মন্তব্য দিয়ে সিঙে।অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। APCCৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত থকা অৱস্থাতে এই মন্তব্য কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ বাবে এয়া কোনো নতুন কথা নহয়। অসমৰ প্ৰায়বোৰ সাম্প্ৰতিক ৰাজনৈতিক ঘটনাৰ ওপৰত ৰূপজ্যোতিয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংবাদ মাধ্যমত। কিন্তু এইবাৰৰ পৰিস্থিতি আছিল কিছু সুকীয়া। কাৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়কগৰাকী অসমত উপস্থিত হোৱাৰ পিছতে ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰিছিল এই দাবী।

সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্য সন্দৰ্ভত জিতেন্দ্ৰ সিঙৰ পৰা প্ৰতিক্ৰিয়া বিচৰা হৈছিল। কংগ্ৰেছৰ অসমৰ তত্বাৱধায়কগৰাকীয়ে যেন ভালদৰে বুজি পালে ৰূপজ্যোতি কুৰ্মীৰ স্বভাৱৰ কথা। ৰূপজ্যোতি কুৰ্মীক এগৰাকী অতি সহজ-সৰল নেতা বুলি কয় জিতেন্দ্ৰ সিঙে। সেয়েহে সাংবাদিকৰ শেনচকু থাকে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত। আৰু সেয়েহে মৰিয়নীৰ বিধায়কগৰাকীয়ে সহজেই সাংবাদিকৰ প্ৰশ্নৰ জালত ভৰি দি এনে পৰিস্থিতিৰ সৃষ্টি কৰে বুলি মন্তব্য দিয়ে সিঙে।

“ৰূপজ্যোতি কুৰ্মী এগৰাকী ভোলা-ভালা ব্যক্তি হয়। আপোনালোকে ৰূপজ্যোতিক ফচাই লয়। সাংবাদিকসকলে ৰূপজ্যোতিক নিজৰ প্ৰশ্নৰ জালত বন্দী কৰিবলৈ চেষ্টা কৰে আৰু ৰূপজ্যোতি কুৰ্মী বন্দী হৈ যায়। মোক কিন্তু আপোনালোকে এনেদৰে জালত পেলাব নোৱাৰিব।”, যোৰহাটত সাংবাদিকক উদ্দেশ্যি এনেদৰে কয় জিতেন্দ্ৰ সিঙে।

আনহাতে, কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্ব এজন যুৱ নেতাক দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। চিনেমাত নতুন হিৰ’-হিৰ’ইনৰ আকৰ্ষণ থকাৰ দৰে কংগ্ৰেছটো যুৱ প্ৰজন্মৰ নেতাক অধিক গুৰুত্ব প্ৰদান কৰিলে কংগ্ৰেছ হিট হোৱাটো নিশ্চিত বুলি কয় ৰূপজ্যোতি কুৰ্মীয়ে।

যোৰহাটত অনুষ্ঠিত উজনি অসমৰ পাঁচখন জিলাৰ কংগ্ৰেছ কৰ্মীসকলৰ বিশেষ সভাত উপস্থিত থকা অধিকাংশ শীৰ্ষ কংগ্ৰেছী নেতাই ২০২১ চনৰ নিৰ্বাচনত মহাজোট বন্ধনেৰে কংগ্ৰেছ জয়ী হোৱাটো নিশ্চিত বুলি কয়। আনহাতে, একাংশ কংগ্ৰেছী নেতাৰ মন্তব্যই দলটোৰ ক্ষতি কৰাৰ কথাও স্বীকাৰ কৰে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই। APCCৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতাসকলক গাঁৱে গাঁৱে সোমাই ৰাইজৰ সৈতে মিলি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি