| |

জাগীৰোডত সংঘটিত হৈছে জঘন্য ধৰ্ষণকাণ্ড

জাগীৰোড: দেশত ধৰ্ষণ-নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে পুনৰ জাগীৰোডত সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী নাবালিকাক৷ জানিব পৰা মতে সোমবাৰে নিশাৰ আন্ধাৰৰ সুযোগ লৈ হাৰেজ আলি নামৰ এটা পাষণ্ডই সংঘটিত কৰিলে এই পাশৱিক কাণ্ড ৷ জাগীৰোডৰ তৰঙাপাৰত সংঘটিত এই ঘটনাৰ অভিযোগ অনুসৰি কাজিয়াত লিপ্ত হৈ নিশাৰ আহাৰ গ্ৰহণ নকৰাকৈ ওলাই গৈছিল নাবালিকাগৰাকীৰ পৰিয়ালৰ এজন সদস্যই ৷ সেই সদস্যজনক মাতিবলৈ ঘৰৰ ওচৰৰে এটা তেল ডিপুত গৈছিল প্ৰায় ১৪ বছৰীয়া নাবালিকাগৰাকী ৷ আৰু তাৰ পৰা ওভতাৰ পথতে এন্ধাৰৰ সুযোগ লৈ নাবালিকা গৰাকীক ধৰ্ষণ কৰে হাৰেজ আলি নামৰ লম্পট যুৱকজনে ৷ ইমানতে ক্ষান্ত নাথাকি ঘটনাক গাপ দিবলৈ নাবালিকাগৰাকীৰ ঘৰৰ নিচেই কাষতে হত্যাৰ চেষ্টা চলায় লম্পট হাৰেজে ৷