Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:15 am

Home » আঞ্চলিক » অসম » ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ সাংসদ গৌৰৱ গগৈৰ

ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ সাংসদ গৌৰৱ গগৈৰ

 তামিলনাডু:যোৱা ২৮ ছেপ্তেম্বৰত তামিলনাডুৰ তীৰুপুৰ জিলাৰ পাল্লাডমত অসমৰ এগৰাকী ২২ বছৰীয়া অসমীয়া যুৱতী দলবদ্ধ ধৰ্ষণৰ বলি হয়। চাকৰিৰ প্ৰলোভন দেখুৱাই ছটা লম্পটে দলবদ্ধ ধৰ্ষণ কৰে যুৱতীগৰাকীক।এতিয়া সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবীৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে সাংসদ গৌৰৱ গগৈ।

তামিলনাডুৰ মুখ্যমন্ত্ৰী Thiru K Palaniswamiলৈ পত্ৰ প্ৰেৰণ কৰিছে সাংসদগৰাকীয়ে। পত্ৰত তেওঁ ধৰ্ষণকাৰীক আদালতে যাতে ফাঁচী দিয়ে সেই দিশত মুখ্যমন্ত্ৰীক যথাযথ পদক্ষেপ ল’বলৈ দাবী জনায়। লগতে তেওঁ ভুক্তভোগীক আৰ্থিক সাহায্য আৰু প্ৰয়োজনীয়  চিকিৎসা প্ৰদান কৰিবলৈও দাবী জনায়।

পত্ৰত গগৈয়ে লগতে কয় – ‘মেট্ৰ’পলিটান চহৰ সমূহত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আৰু চাকৰি বিচাৰি অহা উত্তৰ পূৱৰ যুৱতী যৌন হিংসাৰ  বলি হোৱাৰ ঘটনা নতুন নহয়। আৰু তামিলনাডুৰ ঘটনাই এয়াই প্ৰতীয়মান কৰিলে যে, একো পৰিবৰ্তন হোৱা নাই। গগৈয়ে এজন অভিযুক্তক এতিয়াও তামিলনাডু আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰাত দুখ প্ৰকাশ কৰিছে। উল্লেখযোগ্য আৰক্ষীয়ে ইতিমধ্যে ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি