বৰপেটা : গৰিয়া মৰিয়া দেশী জনগোষ্ঠীক সকলো ৰাজনৈতিক দলেই কৰি অহা প্ৰতাৰণা আৰু বঞ্চনাৰ প্ৰতিবাদত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সদৰ বৰপেটাৰ ৰাজপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে৷ গৰিয়া মৰিয়া দেশীসকলক উপগ্ৰহীয় স্বায়ত্ত্ব শাসন প্ৰদান কৰা, উন্নয়ন নিগম অতিশীঘ্ৰে কাৰ্যকৰী কৰা, গৰিয়া মৰিয়া দেশী জনগোষ্ঠীক সুকীয়া জৰীপৰ দ্বাৰা চিনাক্তকৰণ কৰাৰ লগতে শাসকীয় দলৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰা আৰু বিধান সভাৰ মজিয়াত ধার্য্য কৰা বাজেট ৰূপায়ন নকৰাৰ প্ৰতিবাদত সংগঠনটোৱে আজিৰ এই কাৰ্যসূচী ৰূপায়ন কৰে৷ এই কাৰ্যসূচীৰ জৰিয়তে গৰিয়া মৰিয়া দেশীসকলক চৰকাৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদ জনায়৷ কাৰ্যসূচীৰ পূৰ্বে অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমুৰৰ মৃত্যুত শোক প্ৰকাশ কৰি ১ মিনিট মৌনতা অৱলম্বন কৰে ৷ কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ছহিজুল আলী বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ময়ুৰ আলী, সভাপতি আতিকুল হ’ক, সাধাৰণ সম্পাদক চলমান হুছেইন, বৰপেটা জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মফিদুল হক উপস্থিত থাকে৷