| | | |

বিটিআৰ চুক্তিৰ বিৰোধিতাৰে শালবাৰীত তীব্ৰ প্ৰতিবাদ৷

• বিটিআৰ চুক্তিৰ বিৰোধিতাৰে শালবাৰীত তীব্ৰ প্ৰতিবাদ৷ • অবড়ো সুৰক্ষা সমিতি আৰু সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চই ৰূপায়ন কৰিছে এই কাৰ্যসূচী৷ • প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ বিৰোধী শ্লোগানেৰে সৃষ্টি কৰিছে উত্তাল পৰিৱেশ৷ • প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তিলকা দাহ কৰে প্ৰতিবাদকাৰীসকলে৷    বিটিআৰ চুক্তিক সম্বল হিচাপে লৈ ইউপিপিএলে আগন্তুক বিটিএডি নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তেই এই চুক্তিৰ বিৰোধিতা কৰিছে বিপিএফ আৰু অবড়ো সুৰক্ষা সমিতিয়ে৷ ইপিনে শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ চুক্তিক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগুৱাই গৈ বিটিচিৰ নাম বিটিআৰ বুলি উল্লেখ কৰাৰ পিছতেই বিটিএডিত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ ইউপিপিএল দলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ