| | | | |

২১ অক্টোবৰত সৰ্বানন্দ সোণোৱালে মুকলি কৰিব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা : বহু দিনৰ অন্তত ২১অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ কৰ’না মহামাৰী আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বিগত মাৰ্চ মাহৰ পৰাই উদ্যানখন পৰ্যটকৰ বাবে বন্ধ হৈ আছিল৷ কিন্তু বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী সকলো ক’ভিড প্ৰটক’ল ৰক্ষা কৰি ২১ অক্টোবৰৰ দিনৰ ১১ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২০-২১ পৰ্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব৷ মুখ্যমন্ত্ৰীৰ সৈতে সংগ দিব দুই কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াই৷ এইক্ষেত্ৰত উদ্যান পৰিদৰ্শনৰ বাবে আহিব লগা দেশী-বিদেশী পৰ্যটকে সম্পূৰ্ণ ক’ভিড প্ৰটক’ল ৰক্ষা কৰিহে উদ্যান দৰ্শনৰ বাবে আহিব পাৰিব৷ তাৰোপৰি জীপ ছাফাৰীসমূহেও ক’ভিড প্ৰটক’ল ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব

| | |

গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি

 গুৱাহাটী: জ্যেষ্ঠ অধিবক্তা এহমদীয়ে ন্যায়ালয়ৰ সন্মুখত গগৈৰ বিৰুদ্ধে ৰুজু কৰা FIR আৰু NIA-এ দাখিল কৰা অভিযোগনামাৰ মাজত থকা বৃহৎ পাৰ্থক্য দৃষ্টিগোচৰ কৰে। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ এখন খণ্ড বিচাৰপীঠে অখিল গগৈৰ NIAৰ গোচৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে। ১০ মাহে কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনক প্ৰতিনিধিত্ব কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। মঙলবাৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰায় দুই ঘণ্টা সময় নিজৰ যুক্তিতৰ্ক আগবঢ়ায়। উচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ তাৰিখ অহা ৬ নৱেম্বৰ ধাৰ্য কৰিছে। উল্লেখযোগ্য যে জ্যেষ্ঠ অধিবক্তা এহমদীয়ে ন্যায়ালয়ৰ সন্মুখত গগৈৰ বিৰুদ্ধে ৰুজু কৰা FIR আৰু NIA-এ দাখিল কৰা অভিযোগনামাৰ মাজত থকা বৃহৎ পাৰ্থক্য দৃষ্টিগোচৰ

| | |

কোভিড–১৯ৰ বাবে পূৰ্বতকৈ কিছু পৃথক হ’ব এইবাৰৰ দুৰ্গা পূজা :জানি লওক এইকেইটা কথা

গাড়ী লৈ গুৱাহাটীত পূজা চাম বুলি ভাবিছে নেকি? জানি লওক এইকেইটা কথা বাইক বা আপোনাৰ চাৰিচকীয়া বাহনখন লৈ দুৰ্গা পূজা চাম বুলি ভাবি আছে নেকি? যদিহে ভাবিছে তাৰ আগতে আপুনি জানিব লাগিব এইসমূহ কথা। নহ’লে আধাবাটতে লাগিব অথন্তৰ। কাৰণ দুৰ্গা পূজাক লৈ যান–বাহন শাখাই জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা। কোভিড–১৯ৰ বাবে পূৰ্বতকৈ কিছু পৃথক হ’ব এইবাৰৰ পূজা। পূজাৰ সময়ত দুগৰাকী লোক উঠিব নোৱাৰিব বাইকত। প্ৰয়োজন সাপেক্ষে দিছপুৰ থানাৰ অন্তৰ্গত আৰ পি ৰোড এটা  ৱান ৱে’ হ’ব। সচিবালৰ সন্মুখৰ পৰা অহা পথটোৰে অহা বাহনসমূহ হলছেল গলি পথেৰে যাব পাৰিব। এ টি ৰোড পাৰ্কিং ফ্ৰী কৰাৰ লক্ষ্য। বেলতলাৰ পৰা জয়ানগৰ পথ ৱান ৱে’। জয়ানগৰ, খানাপাৰা অঞ্চলত থাকিব পাৰ্কিঙৰ ব্যৱস্থা। সামগ্ৰী কঢ়িওৱা সৰু–ডাঙৰ বাহন

| | | | |

ফেব্ৰুৱাৰিৰ ভিতৰত দেশৰ ১.৩ বিলিয়ন লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব

 অহা ফেব্ৰুৱাৰিৰ ভিতৰত দেশৰ ৫০শতাংশ লোকেই আক্ৰান্ত হ’ব কৰ’নাত! অহা বছৰৰ ফেব্ৰুৱাৰি মাহৰ ভিতৰত দেশৰ ৫০শতাংশ লোকেই কৰ’নাত আক্ৰান্ত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত পেনেলে দাঙি ধৰিছে এই মত।সোমবাৰে পেনেলৰ সদস্যসকলে জানিবলৈ দিয়ে যে অহা ফেব্ৰুৱাৰিৰ ভিতৰত দেশৰ ১.৩ বিলিয়ন লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব। বৰ্তমানলৈ দেশৰ মুঠ ৭.৫৫মিলিয়ন লোক কৰ’নাত আক্ৰান্ত হৈছে। আক্ৰান্তৰ মুঠ সংখ্যাৰ হিচাপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতেই আছে ভাৰত।পেনেলে দাবী কৰা অনুসৰি, এতিয়ালৈকে দেশ ৩০ শতাংশ লোক কৰ’নাত আক্ৰান্ত হৈছে। অহা ফেব্ৰুৱাৰিত এই হাৰ ৫০শতাঁশলৈ বৃদ্ধি পাব।পেনেলে লগতে জানিবলৈ দিয়া মতে চৰকাৰী ছেৰ’লজিকেল জৰীপতকৈয়ো দ্ৰুত গতিত সংক্ৰমিত হৈছে কৰ’না। চৰকাৰৰ ছেৰ’লজিকেল ছাৰ্ভে অনুসৰি ছেপ্টেম্বৰলৈকে মাত্ৰ ১৪শতাংশহে আক্ৰান্ত হৈছে। ইপিনে, এই পেনেলে সতৰ্ক কৰি দি কৈছে যে চৰকাৰী নিয়ম-নীতি

| | | | |

কা’ৰ কাৰ্যকৰীকৰণত : বিজেপিক সকীয়নি প্ৰদান কৰিছে আম আদমী পাৰ্টীৰ অসম শাখাই

কটা ঘাত চেঙা তেল দিয়াৰ দৰে বিজেপিয়ে পুনৰ তৎপৰ হৈছে (কা), ২০১৯ৰ কাৰ্যকৰীকৰণত সোমবাৰে শিলিগুৰিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নড্ডাই ক’ৰ’ণাৰ ত্ৰাসৰ বাবেই ‘কা’ ৰ নিয়ম কাৰ্য্যকৰীকৰণত কিছু পলম হোৱা বা অতি শীঘ্ৰে কাৰ নিয়ম কাৰ্য্যকৰী হ’ব বুলি মন্তব্য কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে অসমৰ ‘কা’ বিৰোধী দল-সংগঠন। তাৰ মাজতে বিজেপিক সকীয়নি প্ৰদান কৰিছে আম আদমী পাৰ্টীৰ অসম শাখাইআপ অসম শাখাৰ গণ মাধ্যম বিষয়ক গোটৰ সমন্বয়ক হেমন্ত ফুকনে  বিজ্ঞপ্তিযোগে কয়, ‘সমগ্ৰ দেশৰ লগতে অসমতো নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছতো তেওঁলোকক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সংস্থাপিত কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। বিদেশীক নহয়, নিবনুৱাক সংস্থাপন দিয়ক চৰকাৰে।‘ তেওঁ লগতে কয়, ‘ কটা ঘাত চেঙা তেল দিয়াৰ দৰে বিজেপিয়ে পুনৰ তৎপৰ

| | | | |

কলকাতা উচ্চ ন্য়ায়ালয়ে ৰাজ্যৰ সকলো পূজা পেণ্ডেলত দৰ্শনাৰ্থীসকলক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে

 কলকাতাৰ পূজা পেণ্ডেলসমূহক ‘ন’ এন্ট্ৰী’ জ’ন ঘোষণাৰ নিৰ্দেশ কলকাতা: কলকাতা উচ্চ ন্য়ায়ালয়ে ৰাজ্যৰ সকলো পূজা পেণ্ডেলত দৰ্শনাৰ্থীসকলক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে৷ উচ্চ ন্য়ায়ালয়খনে জৰুৰী পৰিস্থিতিত পূজা পতাৰ অনুমতি দিয়াটো অনুমোদিত হয় নে নহয় তাৰ ওপৰত এটা কেছ দাখিল কৰিছে। সেই ক্ষেত্ৰত, উচ্চ আদালতে সোমবাৰে ৰাজ্যৰ সকলো পূজা পেণ্ডেলক ‘ন’ এনট্ৰী জ’ন’ হিচাপে ঘোষণা কৰিবলৈ আদেশ দিয়ে। আদালতৰ নিৰ্দেশ কেনেদৰে পালন হৈছিল তাৰ হিচাপ লক্ষ্মীপূজাৰ পাছত ৰাজ্যই আদালতক অৱগত কৰিব লাগিব। আদালতে ৰাজ্যৰ ডিজিপি আৰু কলকাতা আৰক্ষী আয়ুক্তক ৫ নৱেম্বৰৰ ভিতৰত এজাহাৰ দাখিল কৰিবলৈ আদেশ প্ৰদান কৰিছে। অধিবক্তা জেনেৰেল কিশোৰ দত্ত আৰু প্ৰেছিভ উকীল ক্ৰমে বিকাশ ৰঞ্জন ভট্টাচাৰ্যক চৰকাৰে এই গোচৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিল। দুয়োপক্ষৰ প্ৰশ্নৰ শুনানি গ্ৰহণ কৰাৰ

| | | | | |

সম্পূৰ্ণ সাজু গণেশগুৰিৰ উৰণীয়া সেতু :২২ অক্টোবৰত মুকলি হোৱাৰ কথা

গুৱাহাটী: পূজাৰ প্ৰাকমূহূৰ্তত ন ৰূপত জিলিকিল মহানগৰীৰ প্ৰাণকেন্দ্ৰ গণেশগুৰি। সময়মতে সম্পূৰ্ণ হৈ উঠিছে গনেশগুৰিৰ নতুন উৰণীয়া সেতু৷ গণেশগুৰিৰ পৰিচিত যান-জঁটৰ সমস্যা হয়তো এতিয়াৰেপৰা নাথাকিব৷ দুৰ্গা পূজাৰ সময়ত বিশেষকৈ হোৱা ভিৰ সেৰেঙা হ’ব৷ এতিয়াৰে পৰা গুৱাহাটীবাসীৰ বাবে সহজ হৈ উঠিব যাতায়াত৷ নতুনকৈ গঢ়ি উঠা উৰণীয়া সেতুখনে সম্প্ৰতি মানুহৰ মনত এই আশাৰ সঞ্চাৰ কৰিছে৷ ৰাজধানী নাৰ্চাৰীৰপৰা পুৰণি গণেশগুৰি উৰণীয়া সেতু সংযোগী এই অ’ভাৰব্ৰিজখন ২২ অক্টোবৰত মুকলি হোৱাৰ কথা৷ এই কথা গড়কাপ্টানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অলপতে ঘোষণা কৰিছিল৷ নতুন প্ৰযুক্তিৰে নিৰ্মিত উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য ৩৯৮.৫ মিটাৰ৷ প্ৰায় ৮৯ কোটি টকা ব্যয়সাপেক্ষে উৰণীয়া সেতুখন নিৰ্মাণ কৰি উলিওৱা হৈছে৷ দুয়োকাষে অংকন কৰা অসমীয়া কলা-সংস্কৃতিৰ ছবিয়ে দুগুণে জিলিকাই তুলিছে সেতুখন৷

| | |

পাপ মোচন কৰিব বিচাৰে? তেন্তে গংগা স্নান নহয় বিজেপিত যোগদান কৰিলেই হ’ল

নগাঁও:  চামগুৰি সমষ্টিত আয়োজিত সভাৰ উদ্যোক্তা বিজেপিৰ কলিয়াবৰ জিলা সংখ্যালঘূ মৰ্চাৰ সভাপতি ছহিদুল ইছলামৰ বিৰুদ্ধে আছে বহু দুৰ্নীতিৰ অভিযোগ।বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত চৰম দুৰ্নীতিত লিপ্ত একাংশ কংগ্ৰেছী এতিয়া হৈ পৰিছে বিজেপিৰ বিয়াগোম নেতা। সেয়ে সকলোৱে যেন ক’বলৈ বাধ্য হৈছে পাপ মোচনৰ বাবে গংগা স্নানৰ প্ৰয়োজন নাই, ইয়াৰ পৰিৱৰ্তে বিজেপিত যোগদান কৰিলেই হ’ল। ২০২১ৰ নিৰ্বাচনত সংখ্যালঘূ অধ্যুষিত অঞ্চলত বিজেপিৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপিয়ে সোমবাৰে ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ অনুষ্ঠিত কৰে। বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ উপৰিও বিভিন্ন জিলা কমিটীৰ সভাপতি-সম্পাদকসকলে এই সভাত সংখ্যালঘূ অঞ্চলত বিজেপিৰ ভেটি মজবুত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈছে। সংখ্যালঘূ মৰ্চাৰ কৰ্মকৰ্তাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিজেপিৰ বহুকেইগৰাকী বিধায়কৰ লগতে ৰাজ্যিক সভাপতি