Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:53 am

Home » আঞ্চলিক » অসম » মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই :বিধায়ক আলী আকবৰ মিঞা

মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই :বিধায়ক আলী আকবৰ মিঞা

 মই প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা, মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব, মিঞা চাহাব বুলি সম্বোধন কৰিব’মিঞাৰ অৰ্থ সন্মানীয় বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই।

‘মই বিলাসীপাৰা পশ্চিম সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা। মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব। মিঞা চাহাব বুলি সম্বোধন কৰিব।’’ – মিঞা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে ক’লে অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই।

মিঞাৰ অৰ্থ সন্মানীয় বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই। মিঞাক লৈ ইতিকিং নকৰিব।১৯৯৬ চনতে অসম বিধানসভাত মিঞা বুলি নামাতিবলৈ শাসক–বিৰোধীৰ বিধায়কক সকীয়াই থৈছিল তদানীন্তন বিধায়ক আলী আকবৰ মিঞাই।”অগপ চৰকাৰৰ দিনত মই শাসকীয় বিধায়ক আছিলো, মোক বহুতে ‘ঐ মিঞা অলপ মাত দিবচোন’ বুলি কোৱাত মই কৈছিলো – মোক মিঞা চাহাব বুলি কব”  এই মন্তব্য সংখ্যালঘু বিধায়কগৰাকীৰ।

ইফালে, শেহতীয়াকৈ মিঞা বিধায়ক নিৰ্বাচিত হ’লে বিধানসভাত সোমাব নিদিম বুলি কোৱা বিজেপি নেতাক সমালোচনা কৰি আলী আকবৰ মিঞাই কয় সেই পাবত গজা বিজেপি নেতাৰ বিৰুদ্ধে আমি সাজু আছো। আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি