Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:01 pm

Home » আঞ্চলিক » অসম » আঞ্চলিক দলক অনুৰোধ কৰিম আপোনালোক এক গোট, এটা দললৈ আহক : হিমন্ত বিশ্ব শৰ্মা

আঞ্চলিক দলক অনুৰোধ কৰিম আপোনালোক এক গোট, এটা দললৈ আহক : হিমন্ত বিশ্ব শৰ্মা

 আপোনালোক একত্ৰিত হওক, তেতিয়া আমাৰো নিৰ্বাচন খেলি ভাল লাগিব

 গুৱাহাটী:BPF দলে শেহতীয়াকৈ বিজেপিৰ বিৰোধী স্থিতি গ্ৰহণ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰত এইবাৰ বিজেপিৰ চৰকাৰ হ’ব।

ৰাজ্যত নতুনকৈ গঠন কৰা আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত পুনৰ মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চতিয়াত মন্ত্ৰীগৰাকীয়ে কয় – ‘গণতন্ত্ৰত ৰাজনৈতিক দল খোলাটো ভাল।কিন্তু হিচাব নোহোৱাকৈ জধেমধে দল খুলি হাঁহিয়াতৰ পাত্ৰ কৰাৰ বহুত বেছি প্ৰয়োজনো নাই। গতিকে মই আঞ্চলিক দলক অনুৰোধ কৰিম আপোনালোক এক গোট, এটা দললৈ আহক। তেতিয়া আমাৰো নিৰ্বাচন খেলি ভাল লগা হ’ব। নহলে প্ৰাৰ্থীবিলাকৰ নামেই মনত নাথাকিব। একোটা একোটা সমষ্টিত ৫০ জনতকৈ অধিক প্ৰাৰ্থী হ’ব। কাৰ ভোট ক’ত যাব হিচাপ–নিকাচ নোহোৱা হ’ব। সেইকাৰণে ময়ে তেওঁলোকক অনুৰোধ কৰিছো, সকলো একত্ৰিত হওক। এফালে বিজেপি, এফালে কংগ্ৰেছ আৰু আপোনালোকো একত্ৰিত হৈ এটা হ’লে আমাৰো নামবিলাক মনত ৰখা সুবিধা হ’ব।’

নিৰ্বাচনী আচৰণবিধি বলবৎ থকাৰ পিছতো BTCৰ সলনি BTR ঘোষণা কৰাৰ পিছত সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰ গঠনৰ সিদ্ধান্ত বড়ো চুক্তি স্বাক্ষৰ কৰাৰ সময়তে হৈছিলে আৰু বড়োলেণ্ড নিৰ্বাচনৰ ঘোষণা কৰাৰ আগতেই এই চুক্তি হৈছিল। সেই  চুক্তিত বিপিএফ দলে নিজেও স্বাক্ষৰ কৰিছিলে যে বিটিচিখন বিটিআৰ হ’ব। গতিকে যিটো বিষয়ত আমি নিজেই চহী কৰি থৈছো, আগতে সন্মতি দিছো, এতিয়া ৰাজনীতিৰ  কাৰণে আমি নিজেই চহী কৰা চুক্তি এখনক নহয় বুলি কোৱাতো উচিত নহ’ব। নিৰ্বাচনত জিকা–হাৰা হৈ থাকিব, কিন্তু মানুহৰ কমিটমেণ্ট  কমিটমেণ্ট হৈ থাকিব লাগে।

BPF দলে শেহতীয়াকৈ বিজেপিৰ বিৰোধী স্থিতি গ্ৰহণ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰত এইবাৰ বিজেপিৰ চৰকাৰ হ’ব। আমাৰ দলৰ স্থিতি বিটিআৰত আগৰ স্থিতিতকৈ বহুত ভাল হৈছে। বিটিআৰত যেতিয়াই নিৰ্বাচন হয় আমাৰ দলৰে চৰকাৰ গঠন হ’ব। আজি চতিয়া সমষ্টিত কেইবাটাও উন্নয়নমূলক আঁচনিৰ উদ্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি