Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:27 am

Home » আঞ্চলিক » অসম » কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আৰু AJP গঠনে বিজেপিৰ টোপনি হৰিছে : আৰ পি শৰ্মাই

কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আৰু AJP গঠনে বিজেপিৰ টোপনি হৰিছে : আৰ পি শৰ্মাই

 আই টি চেলে ডুবাব ৰাজ্যিক বিজেপিক’ – বিজেপিৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য আৰ পি শৰ্মাৰ


গুৱাহাটী :কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আৰু AJP গঠনে বিজেপিৰ টোপনি হৰিছে বুলিও মন্তব্য কৰে আৰ পি শৰ্মাই৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহ নহয়, নীতিন গাডকাৰীহে হৈছে RSSৰ পছন্দৰ প্ৰাৰ্থী৷ ২০২৪ত নীতিন গাডকাৰীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে RSS–এ সমৰ্থন জনোৱাৰ সম্ভাৱনা আছে৷ সেয়া হৈ নুঠিলে কংগ্ৰেছকে সমৰ্থন কৰিব RSS–এ৷ দীৰ্ঘদিনে RSSৰে জড়িত প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই কৰিলে এই বিষ্ফোৰক মন্তব্য৷

নাগপুৰত RSSৰ মাৰ্গদৰ্শন সভাত ইতিমধ্যে এই সম্পৰ্কে আলোচনা হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত BJPৰ শেহতীয়া কাম-কাজক লৈ RSS অসন্তুষ্ট হোৱা বুলিও ক’লে আৰ পি শৰ্মাই৷২০২১ত অসমত কোনে গঠন কৰিব চৰকাৰ? এশ শতাংশ নিশ্চিতি দি কংগ্ৰেছী নেতা আৰ পি শৰ্মাই কংগ্ৰেছৰ নেতৃত্বতে অসমত চৰকাৰ গঠনৰ দাবী কৰিলে৷ অসমত বিজেপিক ডুবাব কোনে? সেয়াও ক’লে আৰ পি শৰ্মাই৷ ক’লে – ‘অসমত বিজেপিৰ IT Cell–এ ডুবাব দলটোক৷’

আইটি চেল প্ৰসংগত আৰ পি শৰ্মাই তেওঁক ছচিয়েল মিডিয়াত কৰা ট্ৰ’ল সম্পৰ্কে উল্লেখ কৰে৷ বাঘৰ লগত তুলনা কৰি ভালপোৱা আৰ পি শৰ্মাই সেয়ে কলে “বাঘৰ বিৰুদ্ধে শিয়ালে যুঁজিব আহে৷”

BJPত এতিয়া কোনো অনুশাসন নাই – এই অভিযোগো কৰিলে আৰ পি শৰ্মাই৷ বিজেপিৰ আইটি চেল এটা ‘ডাৰ্টী ডিপাৰ্টমেণ্ট’ আৰু এই আইটি চেলে সম্পৰ্কত ৰাজ্যিক সভাপতি ৰণজিত দাসক অভিযোগ দিয়াৰ কথাও উল্লেখ কৰে আৰ পি শৰ্মাই৷

আনহাতে, কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আৰু AJP গঠনে বিজেপিৰ টোপনি হৰিছে বুলিও মন্তব্য কৰে আৰ পি শৰ্মাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি