২০২১ত হ’ব অসমৰ বাবে দ্বিতীয় স্বাধীনতাৰ যুঁজ, খেদিব লাগিব মোদীক: ৰিপুণ বৰাৰ
গুৱাহাটী:সাংবাদিক, বিজেপি, অসম গণ পৰিষদৰ প্ৰায় ৬ শতাধিক সক্ৰীয় কৰ্মীয়ে সোমবাৰে আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে।সাংবাদিক, বিজেপি, অসম গণ পৰিষদৰ প্ৰায় ৬ শতাধিক সক্ৰীয় কৰ্মীয়ে সোমবাৰে আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত ভাষণ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি দলৰ তীব্ৰ সমালোচনা কৰে। ২০২১ৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ বাবে হ’ব দ্বিতীয় স্বাধীনতাৰ যুঁজ। বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে হ’ব যুঁজ। এই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে, ‘১৯৪৭ চনত আমি প্ৰথম স্বাধীনতা পাইছিলো। ২১ত হ’ব অসমৰ বাবে দ্বিতীয় স্বাধীনতা। বৃটিছৰ দৰে মোদীক খেদিব লাগিব। বিজেপিক উৎখাত কৰিব নোৱাৰিলে অসমৰ ভৱিষ্যত অন্ধকাৰ। ‘কৰেংগে য়া মৰেংগে’ গান্ধীজীৰ এই বাণী হ’ব ২১ত কংগ্ৰেছৰ বাণী।’ ৰিপুণ বৰাই লগতে কয় যে, ২০১৬ৰ