Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:59 am

Home » আঞ্চলিক » অসম » এটা দল, এখন পতাকাৰ তলত এটা প্ৰতীক লৈ গঠন হ’ল ‘ৰাইজৰ দল’

এটা দল, এখন পতাকাৰ তলত এটা প্ৰতীক লৈ গঠন হ’ল ‘ৰাইজৰ দল’

গুৱাহাটী : এটা দল, এখন পতাকাৰ তলত এটা প্ৰতীক লৈ শক্তিশালী আঞ্চলিক দলৰ পোষকতা কৰি অহা কৃষক সমিতিয়ে আজি ঘোষণা কৰে নতুন আঞ্চলিক ৰাজনৈতিক দল৷ দলটোৰ নাম ‘ৰাইজৰ দল’৷ নতুন দল ঘোষণাৰ লগতে আজি গঠন কৰা হয় এখন আহ্বায়ক কমিটী৷

মহানগৰীৰ হোটেল গেটৱে’ত অনুষ্ঠিত সংবাদমেলত অখিল গগৈৰ জিন্দাবাদ ধ্বনি দি ৭০সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত ঘোষণা কৰে কৃষক মুক্তিৰ আঞ্চলিক দল ‘ৰাইজৰ দল’৷ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে ঘোষণা কৰা হয় এই দলটো৷

‘ৰাইজৰ দল’ৰ মুখ্য ৰাজ্যিক আহ্বায়ক হিচাপে থাকিব অখিল গগৈ। লগতে, ভাস্কো ডি শইকীয়া, লোহিত গগৈ, মহেন্দ্ৰ দিহিঙীয়া, অলোক নাথ, হুছেইন মহম্মদ চাহজাহান, জিতুল ডেকা, ৰত্নেশ্বৰ দেউৰী, গিৰি শংকৰ গোস্বামী, ৰুবুল দাসো থাকিব আহ্বায়কৰ দায়িত্বত৷ সমন্বয়ৰক্ষী সমিতিত আছে অলোক নাথ, দেৱজিৎ দত্ত, ৰাজু বৰা, ধৈৰ্য্য কোঁৱৰ, অংকুৰণ দত্ত, ধ্ৰুৱজ্যোতি ভড়ালী৷

নতুন ৰাজনৈতিক দলৰ উপদেষ্টা কমিটীত আছে বুদ্ধিজীৱী ডঃ হীৰেন গোঁহাই, সাহিত্যিক নগেন শইকীয়া, বিশিষ্ট ছবি পৰিচালক তথা প্ৰযোজক জাহ্নু বৰুৱা, উদয়াদিত্য ভড়ালী, আবু চৈয়দ আহমেদ, পৃথ্বিৰাজ ৰাভা, সঞ্জয় কুমাৰ তাঁতী, হাচিফ ৰচিদ আহমেদ চৌধুৰী, নাৰায়ণ শৰ্মা, সীতানাথ লহকৰ, জে পি দাস, ঘনশ্যাম নাথ, সৈত্যেন্দ্ৰ নাথ ডেকা, অৰুণ গগৈ, সুমিত্ৰা হাজৰিকা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি