Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:16 pm

Home » আঞ্চলিক » অসম » পাপ মোচন কৰিব বিচাৰে? তেন্তে গংগা স্নান নহয় বিজেপিত যোগদান কৰিলেই হ’ল

পাপ মোচন কৰিব বিচাৰে? তেন্তে গংগা স্নান নহয় বিজেপিত যোগদান কৰিলেই হ’ল

নগাঁও:  চামগুৰি সমষ্টিত আয়োজিত সভাৰ উদ্যোক্তা বিজেপিৰ কলিয়াবৰ জিলা সংখ্যালঘূ মৰ্চাৰ সভাপতি ছহিদুল ইছলামৰ বিৰুদ্ধে আছে বহু দুৰ্নীতিৰ অভিযোগ।বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত চৰম দুৰ্নীতিত লিপ্ত একাংশ কংগ্ৰেছী এতিয়া হৈ পৰিছে বিজেপিৰ বিয়াগোম নেতা। সেয়ে সকলোৱে যেন ক’বলৈ বাধ্য হৈছে পাপ মোচনৰ বাবে গংগা স্নানৰ প্ৰয়োজন নাই, ইয়াৰ পৰিৱৰ্তে বিজেপিত যোগদান কৰিলেই হ’ল।

২০২১ৰ নিৰ্বাচনত সংখ্যালঘূ অধ্যুষিত অঞ্চলত বিজেপিৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপিয়ে সোমবাৰে ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ অনুষ্ঠিত কৰে। বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ উপৰিও বিভিন্ন জিলা কমিটীৰ সভাপতি-সম্পাদকসকলে এই সভাত সংখ্যালঘূ অঞ্চলত বিজেপিৰ ভেটি মজবুত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈছে।

সংখ্যালঘূ মৰ্চাৰ কৰ্মকৰ্তাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিজেপিৰ বহুকেইগৰাকী বিধায়কৰ লগতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সভাত অংশগ্ৰহণ কৰে। কিন্তু কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিত আয়োজিত এই সভাৰ উদ্যোক্তা বিজেপিৰ কলিয়াবৰ জিলা সংখ্যালঘূ মৰ্চাৰ সভাপতি ছহিদুল ইছলামৰ বিৰুদ্ধে আছে বহু দুৰ্নীতিৰ অভিযোগ।

এসময়ৰ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ তথা ২০১৬ত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি কৰ্মীৰ সৈতে সংঘাতত লিপ্ত হোৱা এই ছহিদুল ইছলামে বিগত কাৰ্যকালত ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সেই সময়ছোৱাত চামগুৰিৰ পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিয়ে বহু প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। এমজিএনৰেগাৰ জবকাৰ্ড কেলেংকাৰী, ভুৱা আঁচনিৰ নামত ধন আত্মসাৎ, ইন্দিৰা আৱাস যোজনাৰ গৃহৰ ধন আত্মসাৎ আদি বিভিন্ন কেলেংকাৰীক বিজেপিয়ে নিৰ্বাচনী ইছ্যু হিচাপে গ্ৰহণ কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, চামগুৰি সমষ্টিৰ ভূৰবন্ধা, নিজ ভেলেউগুৰি, সুতাৰগাঁও আদি পঞ্চায়তত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰো ৰুজু কৰিছিল। বিজেপিৰ বৰ্তমানৰ নেতা তথা প্ৰাক্তন কংগ্ৰেছী ছহিদুল ইছলামৰ বিৰুদ্ধেও ৰুজু হৈছিল কেইবাটাও গোচৰ। জখলাবন্ধা আৰক্ষীয়ে দুৰ্নীতিৰ গোচৰত ছহিদুলক বিচাৰি চলাইছিল অভিযান। বহুদিন আত্মগোপন কৰি থকা ছহিদুলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লোৱাৰ পিছতহে পুনৰ স্বাভাৱিক জীৱন-যাপন কৰিব পাৰিছিল।

কিন্তু এসময়ৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত এইগৰাকী ছহিদুল ইছলামেই এতিয়া চামগুৰি বিজেপিৰ হৰ্তা-কৰ্তা। ২০১৬ত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়াৰ সৈতে হোৱা ঘনিষ্ঠতাৰ সুবাসতে এইবাৰ কলিয়াবৰ জিলা সংখ্যালঘূ মৰ্চাৰ সভাপতি ৰূপে নিৰ্বাচিত হয় এইগৰাকী নেতা। সেয়ে কলিয়াবৰ জিলা সংখ্যালঘূ মৰ্চাৰ সভাপতি এইগৰাকী নেতাৰ উদ্যোগতে আজি চামগুৰিত অনুষ্ঠিত হ’ল বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক।

পিছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহণশীলতাৰ নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰীগৰাকীৰ অজ্ঞাতেই তেওঁৰ সভাত মঞ্চত উপস্থিত থাকিল সীমাহীন দূৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগত অভিযুক্ত এইগৰাকী নেতা। সেয়ে এতিয়া চামগুৰিত সকলোৰে মুখত পাপমোচনৰ কথা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি