| |

Covid19 ক লৈ হেতালি চিকিৎসা কৰ্মচাৰীৰ

লংকা:ফৰমাৰপাৰ গাওঁপঞ্চায়তত দেখাগল এক অনুৰূপ দৃশ্য৷ফৰমাৰপাৰ গাওঁ পঞ্চায়তত বুধবাৰে covid test কৰা হয় আৰু এজন ব্যক্তিক covid positive ধৰা পৰাৰ পিছত ব্যক্তিগৰাকীক Covid centerত লৈ যোৱা হয় ৷কিন্তু ৰোগীয়ে বহা চকী  আৰু Covid ত ব্যৱহাৰ কৰা ঔষধৰ আৱৰ্জনা ঠাইতে পেলাই থৈ যায় ৷ উল্লেখ্য যে গাওঁ পঞ্চায়তত এটা আধাৰ কাৰ্ডৰ চেন্টাৰ আছে৷ যত বহুলোকৰ আগমন হয়৷ তেনেস্থলত মহামাৰীৰ কৰুনাক লৈ চলা হেমাহি কিমান গ্ৰহণযোগ্য ?  মনকৰিবলগীয়া যে পঞ্চায়তখনত ডাঙৰকৈ আৰি থোৱা  বেনাৰত লিখা ” মুকলিত মলত্যাগ মুক্ত গাওঁপঞ্চায়ত ফৰমাৰপাৰ লৈ আপোনালোকক স্বাগতম “বাক্যশাৰীৰ এয়া নেকি বাস্তৱ প্ৰতিছবি ?

| | |

UNCUT- আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ সংবাদমেল

মনিশ্বা বাল্মিকীৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ইন্টাৰনেচনেলৰ কাৰ্যবাহী সম্পাদিকা চাহিবা আহমেদৰ    লখিমপুৰ :  যোৱা ১৫ দিন আগত উত্তৰ প্ৰদেশৰ চাতৰাত জিলাত মনিশ্বা বাল্মিকী নামৰ ১৫ বছৰীয়া যুৱতীক চাৰি জন নৰপিচাছে দলবদ্ধ বাবে দৰ্শন কৰাৰ উপৰিও জিভা কাটি হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছে। কিন্তু এতিয়ালৈকে মনিশ্বা বাল্মিকী য়ে কোনো ধৰণৰ ন্যায় পোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে। যাৰ পৰিপ্ৰেক্ষিতত আজি লখিমপুৰ জিলাৰ লালুকত থকা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল যোগে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ইন্টাৰনেচনেলৰ কাৰ্যবাহী সম্পাদিকা চাহিবা আহমেদে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথৰ চৰকাৰক অনতি পলমে দোষীক কঠোৰ শাস্তি প্ৰদানৰ

| | |

আঞ্চলিক দলক অনুৰোধ কৰিম আপোনালোক এক গোট, এটা দললৈ আহক : হিমন্ত বিশ্ব শৰ্মা

 আপোনালোক একত্ৰিত হওক, তেতিয়া আমাৰো নিৰ্বাচন খেলি ভাল লাগিব  গুৱাহাটী:BPF দলে শেহতীয়াকৈ বিজেপিৰ বিৰোধী স্থিতি গ্ৰহণ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰত এইবাৰ বিজেপিৰ চৰকাৰ হ’ব। ৰাজ্যত নতুনকৈ গঠন কৰা আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত পুনৰ মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চতিয়াত মন্ত্ৰীগৰাকীয়ে কয় – ‘গণতন্ত্ৰত ৰাজনৈতিক দল খোলাটো ভাল।কিন্তু হিচাব নোহোৱাকৈ জধেমধে দল খুলি হাঁহিয়াতৰ পাত্ৰ কৰাৰ বহুত বেছি প্ৰয়োজনো নাই। গতিকে মই আঞ্চলিক দলক অনুৰোধ কৰিম আপোনালোক এক গোট, এটা দললৈ আহক। তেতিয়া আমাৰো নিৰ্বাচন খেলি ভাল লগা হ’ব। নহলে প্ৰাৰ্থীবিলাকৰ নামেই মনত নাথাকিব। একোটা একোটা সমষ্টিত ৫০ জনতকৈ অধিক প্ৰাৰ্থী হ’ব। কাৰ ভোট ক’ত যাব হিচাপ–নিকাচ নোহোৱা হ’ব। সেইকাৰণে ময়ে তেওঁলোকক অনুৰোধ কৰিছো,

| |

গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী

নয়ডা : উত্তৰ-প্ৰদেশৰ হাথৰছৰ ধৰ্ষণ-হত্যাৰ বলি যুৱতীৰ ঘৰলৈ যোৱাৰ বাটতে গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী হাছৰথলৈ যোৱাৰ পৰিকল্পনাৰ কথা সদৰী হোৱাৰ পাছতে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে ১৪৪ধাৰা জাৰি কৰিছিল আৰু হাছৰথত প্ৰৱেশ বন্ধ কৰি দিয়া হৈছিল। ৰাহুল-প্ৰিয়ংকাৰ কনভয়ক গ্ৰেটাৰ নয়ডাৰ এক্সপ্ৰেছৱে’তে বাধা দিছিল আৰক্ষীয়ে। আৰক্ষীৰ বাধাৰ পাছতে সমৰ্থকসকলৰ সৈতে কনভয় এৰি পদব্ৰজে হাথৰছ অভিমুখে ৰাওনা হয় ৰাহুল-প্ৰিয়ংকা। কিন্তু তাতো আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু ১৮৮ধাৰাত আৰক্ষীয়ে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ লোকে ৰাহুল গান্ধী আৰু কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত লাঠীচালনা কৰাৰ লগতে কৰাৰ লগতে ৰাহুলক থেলি মাটিত বগৰাই দিয়া বুলিও অভিযোগ কৰিছে কংগ্ৰেছ নেতাজনে। এনে ভালেমান আলোকচিত্ৰও ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আৰক্ষীৰ এনে

| |

আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান

 বাৰ্লিনৰ চলচ্চিত্ৰ সপ্তাহত আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান গুৱাহাটী: প্ৰখ্যাত অভিনেতা তথা অসম সন্তান আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান৷ বাৰ্লিনত চলি থকা ইণ্ডো-জাৰ্মান ফিল্ম উইকত ‘পৰীক্ষা’ ছবিত কৰা অভিনয়ৰ বাবে তেওঁলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে৷ বুধবাৰে নিশা অভিনেজনে টুইটাৰযোগে সদৰী কৰে এই কথা৷ তেওঁ বাৰ্তাটোত কয়, ‘কালিনিশা বাৰ্লিনৰ ইণ্ডো-জাৰ্মান ফিল্ম উইক’ত ‘পৰীক্ষা’ ছবিৰ বুচ্চি পাছোৱান’ চৰিত্ৰত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি মই শিহৰিত হৈছোঁ৷এই স্বীকৃতিৰ বাবে ধন্যবাদ৷ মই এই বঁটা প্ৰকাশ ঝা আৰু ছবিখনৰ সৈতে জড়িত আটাইৰে সৈতে ভগাই লৈছোঁ৷’

| |

বিটিচিত এদিনো বৃদ্ধি হ’ব নালাগে ৰাজ্যপালৰ শাসন, অন্যথা হ’ব ভয়ংকৰ পৰিস্থিতি:নৱ কুমাৰ শৰণীয়া

গুৱাহাটী:বিটিএডিৰ নামকৰণ বিটিআৰ হোৱাৰ পিছত গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিৰ বাবে গঠিত আয়োগত বিভিন্ন জাতি–জনগোষ্ঠীৰ প্ৰতিনিধিক স্থান লাভ নকৰাত আক্ষেপ ব্যক্ত কৰে সাংসদ শৰণীয়াই ৷বিটিচিত ৰাজ্যপালৰ শাসনকাল বৃদ্ধি কৰিলে পৰিস্থিতি ভয়ংকৰ হ’ব৷ ইয়াৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে গৃহ বিভাগ জগৰীয়া হ’ব৷ এই মন্তব্য কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷ অহা ২৭ অক্টোবৰত অন্ত পৰিবলগীয়া ৰাজ্যপালৰ শাসনৰ ম্যাদ কোনো কাৰণতে বৃদ্ধি নকৰি বিটিচি নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী জনায় সাংসদ শৰণীয়াই৷  আনহাতে, বিটিএডিৰ নামকৰণ বিটিআৰ হোৱাৰ পিছত গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিৰ বাবে গঠিত আয়োগত বিভিন্ন জাতি–জনগোষ্ঠীৰ প্ৰতিনিধিক স্থান লাভ নকৰাত আক্ষেপ ব্যক্ত কৰে সাংসদ শৰণীয়াই ৷ অবড়ো অধ্যুষিত গাঁওসমূহে দীৰ্ঘদিনে বিটিচিৰ পৰা কৰ্তন কৰাৰ দাবী জনাই অহাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা

| |

SI নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকা গ্ৰেপ্তাৰ

গুৱাহাটী :আত্মসমৰ্পণ কৰিবলৈ আহি অৱশেষত গ্ৰেপ্তাৰ হ’ল দিবন ডেকা ,বৰ্তমান চি আই ডি কাৰ্যালয়লৈ আনি থকা হৈছে দিবন ডেকাক।  অৱশেষত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকা। পাটাচাৰকুচিলৈ আত্মসমৰ্পণ কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপি নেতা দিবন ডেকাক। বৰ্তমান  চি আই ডি কাৰ্যালয়লৈ আনি থকা হৈছে দিবন ডেকাক। চি আই ডিৰ কাৰ্যালয়লৈ অনাৰ পিছতে জেৰা কৰা হ’ব দিবনক। উল্লেখযোগ্য যে, ইতিমধ্যে অসম আৰক্ষীয়ে দিবন ডেকাক মষ্ট ৱাণ্টেড ঘোষণা কৰিছিল।

|

খুলিব পাৰিব মাল্টিপ্লেক্স, চিনেমা হল, থিয়েটাৰ হল

নতুন দিল্লী : কৰ’না সন্ত্ৰাসৰ মাজতে দেশত জাৰি কৰা হ’ল আনলক-৫ৰ গাইডলাইন। উৎসৱৰ পৰিৱেশত চৰকাৰে আনলক-৫ত বহু ক্ষেত্ৰত শিথিল কৰিবলৈ ওলাইছে নিয়ম। আনলক-৫ৰ গাইডলাইন অনুসৰি ১৫ অক্টোবৰৰ পৰা দেশত খুলিব পাৰিব মাল্টিপ্লেক্স, চিনেমা হল, থিয়েটাৰ হল। কিন্তু এই ক্ষেত্ৰত মুঠ আসনৰ সংখ্যা মাত্ৰ ৫০ শতাংশ লোকহে প্ৰৱেশ কৰিব পাৰিব হলবোৰত।  বিদ্যালয় আৰু ক’ছিং চেণ্টাৰ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে ১৫ অক্টোবৰৰ পাছতহে গ্ৰহণ কৰিব সিদ্ধান্ত। অৱশ্যে, এই ক্ষেত্ৰত নিত্যান্তই জৰুৰী হ’ব শিক্ষাৰ্থী-অভিভাৱকৰ অনুমতি। ইফালে আনলক-৫ত খেলুৱৈ-প্ৰশিক্ষণৰ বাবে মুকলি কৰা হ’ব ছুইমিং পুল। আনহাতে বিনোদন উদ্যান খোলাৰ ক্ষেত্ৰতো আনলক-৫ৰ জৰিয়তে অনুমতি প্ৰদান কৰিছে চৰকাৰে।

| |

আজিৰে পৰা চলিব কামাখ্যা–মুৰ্কংচেলেক বিশেষ ৰে’ল

গুৱাহাটী:সাত মাহ পিছত আজিৰে পৰা চলিব কামাখ্যা–মুৰ্কংচেলেক বিশেষ ৰে’ল ৷  ৰে’ল বিভাগে লোৱা সিদ্ধান্তক আদৰণি জনাইছে ধেমাজিবাসীয়ে৷উত্তৰ অসম বাসীৰ বাবে সুখবৰ৷ আজিৰে পৰা চলিব কামাখ্যাৰ পৰা মূৰ্কংচেলেক অভিমুখী বিশেষ ৰে’ল৷ কোৰোণা মহামাৰীৰ বাবে যোৱা সাতটা মাহে ৰে’ল সেৱা বন্ধ ৰাখিছিল চৰকাৰে৷ গণসংক্ৰমণ যাতে অধিক বৃদ্ধি নাপাই তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সিদ্ধান্ত লৈছিল ৰে’লসেৱা বন্ধ ৰখাৰ৷ সুদীৰ্ঘ সাতটা মাহৰ পিচত ১ অক্টোবৰৰ পৰা তথা আজিৰে পৰা কামাখ্যাৰ পৰা মূৰ্কংচেলেক বিশেষ ৰে’ল চলোৱাৰ কথা সদৰী কৰাৰ পিছতে ৰে’ল ষ্টেচনসমূহ চাফ–চিকুণ কৰাৰ লগতে ছেনিটাইজ কৰা হৈছে৷ ধেমাজি ৰে’লৱে ষ্টেচনটোও ইতিমধ্যে চাফ–চিকুণ কৰা হৈছে৷ ইয়াৰ সমান্তৰালকৈ ৰে’ল বিভাগৰ যাত্ৰীসকলৰ প্ৰতি আহ্বান – স্বাস্থ্য বিধিসমূহ পালন কৰি যাতে গন্তব্য স্থানলৈ যাত্ৰা কৰে৷ সামাজিক দূৰত্ব, মুখত