যদি মোগল আছে তেন্তে খেদি দিয়া নাই কিয়?এনেদৰে কটাক্ষ কৰিলে আৰ পি শৰ্মাই
গুৱাহাটী:বিজেপিৰ নাটক! যদি মোগল আছে তেন্তে খেদি দিয়া নাই কিয়? বিজেপিৰ মিছন ১০০ অসম্ভৱ’- আৰ পি শৰ্মা বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ যোৱা তেজপুৰ সংসদীয় সমষ্টিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ যেন মনৰ ক্ষোভ এতিয়াও কমা নাই। সেয়েহে সাংবাদিকৰ কেমেৰা দেখিলেই বিজেপিৰ বিৰুদ্ধে ইটোৰ পিছত সিটো মন্তব্যৰে ক্ষোভ উজাৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই পুনৰ কেতবোৰ মন্তব্যৰে ঘটাইছে বিস্ফোৰণ ৷ মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যত এতিয়া মোগলৰ আক্ৰমণ চলি আছে বুলি কৰা মন্তব্যক উভতি ধৰি আৰ পি শৰ্মাই কয় যে, ‘ অসমত যদি মোগল আছেই, তেনেহ’লে মোগলৰ দেশলৈ সেইসকলক পঠিয়াই দিয়া নাই কিয়? যদি মুছলমান মানুহ মোগল, তেনেহ’লে খেদি নিদিয়ে কিয়? কেন্দ্ৰতো চৰকাৰ, ৰাজ্যতো চৰকাৰ আছে, কিয় সাহস নকৰে ?