Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:23 am

Home » আঞ্চলিক » অসম » চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হ’ব ৫০-৫৫, অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই চাকৰিৰ পৰা কৰিব অপসাৰণ

চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হ’ব ৫০-৫৫, অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই চাকৰিৰ পৰা কৰিব অপসাৰণ

চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হ’ব ৫০-৫৫, অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই চাকৰিৰ পৰা কৰিব অপসাৰণ । বিত্ত বিভাগে দিলে অনুমোদন। মাত্ৰ আনুষ্ঠানিকতাহে বাকী।

কেন্দ্ৰীয় চৰকাৰৰ ব্যয় সংকোচন নীতিৰ আলম লৈ ৰাজ্য চৰকাৰে হাতত লৈছে কৌশলী পদক্ষেপ। অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই  ৰাজ্য প্ৰশাসনৰ পৰা বৃহত্‍ সংখ্যক বিষয়া-কৰ্মচাৰীক অপসাৰণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰে।  ইতিমধ্যে এই সন্দৰ্ভত বিত্ত বিভাগে দিছে অনুমোদন। ইয়াৰ পৰৱৰ্তী সময়ত সংশ্লীষ্ট দুটা বিভাগৰ অনুমোদন পালেই  অহা বছৰ এপ্ৰিল, মে’ মাহৰ পৰা আৰম্ভ হ’ব চৰকাৰী কৰ্মচাৰীৰ ছাটাই অভিযান।

চৰকাৰৰ যিসমূহ বিভাগত অপ্ৰয়োজনীয় পদ আছে, আৰু সেই পদসমূহত কাৰ্যনিৰ্বাহ কৰি থকা কৰ্মচাৰীক আগতীয়াকৈ চৰকাৰে অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব।কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰেও এ, বি, চি গ্ৰুপৰ বিষয়া-কৰ্মচাৰীৰ সততা, দক্ষতা আদি দিশ পৰ্যালোচনা কৰি তিনিখন কমিটী গঠন কৰিব। আৰু কমিটীয়ে চাৰ্ভিচ ৰেকৰ্ড পৰীক্ষা কৰিব।যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে ৩০ বছৰ চাকৰি জীৱন সম্পন্ন কৰিছে। সেইসকলক চৰকাৰে আগতীয়াকৈ অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰে।

সেইদৰে বয়স ৫০-৫৫ বছৰ হোৱা কৰ্মচাৰীৰ দক্ষতা বা স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি অৱসৰ দিয়াৰ সিদ্ধান্ত ল’ব পাৰে।ইয়াৰ উপৰিও কৰ্মচাৰীৰ অপৰাধমূলক গোচৰ আছে নেকি সেয়াও পৰীক্ষা কৰিব।বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, বৰ্তমান ৰাজ্য চৰকাৰ ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। সেইদৰে প্ৰতিবছৰে কৰ্মচাৰীক দৰমহা দিয়াৰ নামত ২০-২২ কোটি টকা ব্যয় হয় চৰকাৰৰ। গতিকে ব্যয় সংকোচনৰ কাৰণে অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই  ৰাজ্য প্ৰশাসনৰ পৰা বৃহত্‍ সংখ্যক বিষয়া-কৰ্মচাৰীক অপসাৰণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি