Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:36 am

Home » আঞ্চলিক » অসম » মই শ্ৰম মন্ত্ৰীহৈ শ্ৰমিকৰ মজুৰি ৪০৭ টকালৈ বৃদ্ধি কৰিম – ৰূপজ্যোতি কুৰ্মী

মই শ্ৰম মন্ত্ৰীহৈ শ্ৰমিকৰ মজুৰি ৪০৭ টকালৈ বৃদ্ধি কৰিম – ৰূপজ্যোতি কুৰ্মী

হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ পিঠিত মাৰ মাৰিলে’- ২০২১ত শ্ৰম মন্ত্ৰী হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মী, 

বিজেপি চৰকাৰে শ্ৰমিকৰ মজুৰি মাত্ৰ ৩০ টকা বৃদ্ধি কৰিছে। কিন্তু বৃদ্ধি পাব লাগিছিল ৮০ টকা। চাহ শ্ৰমিক ৰাইজক ঠগ, প্ৰৱঞ্চনা কৰাৰ পৰিণাম ভুগিব বিজেপিয়ে। ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ শাসনলৈ আহিব। মই শ্ৰম মন্ত্ৰীহৈ শ্ৰমিকৰ মজুৰি ৪০৭ টকালৈ বৃদ্ধি কৰিম।’- আজি এখন সংবাদমেলত এনেদৰে ঘোষণা কৰে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

মৰিয়নিৰ ক্ৰীড়া সন্থাৰ সভাকক্ষত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আয়োজন কৰা সংবাদ মেলত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদ্দেশ্যি কয়- ‘আপোনালোকে চাহ শ্ৰমিকক এনেকুৱাকৈ বঞ্চিত কৰি আছে বা কৰিব বুলি চাহ শ্ৰমিক ৰাইজে সপোনতো ভবা নাছিল আৰু ভবাৰ সাহসো কৰা নাছিল। আপোনালোকে চাহ শ্ৰমিকৰ পেটত, পিঠিত মাৰ মাৰিছে। মোৰ নানা-নানি, আজা-আজিৰ শাও পাতে আপোনালোকক কেতিয়াও মাফ নকৰে। চাহ শ্ৰমিকক কৰা প্ৰতাৰণাৰ ফল মুখ্যমন্ত্ৰীৰ লগতে সকলোৱে ভুগিব লাগিব।’

বিধায়কগৰাকীয়ে ২০১২ চনৰ ১ মাৰ্চত চাহ মজদুৰ সংঘ আৰু চাহ বাগিছা মালিক সন্থাৰ উপদেষ্টা কমিটীৰ মাজত হোৱা তিনিবছৰীয়া চুক্তি অনুযায়ী শ্ৰমিকৰ মজুৰি ৭১.৫০ টকাৰ পৰা ৯৪ টকালৈ বৃদ্ধ হৈছিল। আনহাতে ২০১৫ চনৰ ২৬ ফেব্ৰুৱাৰীত হোৱা চুক্তি অনুসৰি ৯৪ টকাৰ পৰা ২০১৭ চনত ১৩৭ টকালৈ বৃদ্ধি কৰিছিল। শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ এই হাৰৰ তুলনাত বৰ্তমান বিজেপি চৰকাৰে ২০১৮ চনৰ পৰা ২০২০ চনলৈ শ্ৰমিকৰ মজুৰি ৮০ টকা বৃদ্ধি কৰিব লাগিছিল যদিও মাত্ৰ ৩০ টকা বৃদ্ধি কৰি ৫০ টকা প্ৰতিজন শ্ৰমিকে লাভ কৰাৰ পৰা বিজেপি চৰকাৰে বঞ্চিত কৰি ৰাখিছে বুলি ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ কৰে।

বিধায়ক গৰাকীয়ে বিজেপি চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত কৰা এই ঠগ প্ৰবঞ্চনাৰ পৰিণাম ২১ৰ বিধান সভা নিৰ্বাচনত ভুগিব লাগিব বুলি উল্লেখ কৰে। আনহাতে ২০২১ৰ নিৰ্বাচনত বিজেপি ক্ষমতাৰ পৰা আঁতৰিব। কংগ্ৰেছ শাসনলৈ আহিব আৰু ৰূপজ্যোতি কুৰ্মী নিজে শ্ৰম মন্ত্ৰী হৈ শ্ৰমিকৰ মজুৰি ৪০৭ টকালৈ বৃদ্ধি কৰিব বুলিও সদম্ভে ঘোষণা কৰে।

আনহাতে বিজেপিয়ে চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আটছা আৰু আছাৰ মাজত সংঘাত সৃষ্টি কৰি ছাত্ৰ সংগঠন দুটাক দুৰ্বল কৰাৰ য়ড়যন্ত্ৰত লিপ্ত হৈছে বুলিও অভিযোগ কৰে কংগ্ৰেছী বিধায়কজনে। দেওবাৰৰ সংবাদমেলত ৰূপজ্যোতি কুৰ্মীৰ সৈতে চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁতী আৰু উপ সভাপতি মহেশ্বৰ গোৱালা উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি