Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:20 am

Home » আঞ্চলিক » অসম » শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বৃহৎ কেলেংকাৰী

শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বৃহৎ কেলেংকাৰী

 শিৱসাগৰ :যান বাহনৰ কৰ–কাটলৰ বাবদ সংগৃহীত বৃহৎ পৰিমাণৰ ধন কোষাগাৰত জমা নিদি আত্মসাৎ কৰাক লৈ সমগ্ৰ শিৱসাগৰতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছে ২৭ লাখ টকাৰ এক বৃহৎ কেলেংকাৰী। যান বাহনৰ কৰ–কাটলৰ বাবদ সংগৃহীত বৃহৎ পৰিমাণৰ ধন কোষাগাৰত জমা নিদি আত্মসাৎ কৰাক লৈ সমগ্ৰ শিৱসাগৰতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বিগত ২০১৯ বৰ্ষৰ ৭ ডিচেম্বৰ আৰু ৩০ ডিচেম্বৰত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত ৬টা মাহৰ অন্তত পৰিবহণ আয়ুক্তই নিলম্বন কৰিছে  শিৱসাগৰ পৰিবহণ বিভাগৰ এজন গাণনিকক৷ গাণনিকজনৰ নাম চন্দ্ৰশেখৰ মল্লিক।কিন্তু কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে নতুনকৈ যোগদান কৰা চন্দ্ৰশেখৰ মল্লিক নামৰ নিলম্বিত কৰ্মচাৰীজনক বলিৰ পঠা সজাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

আন নালাগে এই বৃহত্‍ কেলেংকাৰীৰ সৈতে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ লগতে দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তেই কেলেংকাৰীৰ তদন্তৰ বাবে কাৰ্যালয়টোত উপস্থিত হয়হি দুজনীয়া অনুসন্ধানকাৰীৰ দল।গুৱাহাটীস্থিত ৰাজ্যৰ পৰিবহণ আয়ুক্ত কাৰ্যালয়ৰ পৰিসংখ্যা বিভাগৰ পৰিদৰ্শক অৱণী কলিতাৰ নেতৃত্বত অহা দলটোৱে ইতিমধ্যে কাৰ্যালয়টোৰ সকলোধৰণৰ নথি তন্ন তন্নকৈ পৰীক্ষা কৰিছে।

আনহাতে, এই কেলেংকাৰী নাম সাঙোৰ খাইছে অৱসৰপ্ৰাপ্ত গাণনিক জিতু চেতিয়াৰ। যি অৱসৰৰ পিছতো চন্দ্ৰশেখৰ মল্লিকক কাম শিকাবলৈ কাৰ্যালয়লৈ আহি আছিল। পিছে ২৭ লাখ টকা কোনে আত্মসাৎ কৰিলে সেয়া পোহৰলৈ আহিব তদন্তৰ পিছতহে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি