Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:41 pm

Home » আঞ্চলিক » অসম » এতিয়াৰে পৰা সকলো বাহনত ১০০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব

এতিয়াৰে পৰা সকলো বাহনত ১০০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব

গুৱাহাটী:আজিৰ পৰা চকাবন্ধ আঁতৰিল, এতিয়া গাড়ীত উঠাৰ সময়ত সাৱধান হওক, নিয়ম অমান্য কৰিলেই কঠোৰ শাস্তি!পৰিবহণ বিভাগ আৰু সদৌ অসম মটৰ পৰিবহণ সন্থাৰ মাজত হোৱা বৈঠকৰ অন্তত ৰাজ্যৰ পৰিবহণ বিভাগে জাৰি কৰিলে নিৰ্দেশনা ৷

ৰাজ্যজুৰি ৫ অক্টোবৰৰ পৰা অব্যাহত আছিল সদৌ অসম মটৰ পৰিবহণ সন্থাৰ অনিৰ্দিষ্টকালীন বন্ধৰ কাৰ্য্যসূচী ৷ ব্যক্তিগত মালিকাধীন বাহনত ১০০ শতাংশ যাত্ৰীৰ সুবিধাৰ লগতে পথকৰ ৰেহাইৰ দাবীত চকা বন্ধৰ আহ্বান কৰিছিল সংগঠনটোৱে। ইয়াৰ ফলত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছিল সাধাৰণ লোকে।
যোৱা মঙলবাৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে বৈঠকত বহিছিল সদৌ অসম মটৰ পৰিবহণ সন্থা। সেই সময়তে বিভাগীয় মন্ত্ৰী পাটোৱাৰীয়ে কোভিড প্ৰট’কল অনুসৰি স্বাস্থ্য বিভাগে ১০০ শতাংশ যাত্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ বাবে পৰিবহণ বিভাগে সন্থাৰ পৰা বিচাৰিছিল এসপ্তাহ সময়।
এতিয়াৰে পৰা সকলো বাহনত ১০০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব কোনো যাত্ৰীকে থিয় কৰাই নিব নোৱাৰিব বাছত। চৰকাৰী এই লিখিত নিৰ্দেশ লাভ কৰাৰ পাছতে অৱশেষত অনিৰ্দিষ্টকালীন বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে সদৌ অসম মটৰ পৰিবহণ সন্থাই ৷ চৰকাৰী নিৰ্দেশ লাভ কৰাৰ লগে লগে বাহন সমূহ চলাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু…
কাৰণত যাত্ৰীৰ পৰা বাহন সমূহে লব নোৱাৰিব পূৰ্ব নিৰ্ধাৰিত মূল্যতকৈ অধিক ভাড়া।গাড়ীত থাকিব লাগিব চেনিটাইজাৰ। এবাৰৰ যাত্ৰা শেষ কৰাৰ পিছত গাড়ীখন চেনিটাইজ কৰিব লাগিব। সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰিব লাগিব। ড্ৰাইভাৰ আৰু কৰ্মচাৰীয়েও পৰিধান কৰিব লাগিব মাস্ক। যদি চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম উলংঘা কৰে, তেন্তে হ’ব লাগিব কত্ঠোৰ শাস্তিৰ সন্মুখীন।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি