Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:50 am

Home » আঞ্চলিক » অসম » Counter to HBS : কি কি পৰৱিৰ্তন কৰিলে বিজেপি চৰকাৰে

Counter to HBS : কি কি পৰৱিৰ্তন কৰিলে বিজেপি চৰকাৰে

• কি কি পৰৱিৰ্তন কৰিলে বিজেপি চৰকাৰে 

• আজমলক ভয় কৰে নেকি মন্ত্ৰী হিমন্তই
• হিমন্তৰ মুখত এতিয়া নতুন যুঁজৰ নাম 
• ঐতিহাসিক সত্যক বিকৃত কৰা চেষ্টা হিমন্তৰ 

@ মহিবুল মণ্ডল
অসমত বিধান সভা নিৰ্বাচনৰ দিন ক্ৰমাৎ যিমানেই চমু চাপি আহিছে. ৰাজনৈতিক দলৰ নেতা-পালিনেতাসকলৰ মুখত সিমানেই আখৈ ফুটাদি ফুটিছে প্ৰতিশ্ৰুতিৰ কথা৷ একেদৰে হিন্দু-মুছলমান ভাগ ভাগ কৰি সাম্প্ৰদায়িক বিষবাস্প ছটিয়াই ৰাজনৈতিক মুনাফা আদায় কৰাৰ বাবে হকে-বিহকে ভিত্তিহীন আৰু বিসংগতিপূৰ্ণ মন্তব্য কৰি সমাজ অস্থিৰ কৰাত ব্যস্ত হৈ পৰিছে ধুৰন্ধৰ ৰাজনৈতিক নেতাসকলে৷ যোৱা ৪ অক্টোবৰত শিৱসাগৰত আয়োজিত বিজেপি জনতা যুৱ মৰ্চাৰ এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ দুই নম্বৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ মন্তব্য আগবঢ়াইছে, তাৰে প্ৰতিটো মন্তব্যই আপত্তিজনক আৰু ভিত্তিহীন তথা সমাজ অস্থিৰ কৰাৰ ষড়যন্ত্ৰহে৷ সেয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যৰ সত্যাসত্যৰ বিশ্লেষণেৰে মই …………..
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বস্ব ত্যাগৰ কথা উল্লেখ কৰিছে৷ পিছে বিজেপি দলৰ কোনে কি ত্যাগ কৰিছে সেয়া উল্লেখ নকৰিলেও মন্ত্ৰীগৰাকীয়ে কি ত্যাগৰ কথা কৈছে? ৫২ গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিও কংগ্ৰেছ আমোলত মুখ্যমন্ত্ৰী হব নোৱাৰিলে, সেয়ে বিজেপি দলত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি সৰ্বস্ব ত্যাগ কৰাৰ কথাটো নিশ্চয় উল্লেখ কৰিছে৷ নে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰাটোকেই সৰ্বস্ব ত্যাগৰ কথাটো বুজাব বিচাৰিছে৷ 
কি কি পৰৱিৰ্তন কৰিলে উন্নয়নত ব্যৰ্থ বিজেপি চৰকাৰে- ৰাজহুৱা সম্পত্তি এটাৰ পাছত আন এটা বিক্ৰী, বৃদ্ধি কৰিলে নিবনুৱাৰ সংখ্যা, বলপূৰ্বকভাৱে নাগৰিকত্ব আইন আৰু কৃষি বিৰোধী আইন বলৱৎ কৰিলে, হ্ৰাস কৰিব পৰা নাই মূল্যবৃদ্ধি, সংকটজনক অৱস্থাৰ দিশে ঠেলি দিলে জিডিপি তথা অৰ্থনৈতিক ব্যৱস্থা. দুৰ্নীতি আৰু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ আপ্ৰাণ চেষ্টা ইত্যাদি৷ 
ভাৰতীয় জনতা পাৰ্টীয়ে সচা অৰ্থত অসমবাসীৰ হৃদয়ক বিশ্বাস কৰে৷ অসমৰবাসীৰ হৃদয়ত সোমাই নাগৰিকত্ব আইন জাপি দি সহজ সৰল অসমবাসীৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ লগতে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব বুলি ভয় ভাবুকি দেখুৱাই পুনৰ ব্লেক মেইলিং কৰাত উঠি পৰি লাগিছে৷ উল্লেখ কৰা বাহুল্য যে যোৱা বিধানসভা নিৰ্বাচনত বিশেষকৈ উজনি অসমত নিৰ্বাচনী প্ৰচাৰৰ মূল অস্ত্ৰ আছিল দাঢ়ি টুপী থকা আজমলৰ ফটো৷ উজনি অসমৰ ঘৰে ঘৰে গৈ বিজেপিক ভোট নিদিলে এই দাঢ়ি টুপী থকা আজমল অসমৰ মুখ্যমন্ত্ৰী হব বুলি ভয় ভাবুকিৰে ভোট আদায় কৰিবলৈ সক্ষম হৈছিল৷ পিছে ২১ৰ নিৰ্বাচনতো পুনৰ বিজেপিৰ সেই একে আৰ্হিৰ ব্লেক-মেইলিঙে যে কাম নিদিয়ে সেয়ে ভয়াতুৰ বিজেপিয়ে দিনতেই আজমলৰ সপোন দেখিবলৈ লৈছে৷   
স্ক্ৰীণত দেখা কাজিৰঙাৰ সমীপৱৰ্তী এইসকল লোকে বাস কৰা অঞ্চলটোত ২০১৬ চনৰ ১৯ ছেপ্টেম্বৰত অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলোৱা হৈছিল৷ অঞ্জুমা আৰু ফকৰুদ্দিন নামৰ দুজন লোক নিহতও হৈছিল৷ যদি সঁচা অৰ্থত এইসকল লোক আগ্ৰাসী তথা বাংলাদেশী তেন্তে আজিলৈকে চৰকাৰখনে এজনো বাংলাদেশী কিয় চিনাক্ত কৰিব নোৱাৰিলে৷ তাৰ বিপৰীতে এইসকলৰ লোকৰ ওচৰত চৰকাৰে আত্মসমৰ্পণ কৰি ওলোটাই ক্ষতিপূৰণ দিবলৈহে বাধ্য হ’ল৷ একেদৰে উল্লেখ কৰিছো কাজিৰঙাৰ গঢ় হত্যাৰ প্ৰসঙ্গ- এই লোকজন চোৰাং চিকাৰিত অভিযুক্ত লক্ষীমপুৰ জিলাৰ ধলপুৰৰ বাবুল দাস৷ বাবুল দাস জেলৰ পৰা ওলায়েই বিজেপিত যোগদানৰ কথা উল্লেখ কৰিছিল আৰু তেতিয়াৰ পৰাই যেন তেওঁ দোষমুক্ত৷ পিছে বাবুল দাস মুছলমান নেকি? অপৰাধীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই৷ গড় হত্যা তথা চোৰাং চিকাৰি সন্দৰ্ভত প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনোৱা প্ৰত্যহ্বানৰ কথাও স্মৰ্তব্য৷    
অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যা কাণ্ডত জড়িত আছিল মুছলমান সম্প্ৰদায়ৰ লোক। ২০১৭ চনৰ ৩১ মেত হোজাইৰ যমুনামুখত সংঘটিত হোৱা এই নাৰকীয় কাণ্ডৰ বিচাৰ হ’ল৷ হোজাই জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দৃষ্টান্তমূলকভাৱে মূল অভিযুক্ত মইনুল হকক  ফাঁচিৰ হুকুম দিয়াৰ লগতে আন এগৰাকী অভিযুক্ত আব্দুল ছেলিমক আজীৱন কাৰদণ্ডৰে দণ্ডিত কৰিছিল৷ পিছে অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পাছত বিগত দিনত ধৰ্ষণ আৰু হত্যা কাণ্ড হোৱা নাই নেকি ? শে্হতীয়াকৈ সমগ্ৰ দেশ জোকাৰি যোৱা উত্তৰ প্ৰদেশৰ মনীষা বাল্মিকীৰ ধৰ্ষণ কাণ্ডত কোনটো সভ্যতা জড়িত আছে ?  প্ৰকৃতাৰ্থত নিৰ্বাচন আহিলেই বিজেপি নেতাসকলৰ মুখত আখৈ ফুটাদি ফুটা অৰ্ণমাই বৰাৰ ধৰ্ষণ কাণ্ড কেৱল মাথো এটি নিৰ্বাচনী যন্ত্ৰহে৷
কোনে আৰু কেনদৰে ফেচবুকত ভূৱা নাম দি ফেচবুক চলাই আছে, সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব চৰকাৰ আৰু প্ৰশাসনৰ৷ দেশত তথ্য আৰু প্ৰযুক্তিৰ এক সুকীয়া আইন আছে৷ সেই আইনৰ অধীনত প্ৰযুক্তি ব্যৱহাৰকাৰীসকলে সঠিক দিশত ব্যৱহাৰ নকৰিলে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ নিয়ম আছে৷ পিছে চৰকাৰ আৰু প্ৰশাসনে তাকে নকৰি অৰ্থাৎ ভূৱা নামেৰে ফেচবুক চলোৱা লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি এগৰাকী ছুপাৰ পাৱাৰ মন্ত্ৰীয়ে বিষয়টোক নিৰ্বাচনী বৈতৰণীৰ হাথিয়াৰ হিচাপে লোৱাটো লজ্জাজনক৷  
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৱেগিক হৈ ধুনীয়া আবৃত্তিও কৰিব পাৰে৷ উদাত্ত ভাষণৰ সমান্তৰালকৈ কবিতা আবৃত্তি কৰা এইগৰাকী মন্ত্ৰীয়েই কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি আবৃত্তি কৰা এগৰাকী সাংবাদিকক টাৰ্গেট কৰি তীব্ৰ কটাক্ষ কৰিছিল৷ পিছে মন্ত্ৰীগৰাকীয়েও এতিয়া সেই পথৰেই যাত্ৰী৷ 
অন্য কোনো ৰাজনৈতিক দলৰ নেতা আজমলৰ পদলেহনকাৰী হয় নে নহয়, সেয়া উল্লেখ নকৰিলেও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে আজমলৰ পদলেহন কাৰীতাৰ প্ৰমাণ বহুত আছে৷ তাৰ বাবে আমি ওভতি চাব লাগিব ২০১০ আৰু ২০১৪ৰ ৰাজ্যসভাৰ নিৰ্বাচনলৈ৷ দুয়োখন ৰাজ্যসভাৰ নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ বিধায়কক ধনবলেৰে ক্ৰয় কৰি জয়ন্ত বৰুৱা আৰু হাইদৰ হুছেইনক পৰাজিত কৰোৱাৰ মূল নায়কেই আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ আনহাতে পূৰ্বেই উল্লেখ কৰা ধৰণে আজমলৰ ফটো ব্যৱহাৰ কৰিয়েই ২০১৬ৰ বিধান সভা নিৰ্বাচনত বিজেপিক জয়ৰ সোৱাদ দিয়া হৈছিল৷ মূলতঃ আজমল বা আজমলৰ দল নহলে কোনো কামতেই সফল হব নোৱাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ তেনে ক্ষেত্ৰত আজমলক নিজৰ ঠাইত ঘূৰাই পঠোৱাৰ কথাটো কোন সুৰত কৈছে, সেয়া বিচাৰ্য বিষয়৷ আনহাতে এআইইউডিএফ দলৰ লগতে সম্প্ৰতি মিত্ৰজোট চূড়ান্ত কৰা কংগ্ৰেছ দলেও স্থিতি স্পষ্ট কৰি দিছে যে আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয় বা মুখ্যমন্ত্ৰী হোৱা দ্বিবাস্বপ্নও নেদেখে৷ তাৰ পিছতো আজমল মুখ্যমন্ত্ৰী হব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেটু ফলাটো এক সাম্প্ৰদায়িক আৰু ঘৃণনীয় ৰাজনীতি৷ 
আগন্তক ২০২১ চনৰ বিধান সভা নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপি চৰকাৰৰ হাতত নাই কোনো ৰাজনৈতিক ইচ্যু, নাই কোনো নতুনত্বৰ টোপ। জাতি-মাটি-ভেটি, পৰিৱৰ্তন আৰু শূন্য সহনশীলতাৰ শ্লোগান গোৱা বিজেপি এতিয়া চৌদিশে ফ্লপ তথা এইবোৰ শ্লোগান এতিয়া পুৰণি হল৷ ৰাজহুৱা সম্পত্তি এটাৰ পাছত আন এটা বিক্ৰী । নিবনুৱাৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত  ব্যৰ্থ চাকৰিৰ বাছনি পৰীক্ষাৰ নামত সংঘটিত হৈছে দূৰ্নীতি-কেলেংকাৰী। কৃষি খণ্ডত দুৰ্নীতিকে আদি কৰি প্ৰতিটো প্ৰতিশ্ৰুতিতেই কেৱল ফ্লপ আৰু ফ্লপ। সেয়ে ২০১৬ চনৰ শৰাইঘাটৰ ৰণ এৰি হিমন্তৰ মুখত এতিয়া জাতিৰ যুজ, সভ্যতাৰ যুজ৷ 
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভ্যতাক গইনা হিচাপে লৈ কোৱা প্ৰতিটো কথাই আছিল মুছলিম বিদ্বেষী। মূলত দুই সভ্যতাৰ যুজ মানে হিন্দু -মুছলিমৰ যুজ বুলি যে বুজাব বিচাৰিছে সেয়া স্পষ্ট৷ পিছে ঔৰংজেৱৰ নাম লৈ যি সভ্যতাৰ কথা কব বিচাৰিছে তাৰ প্ৰত্যুত্তৰ হিচাপে ৬ অক্টোবৰত দৈনিক অসম কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত ডঃ হীৰেণ গোহাইৰ লেখাখিনি উল্লেখ কৰিছো- কোনো সমাজ বা সভ্যতাৰ গৌৰৱ চিৰস্থায়ী নহয়। ভাৰতীয় সমাজৰ আভ্যন্তৰীণ অৱনতি তথা জাতিভেদৰ ক্রমবর্ধমান প্রকোপৰ ফলত ভাৰত স্থৱিৰ হৈ পৰিছিল। সাগৰ পাৰ হৈ ৰাজ্য বিস্তাৰ কৰা ভাৰতীয় হিন্দু শাস্ত্ৰত সমুদ্র যাত্রা নিষিদ্ধ হৈছিল। বহু দক্ষতামূলক বৃত্তি নীচ-অনাচাৰ বুলি চিনাক্ত হৈছিল; আৰু এই সময়ত নতুন ইছলাম ধৰ্মই উজ্জীৱিত কৰা কিছুমান জাতিয়ে দেশে-বিদেশে ৰাজ্য বিস্তাৰ কৰি সমাজৰ উন্নতিৰ নতুন ভিত্তি ৰচনা কৰিছিল। মোগলৰ আগমনৰ কেইবাশতিকা পূর্বে উত্তৰ ভাৰত জয় কৰি বৃহৎ ৰাজ্য গঠন কৰিছিল। চুলতানসকলে ঐতিহাসিক মহম্মদ হবিবে দেখুওৱা মতে ভাৰতত এক নতুন পৌৰ সভ্যতাৰ জন্ম দিছিল। আগ্রা, মীৰাট আৰু কাণপুৰ আদি চহৰত নতুন উদ্যোগ আৰু বৃত্তি গঢ় লৈ ভাৰতীয় সমাজলৈ নতুন জীৱন আনিছিল।
শ্বেৰ শ্বাহে সমগ্ৰ উত্তৰ ভাৰতৰ মাজেদি বৃটিছে ‘গ্ৰেণ্ড ট্রাংক ৰোড’ নাম দিয়া সুদীর্ঘ মহাপথ নির্মাণ কৰি দিছিল বেপাৰ-বাণিজ্যৰ সুবিধাৰ বাবে। ৰাজকোষৰ এক বিপুল অংশ আহিছিল বাণিজ্যৰ বিবিধ কৰকাটলৰ জৰিয়তে। মাোগল যুগত উক্ত পথৰ দুই কাষে অজস্র অতিথিশালা পাতি দিয়া হৈছিল পণ্য পৰিবহন সুচল কৰিবলৈ। ছাহজাহানৰ দিনত তেতিয়াৰ লণ্ডনতকৈ বহুগুণ ডাঙৰ আগ্রা, লাহোৰ আদি চহৰৰ ঐশ্বর্য আৰু আড়ম্বৰে পশ্চিমৰ ভ্ৰমণকাৰীৰ চকু ছাট মাৰি ধৰাৰ উপৰি ইউৰোপৰ সমাজত প্ৰবাদৰ ৰূপ লৈছিল। বৃটিছৰ পৰিকল্পিত নীতি আৰু কাৰ্যপন্থাই সেইবোৰক জীর্ণ জঁকাত পৰিণত কৰিছিল। এনে ঐতিহাসিক সত্যক বিকৃত কৰা আজিৰ অপপ্রচাৰৰ অন্তৰালত নিকৃষ্ট ৰাজনীতিহে আছে। যোৱা দুই অক্টোবৰত দৈনিক অসম কাকতত প্ৰকাশিত ড° ভুৱনেশ্বৰ চহৰীয়াৰ মনোজ্ঞ প্রবন্ধৰ সমালোচনাকৰি এনেদৰেই উল্লেখ কৰিছিল ডঃ হীৰেন গোহাইয়ে৷ 
পিছে হিমন্ত বিশ্ব শৰ্মাই কথা কব পাৰে কাৰণে সকলো কথা সঁচা হৈ নাযায়। প্ৰতিশ্ৰুতি দিয়াটো ৰাজনৈতিক নেতাৰ অভ্যাস। সঁচাক মিছা কৰাৰ যুক্তিৰে, মিছাক সঁচা কৰাৰ শব্দৰ জালেৰে ৰাইজক দীৰ্ঘ সময় মোহচন্ন কৰি ৰাখিব যে  নোৱাৰি সেই কথা হয়তো মন্ত্ৰী শৰ্মাই পাহৰি পেলাইছে৷ অসমবাসী সজাগ হ’বৰ হ’ল । কাৰণ প্ৰতিটো কথা-বাৰ্তাত মুছলমান সন্দৰ্ভত ভয়ঙ্কৰ  মন্তব্য কৰি মুছলমান সকলক উত্তেজিত কৰি  বিপদগামী পথলৈ ঠেলি দিয়াৰ এক পৰিকল্পনা ৰচনা কৰা হৈছে বুলি ক’লেও ভুল নহব।  এই ক্ষেত্ৰত সমাজ হিতৈষী ব্যক্তিয়ে জনতাক একত্ৰিত কৰি সজাগ কৰাৰ প্ৰযোজন । ৰাজনৈতিক নেতাই ভোট বেংকৰ ৰাজনীতি কৰিবই। ধৰ্মৰ নামত যাতে অসমত উত্তেজনা বিৰাজ নকৰে, তাৰ বাবে বিশেষকৈ অসমৰ মুছলমান সজাগ হোৱাৰ প্ৰযোজন । কোনোবাই যাতে আবেগৰ বশৱৰ্ত্তী হৈ প্ৰত্যাক্ৰমন নকৰে। কাৰণ এজনে প্ৰত্যাক্ৰমণ কৰিলে তাৰ প্ৰত্যুওৰত সাম্প্ৰদায়িক যাতে সাম্প্ৰদায়িক সংঘৰ্ষ নহয় সেয়াই আমাৰ আহ্বান ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি