Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:29 pm

Home » আঞ্চলিক » অসম » ৰকিবুল কাহানিও মন্ত্ৰীও নহয় আৰু ৰকিবুল থকালৈকে কংগ্ৰেছৰ চৰকাৰো নাহে, আজমলৰ আচল ৰূপ অসমৰ ৰাইজে শীঘ্ৰে দেখিব’: দুলু আহমেদ

ৰকিবুল কাহানিও মন্ত্ৰীও নহয় আৰু ৰকিবুল থকালৈকে কংগ্ৰেছৰ চৰকাৰো নাহে, আজমলৰ আচল ৰূপ অসমৰ ৰাইজে শীঘ্ৰে দেখিব’: দুলু আহমেদ

 বলৈঅসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত দুটা বাঘক ৰাইজে দেখি বাকী আছে বুলি তাৎপৰ্য্যওপূৰ্ণ মন্তব্য কৰে দুলু আহমেদে।

“২০২১ত চামগুৰিত অঘটন ঘটিব। চামগুৰিলৈ আহি বুজি পাইছো ইয়াৰ ৰাইজে আৰু ৰকিবুলক নিবিচাৰে। প্ৰয়োজনত ২০২১ত মই চামগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। ৰকিবুল থকালৈকে কংগ্ৰেছৰ চৰকাৰো নাহে আৰু ৰকিবুল হুছেইন ভৱিষ্যতে মন্ত্ৰীও কাহানিও নহয়। সেয়া মাথোঁ মুংগেৰীলাল কী হাচিন স্বপ্নে মাথোঁ।” নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নেতা দুলু আহমেদৰ।

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক ভৱিষ্যতে কোন দলত যোগদান কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেঁও কয় – “ভাৰতৰ সৰ্বত্ৰে বৰ্তমান ৰাইজে আঞ্চলিক দলক আঁকোৱালি লৈছে। ৰাষ্ট্ৰীয় দলত উজুতি খোৱাৰ সম্ভাৱনা বেছি। সেয়ে আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতিহে মোৰ আগ্ৰহ বেছি। কিন্তু দুই-তিনিমাহলৈ মই জিৰণি ল’ম।’’

আনহাতে, আজমলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ’লে কংগ্ৰেছ লাভান্বিত হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেঁও কয়, “আজমলে কংগ্ৰেছক ৰামঠগন দিব। জানুৱাৰী-ফেব্ৰুৱাৰীতহে আজমলৰ প্ৰকৃত ৰূপ ৰাইজে দেখা পাব। কংগ্ৰেছক ধ্বংস কৰিবলৈকে আজমলে মিত্ৰতাৰ সপোন দেখুৱাইছে। আজমলৰ মিত্ৰতা কেৱল বিজেপিৰ লগতহে আছে। বিজেপিৰ নিৰ্দেশতেই আজমলে আৰৱী ভাষাৰ ফলক লগাইছে যাতে মুছলমানক বদনাম কৰাৰ লগতে ধৰ্মীয় মেৰুকৰণ কৰিব পাৰে। মিত্ৰতা হ’লে কংগ্ৰেছে ১০তকৈ কেইখনমান আসন বেছি পাব আৰু ন’হ’লে ১০ৰ তলত কংগ্ৰেছৰ আসন সীমাবদ্ধ থাকিব। ৰিপুণ বৰাই ৮০ খন আসনৰ কথা ক’লে মোৰ হাঁহি উঠে।”

উল্লেখযোগ্য যে ৰুমী নাথৰ নিলম্বন সন্দৰ্ভত দুলু আহমেদে কয়, “ৰূমী নাথৰ লগত মোৰ ব্যক্তিগত চিনাকী নাই কিন্তু তথাপিও ক’ম তেঁওৰ নিলম্বন সম্পূৰ্ণ অগণতান্ত্ৰিক। কংগ্ৰেছত সন্মানেৰে থাকিবলৈ হ’লে প্ৰাক্তন মুখ্যমন্ত্ৰী অথবা প্ৰাক্তন সাংসদৰ সন্তান হ’ব লাগিব। উদাহৰণ স্বৰূপে, গৌৰৱ গগৈ আৰু সুস্মিতা দেৱ। সেই সুস্মিতা দেৱৰ লগত হোৱা সংঘাতৰ বাবেই ৰুমী নাথ নিলম্বিত হ’ল। কিন্তু তেঁও পঞ্চায়ত আৰু লোকসভাত ভাল ফল দেখুৱাইছিল।”

আনহাতে অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত দুটা বাঘক ৰাইজে দেখিবলৈ বাকী আছে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে দুলু আহমেদে। শেহতীয়াকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ লগে লগে দুলু আহমেদে মন্তব্যৰ দ্বাৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈকে দুই বাঘৰ সৈতে ৰিজাইছে সেয়া সকলোৰে বোধগম্য।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি