প্ৰতিমাৰ সলনি 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা,
মৃন্ময় প্ৰতিমা নহয়, 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা, পিছে ক’ত? অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। আগতকৈ কিছু পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা। অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। আগতকৈ কিছু পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে বহু নীতি-নিৰ্দেশনা। ইফালে দেশৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ নাই আগৰ দৰে পূজাৰ উচাহ। কেৱল মাত্ৰ পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰেই এইবাৰ সম্পন্ন হ’ব পূজা। এইবাৰৰ দুৰ্গা পূজাত দেখা নাযাব বৃহৎ বৃহৎ চকুত লগা মণ্ডপ। বহু পূজা মণ্ডপত এইবাৰ দেখা যাব মাত্ৰ দুই-তিনি ফুট উচ্চতাৰ প্ৰতিমা। লগতে বহু পূজা মণ্ডপত এইবাৰ হ’ব কেৱল ‘ঘট পূজা’।