Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:35 am

Home » আঞ্চলিক » অসম » কৃষি আইনৰ বিৰুদ্ধে কেজৰিৱালৰ প্ৰশ্ন উত্থাপন

কৃষি আইনৰ বিৰুদ্ধে কেজৰিৱালৰ প্ৰশ্ন উত্থাপন

কৃষি আইনক কেন্দ্ৰ কৰি কেজৰিৱাল আৰু অমৰিন্দৰ সিঙৰ মাজত তুমুল বাকযুদ্ধ


কেন্দ্ৰীয় চৰকাৰে অলপতে অনা কৃষি আইনক কেন্দ্ৰ কৰি আম আদমী পাৰ্টি তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ বাকযুদ্ধই তুংগত উঠিছে।কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ চৰকাৰে বিধানসভাত গৃহীত কৰা আইনৰ বৈধতা সন্দৰ্ভত কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে অমৰিন্দৰ সিঙে এই প্ৰসংগত বিৰোধীয়ে দুমুখীয়া ভুমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে।

সিঙে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে কেন্দ্ৰৰ কৃষি আইন কেইখন অকাৰ্যকৰী কৰাৰ বাবে বিধানসভাত গৃহীত কৰা বিধেয়ক কেইখনক সমৰ্থন জনাইছিল আকালী আৰু আপে, কিন্তু এতিয়া বাহিৰত বিৰোধিতা কৰি আছে।সিঙে কেজৰিৱালক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই তেওঁকো পঞ্জাৱৰ দৰে স্থিতি গ্ৰহণ কৰি কৃষকৰ হিতসাধন কৰিবলৈ কয়।

সিঙৰ এই মন্তব্যৰ পিছতে টুইটৰ জৰিয়তে কেজৰিৱালে মন্তব্য কৰি কয় যে মুখ্য মন্ত্ৰী সিঙে নাটক কৰি জনসাধাৰণক মূৰ্খ বনাইছে আৰু তেওঁলোকক প্ৰতাৰণা কৰিছে।কেজৰিৱালৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত সিঙে কয় যে আপ নেতাৰ এই মন্তব্যত অজ্ঞানতা প্ৰকাশ পাইছে আৰু ইয়াক লৈ আশ্বৰ্য্য হোৱা নাই কিয়নো দিল্লী পূৰ্ণ ৰাজ্য নহয়।

সিঙে কেজৰিৱালক প্ৰশ্ন কৰি কয়, ‘আপুনি কৃষকৰ লগত আছে নে বিৰুদ্ধে। মই আচৰিত হৈছো যে বিধানসভাত তেওঁলোকে সমৰ্থন কৰিলে আৰু এতিয়া ইয়াৰ বিৰুদ্ধে মন্তব্য কৰি আছে। ইয়াত তেওঁলোকৰ দুমুখীয়া নীতি প্ৰতিফলিত হৈছে’।ইফালে কেজৰিৱালে টুইটত কয়, ‘ৰজা মহোদয়, আপুনি কেন্দ্ৰৰ আইন সংশোধন কৰিছে। কেন্দ্ৰই অনুমোদন জনোৱা আইন কোনো ৰাজ্যই সলনি কৰিব পাৰে নেকি? নোৱাৰে। আপুনি কেৱল মাত্ৰ নাটক কৰি আছে। আপুনি জনসাধাৰণক মূৰ্খ বনাইছে’

কেজৰিৱালে লগতে কয়, ‘কালি আপুনি যি আইন আনিলে, তাৰ দ্বাৰা কৃষকে নিম্নতম সমৰ্থন মূল্য পাবনে? নাপায়। কৃষক নিম্নতম সমৰ্থন মূল্য লাগে আপোনাৰ মিছা আইন নহয়’।উল্লেখ্য যে মঙলবাৰে পঞ্জাৱ বিধানসভাই কেন্দ্ৰই অনুমোদন জনোৱা নতুন কৃষি আইকেইখন অকাৰ্যকৰী কৰাৰ বাবে এক প্ৰস্তাৱ লৈ চাৰিখন বিধেয়ক গৃহীত কৰিছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি