নতুন দিল্লী : পুনৰ ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে উত্তৰপ্ৰদেশত। হাথৰছ কাণ্ডকে ধৰি ধাৰাবাহিকভাৱে সংঘটিত হোৱা কেইবাটাও ধৰ্ষণ-হত্যাৰ ঘটনাই সমগ্ৰ দেশতে প্ৰবল জোকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ হত্যাৰ বলি হৈছে ১১বছৰীয়া এগৰাকী কিশোৰী। অতি নৃশংসভাৱে কিশোৰীগৰাকীৰ মূৰ শিল-ইটাৰে থেতেলিয়াই হত্যা কৰে দুৰ্বৃত্তই।
বৃহস্পতিবাৰে ৰাজ্যখনৰ পূব প্ৰান্তৰ ভাডোহীত সংঘটিত হোৱা এই নৃশংস কাণ্ডৰ বলি হোৱা কিশোৰীগৰাকী নিম্নজাতৰ আছিল বুলি জানিবপৰা গৈছে। ভাডোহীৰ আৰক্ষীয়ে তিনিজন লোকক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা বুলি জানিবপৰা গৈছে। পথাৰলৈ নিত্যকৰ্মৰ বাবে যোৱা কিশোৰীগৰাকী ঘৰলৈ উভতি আহিবলৈ সক্ষম নহ’ল। পিছত তেওঁৰ পৰিয়ালক লোকে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীয়ে হত্যাৰ পূৰ্বে কিশোৰীগৰাকীক ধৰ্ষণ কৰা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰে যে, ‘এতিয়ালৈ নিশ্চিত হোৱা নাই যদিও এয়া ধৰ্ষণৰ ঘটনা হোৱাৰ আশংকা আছে। কিয়নো কিশোৰীগৰাকীক হত্যা কৰা আন একো কাৰণ নাই।’