Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:21 pm

Home » আঞ্চলিক » অসম » জনতা ভৱনত স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল, ভালেমান গুৰুত্বপূৰ্ণ ঘোষণা

জনতা ভৱনত স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল, ভালেমান গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী : স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে। ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিয়মৰ কথা ঘোষণা কৰে মন্ত্ৰী শৰ্মাই৷ ছেপ্টেম্বৰ মাহত প্ৰতিদিনে ২,৪০০জনকৈ আক্ৰান্ত চিনাক্ত হোৱাৰ কথা সদৰী কৰাৰ লগতে ৰাজ্যত এতিয়ালৈ ১,৮৬৪জনে প্লাজমা থেৰাপী লাভ কৰিছে বুলি তেওঁ জনায়৷ ছেপ্টেম্বৰৰ ২৮, ২৯, ৩০ তাৰিখে স্বাস্থ্য বিভাগে এক লাখ লোকৰ ক’ভিড পৰীক্ষা কৰিব বুলিও তেওঁ সদৰী কৰে৷ আনহাতে শিলচৰত ৪০খন বিছনাযুক্ত নতুনকৈ আইচিইউ আৰম্ভ হ’ব বুলিও তেওঁ ঘোষণা কৰে।

তদুপৰি বিমানযাত্ৰীৰ বাবেও ভালেমান নতুন নিয়মৰ কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে৷ সেই অনুসৰি বিমানযাত্ৰীয়ে visitassam.org ৰ জৰিয়তে বিমানবন্দৰৰ প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব৷ বিমানযাত্ৰীৰ ক্ষেত্ৰত এন্টিজেন টেষ্ট নিগেটিভ হ’লে পূৰ্বৰ দৰে ১০ দিনৰ হোম কোৱাৰেন্টাইনৰ নিয়ম মানিব নালাগে বুলি তেওঁ প্ৰকাশ কৰে৷ আৰ টি পি চি আৰ টেষ্টৰ ফলাফল ২,২০০ টকা দিলে একেদিনাই পাব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী শৰ্মাই৷ আৰোগ্য হোৱা ক’ভিড যাত্ৰীয়ে নতুনকৈ পৰীক্ষা কৰোঁৱাৰ প্ৰয়োজন নাই বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য সদৰী কৰি তেওঁ কয় যে, এইমছৰ সঞ্চালক তথা বিশেষজ্ঞ লগত ভিডিঅ’ কনফাৰেন্সযোগে আজি পুৱাৰ ভাগত তেওঁ মিলিত হৈছিল৷ সাংসদ গৌৰৱ গগৈও সংযুক্ত হৈছিল ভিডিঅ’ কনফাৰেন্সত৷ গগৈৰ চিকিৎসাৰ বাবে অচিৰেই এইমছৰ বিশেষজ্ঞ আহিব বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে অসম আৰক্ষীত কৰ্তব্যৰত কনিষ্টবলৰ লগতে বনৰক্ষীয়েও মাহিলী ৰেচনৰ বাবদ ২,০০০ টকাকৈ চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব বুলি স্বাস্থ্য তথা বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

সংবাদমেলত ৰাজ্যৰ চাহ উদ্যোগৰ বাবে বিশেষ আঁচনি ঘোষণা কৰে মন্ত্ৰী শৰ্মাই৷ সকলো বাগিচাকে শ্ৰমিকক পূজাৰ বানচ ২০শতাংশ দিবলৈ আহ্বান মন্ত্ৰী শৰ্মাৰ৷ চৰকাৰী বাগানৰ শ্ৰমিককো ২০শতাংশ বানচ দিয়াৰ কথা ঘোষণা কৰে সংবাদমেলত৷ কোনো চাহ উদ্যোগে ব্যৱসায়িক ঋণ ল’লে চৰকাৰে শতাংশ ৰেহাই দিব৷ অসমৰ অৰ্থ’ডক্স চাহ ৰপ্তানিত প্ৰতি কেজিত অসম চৰকাৰেটকা ৰাজসাহায্য দিব৷ টি বৰ্ডে বৰ্তমান ৩ টকাকৈ দি আছে৷ অৰ্থ’ডক্স টি প্ৰস্তুত কৰিবৰ বাবে কোনো লোকে সা-সৰঞ্জাম কিনিলে ২৫শতাংশ ৰাজসাহায্য দিয়াৰ লগতে অহা ৩বছৰৰ বাবে চাহ বাগিচাই কৃষি আয়কৰ দিব নালাগে বুলিও তেওঁ উল্লেখ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি