Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:57 pm

Home » আঞ্চলিক » অসম » কা’ৰ কাৰ্যকৰীকৰণত : বিজেপিক সকীয়নি প্ৰদান কৰিছে আম আদমী পাৰ্টীৰ অসম শাখাই

কা’ৰ কাৰ্যকৰীকৰণত : বিজেপিক সকীয়নি প্ৰদান কৰিছে আম আদমী পাৰ্টীৰ অসম শাখাই

কটা ঘাত চেঙা তেল দিয়াৰ দৰে বিজেপিয়ে পুনৰ তৎপৰ হৈছে (কা), ২০১৯ৰ কাৰ্যকৰীকৰণত

সোমবাৰে শিলিগুৰিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নড্ডাই ক’ৰ’ণাৰ ত্ৰাসৰ বাবেই ‘কা’ ৰ নিয়ম কাৰ্য্যকৰীকৰণত কিছু পলম হোৱা বা অতি শীঘ্ৰে কাৰ নিয়ম কাৰ্য্যকৰী হ’ব বুলি মন্তব্য কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে অসমৰ ‘কা’ বিৰোধী দল-সংগঠন।

তাৰ মাজতে বিজেপিক সকীয়নি প্ৰদান কৰিছে আম আদমী পাৰ্টীৰ অসম শাখাইআপ অসম শাখাৰ গণ মাধ্যম বিষয়ক গোটৰ সমন্বয়ক হেমন্ত ফুকনে  বিজ্ঞপ্তিযোগে কয়, ‘সমগ্ৰ দেশৰ লগতে অসমতো নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছতো তেওঁলোকক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সংস্থাপিত কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। বিদেশীক নহয়, নিবনুৱাক সংস্থাপন দিয়ক চৰকাৰে।‘

তেওঁ লগতে কয়, ‘ কটা ঘাত চেঙা তেল দিয়াৰ দৰে বিজেপিয়ে পুনৰ তৎপৰ হৈছে নাগৰিকত্ব সংশোধনী আইন (কা), ২০১৯ৰ কাৰ্যকৰীকৰণত। আপে স্পষ্ট কৰি দিয়ে যে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চন আৰু ইয়াৰ পাছত অসমলৈ অহা মুছলমানেই হওক বা হিন্দুৱেই হওক, কোনো বিদেশীকে আম আদমি পাৰ্টীয়ে কোনো কাৰণতে মানি নলয়।‘

‘আম আদমি পাৰ্টীয়ে পূৰ্বৰেপৰা কৈ আহিছে যে অসমে ১৯৭১ চনলৈকে বিদেশীৰ বোজা ইতিমধ্যে বহন কৰিলে। সেয়ে ৰাজ্যখনত আৰু অধিক বিদেশীৰ বোজা জাপি দিয়া কাৰ্য দলে কোনো পৰিস্থিতিতে মানি নলয়।‘ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

ইপিনে, ৰাজ্যত এতিয়া লাখ লাখ নিবনুৱাই কৰ্মসংস্থাপনৰ অভাৱত অনিশ্চিত ভৱিষ্যতৰ শংকাত আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘এনে সময়তে অসম তথা অসমীয়াবিৰোধী বিজেপিয়ে পুনৰ বাংলাদেশীক সংস্থাপন দিবলৈ প্ৰস্তুতি চলাইছে। বিজেপিৰ এনে কাৰ্যই অসমৰ ভাষা-সংস্কৃতিলৈও সংকট কঢ়িয়াই আনিব। বিজেপিয়ে এহাতে বাংলাদেশীক বৰপীৰা পাৰি দিছে আৰু আন হাতে অসম চুক্তিৰ ৬ নং দফাক কাৰ্যকৰী কৰাৰ নামত অসমবাসীক আভুৱা ভাঁৰিছে।‘

‘সত্যটো এয়ে যে, এই ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন বিজেপিয়ে অস্পৃশ্য জ্ঞান কৰি পেলাই থৈছে, কেন্দ্ৰীয় চৰকাৰে সেইখন স্পৰ্শই কৰা নাই! বিজেপিৰ এই প্ৰতাৰণাক ৰাইজে ইতিমধ্যে বুজি পাইছে। সেয়ে অসম তথা অসমীয়াৰ স্বাৰ্থত বিজেপিৰ চক্ৰান্ত ওফৰাই পেলাবলৈ আম আদমি পাৰ্টীয়ে অসমবাসীক আহ্বান জনায়,‘-ফুকনে এইদৰে কয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি