Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:07 am

Home » আঞ্চলিক » অসম » বিষ্ণু ৰাভা উৰণীয়া সেতুৰ পৰা আতৰিল গুৰু আসন

বিষ্ণু ৰাভা উৰণীয়া সেতুৰ পৰা আতৰিল গুৰু আসন

গুৱাহাটী: অসমীয়া সমাজ জীৱনৰ এক অপৰিহাৰ্য্য অংগ নামঘৰ । সমন্নয় আৰু সংস্কৃতিৰ আঁকৰ এই নামঘৰ সমূহ মুলত প্ৰাৰ্থনা গৃহ হলেও ই অসমীয়া জীৱনৰ হৃদয় স্বৰূপ । নামঘৰে ইশ্বৰৰ প্ৰেম,গুৰুৰ প্ৰেম,মানৱ প্ৰেমৰ সন্ধান দিয়ে । নামঘৰ সমূহ হ’ল ভকত বৈষ্ণৱক জীৱন তত্বৰ সন্ধান দিয়া মৰম,স্নেহ,পৰোপকাৰ,বিণয় সুলভ শিষ্টাচাৰ আৰু সালীনতা তথা সংযমী জীৱনৰ অভ্যাস স্থলী ।

শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ অৰ্থে প্ৰথম স্থাপন কৰিছিল নামঘৰ । গুৰুজনাৰ নৱ বৈষ্ণৱ ধৰ্মৰ দুই অনুষ্ঠান ক্ৰমে নামঘৰ আৰু সত্ৰ । তেওঁ বৰদোৱাত প্ৰথমটো নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু পৰ্যায় ক্ৰমে সেই আদৰ্শৰে নামঘৰ প্ৰতিষ্ঠা হৈছিল বিভিন্ন স্থানত ।নামঘৰত থাকে চাৰিটা প্ৰধান অংশ । সেইবোৰ ক্ৰমে – নামঘৰ বা কীৰ্তন ঘৰ, মণিকূট,ছোঁঘৰ আৰু বাটচৰা । মণিকূট নামঘৰৰ প্ৰধান অংশ । নামঘৰৰ পূৱত সজা সৰু গৃহটিৰ সোমাজত কাঠৰ আসন বা থাপনা পাতি তাত দশম,কীৰ্তন,গুনমালা,নামঘোষা আদি ৰখা হয় । কাঠেৰে নিৰ্মিত এই আসনক কোৱা হয় গুৰু আসন ।

গুৰু আসন তিনি প্ৰকাৰৰ । সেয়া হ’ল সিংহাসন,গৰূডাসন,ম’ৰাসন । ৰাজহুৱা নামঘৰ সমূহত সিংহাসন প্ৰতিষ্ঠা কৰাৰ নিয়ম । সিংহাসনত তিনি খলপাৰ সাত খলপা পৰ্যন্ত হয় । এই খলপা কেইটাত দশ অৱতাৰ আৰু কৃষ্ণ লীলা হেঙুল হাইতালৰে অংকিত কৰা থাকে ।সিংহাসনৰ চাৰিটা খুৰা একেবাৰে তলত কাছ,কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত সিংহ থাকে । এই সাতটা খলপাক সপ্ত বৈকুণ্ঠৰ সৈতে তুলনা কৰা হয় । সেই সপ্ত বৈকুণ্ঠ হ’ল – শ্বেতবিলাস,শান্তনুবিলাস,পুষ্পবিলাস,পংকজ বিলাস,কনক দন্ত ,সনাতন আৰু গোলোক । সিংহাসনত থকা কাছ হৈছে ভক্তিৰ প্ৰতীক,সিংহ নামৰ প্ৰতীক আৰু হাতী হৈছে পাপৰ প্ৰতীক ।

কাছই যিদৰে তাৰ মূৰটো খোলাৰ ভিতৰত লুকুৱাই ৰাখিব পাৰে ভক্তইও নিজৰ ৰিপু সমূহ এইদৰে অৱদমন কৰিব পাৰে । ভক্তৰ হৃদয়ত পাপে প্ৰৱেশ কৰিব নোৱাৰে । কেনেৱাকৈ পাপ প্ৰৱেশ কৰিলেও তাক দমন কৰিব ৰাম নাম প্ৰমত্ত সিংহই ।সিংহাসনৰ একেবাৰে ওপৰৰ খলপাত এটা সৰু ঘৰ থাকে । ইয়াক কোৱা হয় আমহী ঘৰ । এই ঘৰৰ চাৰিওফালে চাৰিটা খুটা আৰু ওপৰত এটা কলসী থাকে । তাতে তিনিফালে কাপোৰেৰে বেৰা দি সন্মুখৰ ভাগৰ পৰা গুৰু দুজনাৰ কোনো এখন পুথি বা ভাগৱত প্ৰতিষ্ঠা কৰা হয় । গুৰু আসনৰ সন্মুখত নিতৌ পুৱা আৰু সন্ধিয়া এগচি চাকি বন্তি জ্বলাই ডবা কাহ বজাই সন্ধিয়া প্ৰসঙ্গ কৰাটো নিয়ম ।

সিংহাসন বা গুৰু আসন অসমীয়া সংস্কৃতিৰ প্ৰাণ । গুৰুজনাই কৈ গৈছে – ‘হেন মন্দিৰে ৰত্নসিংহাসনে ৷ আসন্তে বহি প্ৰভূ নাৰায়ণে ৷৷’ ইয়াত সদায় ইষ্ট দেৱতাৰ স্থান । সিংহাসনৰ চাৰিটা খুটাৰ একেবাৰে তলত চাৰিটা সিংহ আৰু তাৰ তলত বৈশ্যতা স্বীকাৰ কৰি আঠু লৈ থকা চাৰিটা হাতী থাকে। সিংহই আগ ঠেং দুখনেৰে হাতীৰ মূৰত আৰু পিছ ঠেঙে গাত ধৰি থাকে । সিংহাসনৰ সিংহ হস্তী সন্দৰ্ভত সত্ৰাধিকাৰ নাৰায়ন গোস্বামীয়ে লিখিছিল যে গুৰুজনাই নাম আৰু পাপৰ প্ৰতীক ৰূপে ইয়াক স্থান দিছে ।সিংহাসনক অসমীয়া সমাজ জীৱনত অতি শ্ৰদ্ধা আৰু ভক্তি ৰূপত স্থান দিয়া হয় । সিংহাসনৰ ওপৰত তৰা হয় চন্দ্ৰতাপ । এই সিংহাসনক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাটোৱেই আছিল দূৰ্ভাগ্য জনক । সিংহাসন বা গুৰু আসনক মনিকূটৰ মধ্যভাগৰ পৰা উলিয়াই আনি উৰণীয়া সেতুৰ বেৰত অংকণ কৰা কাৰ্যক বহুতে সমালোচনা কৰিছিল ।

বিষ্ণু ৰাভা সেতু সংযোগী নতুনকৈ নিৰ্মান কৰা উৰণীয়া সেতু খনত অসমীয়া সমাজ জীৱনৰ প্ৰতিনিধিত্ব কৰিব পৰা কিছু চিত্ৰ অংকন কৰা হৈছিল । ২২ অক্টোবৰ ২০২০ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰা এই উৰণীয়া সেতু খনত আন কিছু চিত্ৰৰ লগতে অসমীয়া সমাজ জীৱনৰ আটাইতকৈ ভক্তিপূৰ্ণ সিংহাসন বা গুৰু আসনকো অংকন কৰা হৈছিল । তেতিয়ালৈকে বিশেষ চৰ্চা হোৱা নাছিল যদিও চ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোৰ পিছতেই বিষয়টোক লৈ বিভিন্ন জনে উদ্বেগ আৰু অসন্তুষ্টি ব্যক্ত কৰিলে ।

নতুনকৈ উদ্বোধন কৰা সেতুখনত আন এক অংকিত চিত্ৰৰ কাষতে কোনোৱাই পেলালে তামোল বা পান মছলাৰ পিক । এনেদৰে কোনোলোকে তামোল বা পান মছলাৰ পিক পেলোৱাৰ দৃশ্য দেখি সাধাৰণ লোকৰ মনত প্ৰশ্ন হৈছিল সেই স্থানত অঁকা গুৰু আসন খনটো কোনোৱাই এইদৰে তামোলোৰ পিক পেলাই অপমানিত কৰিব নেকি ?চ’চিয়েল মিডিয়াত বিষয়টো ব্যাপক চৰ্চা হৈছিল । এই খিনিতেই মন কৰিবলগীয়া এটা কথা যে এই উন্মোচন কৰা উৰণীয়া সেতু খনেৰে তেতিয়ালৈকে সংবাদ মাধ্যমৰ লোক,চৰকাৰী বিষয়া আৰু উন্মোচনী অনুষ্ঠানত উপস্থিত থকা একাংশ নিৰ্বাচিত লোকৰ বাদে কোনো লোকেই আহ যাহ কৰাৰৰ অনুমতি পোৱা নাছিল ।

সাধাৰণ লোকে সেই স্থানত এই অপকৰ্ম কৰিছে বুলি ইয়াক সাধাৰনীকৰন কৰিব নোৱাৰি । সেই সময়ত এই উৰণীয়া সেতুত প্ৰৱেশৰ অনুমতি পোৱা কোনো লোকেই এনে অপকৰ্ম কৰাৰ সম্ভাৱনাই অধিক । তাৰ পিছতেই বিষয়টোক লৈ হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত বাধ্য হৈ উৰণীয়া সেতু খনত থকা গুৰু আসন খনৰ ছবি তাতাতয়াকৈ বগা ৰঙেৰে মচি পেলোৱা হৈছিল ।চৰ্চা হ’ব লাগিছিল অতি ক্ষিপ্ৰতাৰে মহানগৰীত এনে এখন উৰণীয়া সেতু নিৰ্মান সম্পন্ন কৰা লোক সকলক লৈ । ৩০ মাহৰ নিৰ্ধাৰিত সময় পূৰ্বে ১৯ মাহতেই এই উৰণীয়া সেতুৰ নিৰ্মান সম্পন্ন কৰা হৈছিল । কিন্তু এই উৰণীয়া সেতু উদ্বোধনৰ পিছত তাত অংকন কৰা গুৰু আসন খনেই চৰ্চাৰ বিষয় হৈ গ’ল ।

ফুটপাথত এইদৰে অংকন কৰাটো কাৰ পৰিকল্পনা আছিল তাকলৈ প্ৰশ্ন উঠিছে । ইয়াৰ সলনি এক সুৰক্ষিত স্থানত এই গুৰু আসন খনক পট ৰূপত কিয় স্থান দিয়া নহ’ল বুলিও সমালোচনা কৰি ইয়াৰ স্থান ভৰিৰ তলত নহয়,শিৰৰ ওপৰত বুলিও কোনো কোনোৱে মন্তব্য কৰিছে ।আনকি চৰকাৰী পক্ষৰ পৰাও এই কাৰ্যক ধিক্কাৰ দি প্ৰশ্ন তোলা হৈছে যে ৰাজহুৱা সম্পতিৰ প্ৰতি আমাৰ দায়বদ্ধতা এয়াই নেকি ? কিয় আমাৰ নাই CIVIC SENSE ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি