টিআৰপি কেলেংকাৰীঃ ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত, সোধ-পোছ অব্যাহত
মুম্বাই: টিআৰপিৰ কেলেংকাৰীৰ অভিযুক্ত নিউজ চেনেল ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া বিকাশ খনচন্দানী দেওবাৰে উপস্থিত হয় মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত। এই কেলেংকাৰী সন্দৰ্ভত তেওঁক ক্ৰাইম ব্ৰাঞ্চে সোধ-পোছ আৰম্ভ কৰে। পূৰ্বে বিকাশ খনচন্দানীলৈ জাননী প্ৰেৰণ কৰিছিল মুম্বাই আৰক্ষীয়ে।
ইফালে, ৰিপাব্লিক টিভিৰ চিএফঅ’ শিৱ সুব্ৰমণিয়াম সুন্দৰমে সোধ-পোছৰ বাবে কাৰ্যালয়ত উপস্থিত হ’বলৈ আৰু কিছু সময় বিচাৰিছে। লগতে তেওঁ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এক আৱেদন। এই আৱেদনত তেওঁ ন্যায়ালক শীঘ্ৰে এই কেলেংকাৰীৰ শুনানি গ্ৰহণৰ বাবে দাবী জনায়।