Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:18 pm

Home » আঞ্চলিক » অসম » কামপুৰ আৰু ৰহাৰ বিস্তীৰ্ণ অঞ্চলত বানপানীৰ তান্ডৱ

কামপুৰ আৰু ৰহাৰ বিস্তীৰ্ণ অঞ্চলত বানপানীৰ তান্ডৱ

কামপুৰৰ বিভিন্ন স্থানত জলপ্ৰলয়ৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে

কামপুৰ:কপিলী আৰু বৰপানী নৈৰ বানে তচনচ কৰিছে কামপুৰ আৰু ৰহাৰ বিস্তীৰ্ণ অঞ্চল।আহিনমহীয়া বানে তচনচ কৰি পেলাইছে নগাঁও জিলাৰ কামপুৰ আৰু ৰহাৰ বিস্তীৰ্ণ অঞ্চল।নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প‌ই পানী এৰি দিয়াৰ বাবেই কপিলী আৰু বৰপানী  নৈ ফেনে–ফোটোকাৰে উফন্দি উঠি কামপুৰ আৰু ৰহা সমষ্টিৰ বহু অঞ্চল প্লাবিত কৰি পেলাইছে। বিলাই বিপত্তি নোহোৱা অৱস্থা বানাক্ৰান্তৰ লগতে পশুধনৰ৷ চৌদিশে কেৱল পানী আৰু পানী ৷ এক সাগৰ সদৃশ পৰিৱেশৰ মাজত বৰ্ন্যাত‌ই বাস কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

কামপুৰত ওখ ঠাইৰ অভাৱত দলঙৰ ওপৰত শিবিৰ পাতি থাকিব লগা হৈছে বন্যাৰ্তসকলে। বানৰ কবলত পৰিছে ৰহা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল। বৰপানী নদীৰ সপ্তমটো বানে ৰহাৰ মাগুৰগাঁও, আমতলা, কমাৰগাঁও, প্ৰমীলা আদি পঞ্চায়ত সম্পূৰ্ণৰূপে বুৰাই পেলাইছে।

আনহাতে, কপিলী নদীৰ বানৰ কবলত পৰিছে বগলাজান পঞ্চায়তৰ গুইমাৰী, কাকতিগাঁও আদি অঞ্চল। অঞ্চলটোত ঘৰৰ ভিতৰত একঁকাল পানী। বানাক্ৰান্ত ৰাইজে মথাউৰি বা ওখ ঠাইত আশ্ৰয় লৈছে। বানত নষ্ট হৈছে শেহতীয়াকৈ ৰোৱা শালিধানৰ খেতিৰ লগতে অন্যান্য শস্যপথাৰ। বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোক বানত ককবকাই আছে।

কামপুৰৰ বিভিন্ন স্থানত জলপ্ৰলয়ৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ পাহাৰৰ পৰা প্ৰচণ্ড বেগত বৈ অহা পানীয়ে জুকুটাত গড়কাপ্টানী পথৰ এক বৃহৎ অংশ খহাই নিয়াৰ লগতে কেইবাটাও কালভাৰ্টৰ যথেষ্ট ক্ষতিসাধন কৰে৷ হাতীগড়–বামুণীথান সংযোগী গড়কাপ্টানী পথ, কামপুৰ বৈঠালাংচু গড়কাপ্টানী পথ, ৰমণী পথাৰ পথ, জুৰিপাৰকে ধৰি বহুকেইটা গড়কাপ্টানী পথৰ ওপৰেৰে  বাগৰি আছে বাঢ়নী পানী৷

কামপুৰ ৰাজহ চক্ৰৰ লগতে ৰহা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৬০খনৰো অধিক গাঁৱৰ ১০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে এই বানত৷ অৱশ্যে জিলা প্ৰশাসনে বানপানী হোৱা কোনো কোনো অঞ্চলত বানসাহায্য আৰু পশু চিকিৎসা প্ৰদান কৰিছে ৷ কচুৱাৰ বিভিন্ন স্থানত নাৱেৰে পশু চিকিৎসকৰ এটা দলে চিকিৎসা প্ৰদান কৰাৰ লগতে পশুধনৰ ঔষধ বিতৰণ কৰিছে৷

 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি