Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:27 pm

Home » আঞ্চলিক » অসম » আৰক্ষীৰ নিযুক্তি কেলেংকাৰি : ৰাজসাক্ষী হ’ব অভিযুক্ত ৰুবুল হাজৰিকা, ৰূপম দাস!

আৰক্ষীৰ নিযুক্তি কেলেংকাৰি : ৰাজসাক্ষী হ’ব অভিযুক্ত ৰুবুল হাজৰিকা, ৰূপম দাস!

 ৰাজসাক্ষী হ’ব SI কেলেংকাৰিত অভিযুক্ত ৰুবুল হাজৰিকা, ৰূপম দাস!



ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

কেলেংকাৰিটোত প্ৰাক্তন আৰক্ষী বিষয়াৰ লগতে বিজেপি দলৰ নেতা-কৰ্মী জড়িত হৈ থকাৰ কথাটোৱে বিষয়টো আৰু অধিক জটিল কৰি তুলিছে।যোৱা ২০ ছেপ্টেম্বৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎক্ষণিকভাৱে পৰীক্ষা বাতিল কৰি তদন্ত ঘোষণা কৰাৰ পাছত কেলেংকাৰিটোত সাঙোৰ খাই পৰিছে বহু প্ৰভাৱশালী ব্যক্তিৰ নাম।কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব বহন কৰা চিআইডি, ক্ৰাইম ব্ৰান্সকে ধৰি আটাইকেইটা শাখা গৃহ মন্ত্ৰীৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী গৰাকীৰ নিয়ন্ত্ৰণতে আছে।

যোৱা কেইদিনমানত আৰক্ষীৰ তদন্তকাৰী দলে কেলেংকাৰিটোৰ সৈতে জড়িত বহুকেইজনক গ্ৰেপ্তাৰ কৰিছে। কিন্তু সকলোৱে ধৰি লৈছে যে এই ঘটনাত আৰু বহুতো প্ৰভাৱশালী ব্যক্তি জড়িত আছে।মুখ্যমন্ত্ৰী সোণোৱালে এই কেলেংকাৰিৰ এক পানী নসৰকা ধৰণৰ তদন্ত হোৱাটো নিশ্চিত কৰিব লাগে। প্ৰয়োজনত নিজ দলৰ প্ৰভাৱশালী কোনো চক্ৰ যদি ইয়াৰ সৈতে জড়িত আছে তাকো ৰেহাই দিব নালাগিব।

জনসাধাৰণৰ মনত আস্থাৰ ভাৱ জগাবলৈ আৰক্ষীৰ নিযুক্তি কেলেংকাৰি যিমান স্বচ্ছ হ’ব সিমানেই মুখ্যমন্ত্ৰী গৰাকীৰ লগতে চৰকাৰখনৰ মান বাচিব।অৱশ্যে, ইয়াৰ লগতে পৰৱৰ্তী পৰীক্ষা অনুষ্ঠিত কৰি কেনেদৰে যোগ্য আৰু মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় সেয়াও লক্ষ্যণীয় হ’ব।

SI কেলেংকাৰিত অভিযুক্ত ৰুবুল হাজৰিকা, ৰূপম দাস হ’ব ৰাজসাক্ষী ৷ অভিযুক্ত ৰুবুল হাজৰিকাই দিব CrPC 164 ধাৰাত জবানবন্দী৷ইফালে ৰূপম দাসেও আদালতত CrPC 164 ধাৰাত জবানবন্দী দিবলৈ সাজু হৈছে।দুয়োজনকে মঙলবাৰে হাজিৰ কৰোৱা হয় মহানগৰ CJM আদালততCID-এ পুনৰ জিম্মাত নিবিচৰাত দুয়োজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ৷ৰুবুল হাজৰিকাক প্ৰেৰণ নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ আৰু ৰূপম দাসক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

 উল্লখ্য যে,   আৰক্ষীৰ নিযুক্তি কেলেংকাৰি মুখ্যমন্ত্ৰী সোণোৱালে ‘শূণ্য সহনশীলতা’ৰ নিদৰ্শন দাঙি ধৰিব পাৰিবনে? সেয়া সময়ত লক্ষনীয় হব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি