Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:51 pm

Home » আঞ্চলিক » অসম » ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবী

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবী

নতুন দিল্লী:একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ তুলি  ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা  অপসাৰণৰ দাবীত সাত বিজেপি বিধায়কে  নতুন দিল্লীত বাহৰ পাতি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ  চেষ্টা  চলোৱা ঘটনা সম্প্ৰতি ত্ৰিপুৰাৰ ৰাজনীতিত ব্যাপক খলকনি সৃষ্টি কৰিছে ।

নতুন দিল্লীত বিধায়ক সুদীপ্ত ৰয় বৰ্মনৰ নেতৃত্বত বাহৰ পতা বিসম্বাদী সাত বিধায়কে  মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ  বিৰুদ্ধে  অনভিজ্ঞ আৰু স্বেচ্ছাৰীতাৰ  গুৰুত্ব অভিযোগ তুলিছে ।  সুদীপ্ত ৰয় বৰ্মনে দাবী কৰামতে ৩৬ জন বিজেপি বিধায়কৰ ভিতৰত ১২ গৰাকীয়ে তেওঁক সমৰ্থন কৰিছে । দিল্লীত বাহৰ পতা অন্য বিদ্ৰোহী বিধায়কসকল হৈছে  সুশান্ত চৌধুৰী, আশীষ সাহা, আশীষ দাস , দিৱা চন্দ্ৰ ৰাংকুল , বুৰব মহন ত্ৰিপুৰা , পৰিমল দেব বৰ্মন আৰু ৰাম প্ৰসাদ পাল 

উল্লেখযোগ্য যে ৬০ জনীয়া ত্ৰিপুৰাৰ বিধানসভাত বিজেপিৰ ৩৬ গৰাকী বিধায়ক আছে ।  বিসম্বাদী বিধায়কসকলে অভিযোগ কৰামতে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে  নিজৰ হাতত ১২ টাকৈ দপ্তৰ ৰাখি একনায়কত্ববাদী শাসন চলাইছে ।

ইফালে দলৰ বিধায়কসকলৰ বিসম্বাদৰ সন্দৰ্ভত ত্ৰিপুৰাৰ বিজেপি সভাপতি মানিক সাহাই কয়  ১২ গৰাকী বিধায়কে বিসম্বাদ কৰিলে চৰকাৰ বিপদমুক্ত । জানিব পৰা মতে নতুন দিল্লীত সাত বিসম্বাদী বিধায়কে  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি  নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎকাৰ বাবে অপেক্ষা কৰিছে ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি