Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:07 pm

Home » আঞ্চলিক » অসম » ছচিয়েল মেডিয়াৰ সু-প্ৰভাৱ

ছচিয়েল মেডিয়াৰ সু-প্ৰভাৱ

বৰপেটা:যুৱ নেতা মনিৰুজ জামানৰ ফেচবুকৰ আহ্বান চাই দুখীয়া ছাত্রীক ৰক্তদান কৰিলে সংবাদকৰ্মী আবু নাছিৰ আলমে

সাম্প্ৰতিক সময়ত আধুনিক বিশ্বৰ সকলো দেশতেই বৃদ্ধি পাইছে ছচিয়েল মেডিয়াৰ প্ৰভাৱ । পিছ পৰি থকা নাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অমাৰ ৰূপহী অসম । কিছুমানে এই মাধ্যম ব্যৱহাৰ কৰি অশ্লীল ফটো আপলোড কৰি, বিতৰ্কিত মন্তব্য আগবঢ়াই, ভুল তথ্য দি নানা অসামাজিক কাৰ্য কৰাত উদ্গনি যোগাইছে । ঠিক সমান্তৰালভাৱে কিছুমানে ইয়াক ব্যৱহাৰ কৰি আহিছে সমাজৰ কল্যাণৰ বাবে । যোৱাকালি তাৰেই প্ৰতিফলন ঘটিল সৰুক্ষেত্ৰীত । বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দক্ষিণ বেতবাৰী গাওঁ পঞ্চায়তৰ খান্দাৰকুৰ গাওঁৰ অতিকৈ দৰিদ্ৰ ৰশিদ খানৰ কন্যা তথা বৰপেটা মাধব চৌধুৰী মহাবিদ্যালয়ৰ কলা শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ৰৌশনাৰা খাতুনে যোৱা প্ৰায় এবছৰ ধৰি কলা জ্বৰত ভুগি আছিল । দিনক দিনে অৱস্থা অতিকৈ শোচনীয় হোৱাৰ বাবে তাইক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰায় । পিছত চিকিৎসকে তাইৰ শৰীৰত প্ৰয়োজনীয় ৰক্ত নাই বুলি কোৱাৰ লগতে পৰিয়ালৰ লোকক ৰক্ত যোগান ধৰিবলৈ পৰামৰ্শ দিয়ে । এই ঘটনাটো শুনি সৰুক্ষেত্ৰীৰ উদীয়মান যুৱ সমাজকৰ্মী মনিৰুজ জামানে ৰক্ত বিচাৰি সামাজিক মাধ্যম ফেচবুকত এটি প’ষ্ট কৰে । ফেচবুকৰ পোষ্টটো লক্ষ্য কৰি সৰুক্ষেত্ৰী সমষ্টিৰ বৰবালাৰ বাসিন্দা জাৰাবাৰীস্থিত জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ স্বেচ্ছাসেৱী শিক্ষক তথা কয়াকুছিৰ সংবাদকৰ্মী আবু নাছিৰ আলমে মনিৰুজ জামানক ফোনযোগে স্বেচ্ছাই ৰক্ত দান কৰাৰ ইচ্ছা প্ৰকাশ কৰে । পিছত পাকাবেতবাৰীৰ দুই উদীয়মান যুৱক ছফিউৰ ৰহমান আৰু ছাইফুল ইছলামৰ সহযোগত মনিৰুজ জামানক লগত লৈ মেডিকেলত উপস্থিত হৈ মেধাসম্পন্ন ছাত্রী ৰৌছনাৰাৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ ক্ষেত্রত যিকোনো সহায় কৰিব বুলি যুৱ নেতা মনিৰুজ জামানে আশ্বাস প্রদান কৰাৰ লগতে পঞ্চমবাৰৰ বাবে আবু নাছিৰ আলমে ৰক্তদান কৰে । জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তেও যে সমাজৰ বাবে সমাজকল্যাণমূলক কাম কৰিব পাৰি, কাৰোবাৰ প্ৰাণ বচাব পাৰি তাকেই যেন প্ৰমাণ কৰি দেখুৱালে সৰুক্ষেত্ৰীৰ উদীয়মান সংবাদকৰ্মী, মানৱদৰদী আবু নাছিৰ আলমে । সংবাদকৰ্মী জনৰ এনেকুৱা মানৱদৰদী কাৰ্যক সমাজৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।

  বৰপেটাৰ পৰা আবু নাছিৰ আলমৰ সহযোগত মনিৰুজ জামানৰ প্ৰতিবেদন। 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি