Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:51 am

Home » দেশ-বিদেশ » ছনু ছুডলৈ ৰাষ্ট্ৰসংঘৰ বিশেষ স্বীকৃতি

ছনু ছুডলৈ ৰাষ্ট্ৰসংঘৰ বিশেষ স্বীকৃতি

নতুন দিল্লী : দেশত লকডাউন ঘোষণাৰ পাছতে দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ  পৰা শ্ৰমিকসকলৰ দুৰ্দশাই সকলোৰে চকু সেমেকাই তুলিছিল। বন্ধ পথ-উপপথত নিজ নিজ ঘৰলৈ ওভতাৰ উপায় বিচাৰি হাহাকাৰ কৰিছিল দুৰ্দশাগ্ৰস্ত এইসকল শ্ৰমিকে। সেই সময়তে এগৰাকী বলীউড তাৰকাই এইসকল দুৰ্দশাগ্ৰস্ত শ্ৰমিকৰ কাষত থিয় হৈ তেওঁলোকক সৰ্বতোপ্ৰকাৰে সহায়ৰ চেষ্টা কৰিছিল।

এইসকল বিপদগ্ৰস্ত লোকক নিজা খৰচত বাছ, ৰে’লেৰে স্বগৃহলৈ ঘূৰাই পঠোৱাৰ বাবে সকলো ধৰণৰ সহায় কৰিছিল অভিনেতাগৰাকীয়ে। ছ’চিয়েল মিডিয়াত সেই সময়ত হিৰো ৰূপে বন্দিত হৈ পৰা এইগৰাকী জনপ্ৰিয় ‘খলনায়ক’ ছনু ছুডে এইবাৰ লাভ কৰিছে ৰাষ্ট্ৰসংঘৰ স্বীকৃতি। লকডাউনৰ সময়ত দুৰ্দশাগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কৰা অপৰিসীম চেষ্টাৰ বাবেই ‘ইউনাইটেড নেচনছ ডেভলপমেণ্ট প্ৰগ্ৰেমছ’ (ইউএনডিপি)এ তেওঁলৈ আগবঢ়াইছে সন্মানীয় ‘এছডিজি স্পেচিয়েল হিউমেনিটৰিয়ান এৱাৰ্ড’।

সোমবাৰে তেওঁ ভাৰ্চুৱেল এক অনুষ্ঠানত এই পুৰষ্কাৰ গ্ৰহণ কৰে। দুৰ্দশাগ্ৰস্ত শ্ৰমিকসকলক সৰ্বতোপ্ৰকাৰৰ সকাহ দিয়াৰ লগতে ৪৭বছৰীয়া তাৰকাগৰাকীয়ে তেওঁৰ মুম্বাইত থকা হোটেলত স্বাস্থ্যকৰ্মীক থকাৰ ব্যৱস্থা কৰি দিছিল। তেওঁ লগতে মুম্বাইত তাণ্ডৱ চলোৱা নিসৰ্গ ঘূৰ্ণীৰ সময়ত ভালেমান লোকক নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা কৰি দিছিল। ছনু ছুডৰ উপৰি প্ৰিয়ংকা চোপ্ৰা, লিঅ’নাৰ্ড’ ডিকেপ্ৰিঅ’, এঞ্জেলিনা জলী, ডেভিড বেকহাম, ইমা ৱাটছন, লিমা নীছন আদিৰ দৰে তাৰকায়ো ৰাষ্ট্ৰসংঘৰ বিভিন্ন শাখাই আগবঢ়োৱা হিউমেটৰিয়ান এৱাৰ্ড লাভ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি