Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:55 pm

Home » আঞ্চলিক » অসম » দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষি-জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতিৰ তদন্ত হবনে?

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষি-জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতিৰ তদন্ত হবনে?

ব্যুৰ’ ৰিপৰ্ট : 
মাননীয় মুখ্যমন্ত্ৰী মহোদয়, 
ৰাজসিংহাসন দখল কৰি চাৰিটা বছৰ অতিক্ৰম কৰিলে৷ আকৌ বিধানসভা নিৰ্বাচন আহি আছে৷ মুখ্যমন্ত্ৰী হিচাপে বাটে-ঘাটে, সভা-সমিতিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা হব বুলি দম্ভালি মাৰি আহিছে৷
 

 

পিছে আপোনাৰ বাণী আপোনাৰ জেহাদ আপোনাৰ মুখতেই সীমাৱদ্ধ৷ ইমানকৈ কিয় কৈছো জানেনে? এয়া দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়৷ এই কাৰ্যালয়ৰ পৰাই দীৰ্ঘদিনে কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত চলি আছে ভয়ংকৰ দুৰ্নীতি৷ বিভাগটোৰ দুৰ্নীতিৰ তথ্য উদং কৰি ধাৰাবাহিক আমি সবিস্তাৰে প্ৰকাশ কৰি আহিছো বাতৰি৷ সংবাদ প্ৰহৰীৰ ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পিছতেই গা লৰিল জিলা প্ৰশাসনৰ৷ জিলা প্ৰশাসনে বিভাগটোত চলি থকা দুৰ্নীতিৰ তদন্ত ঘোষণা কৰিলে৷ দুদিনমান ঠিকেই চলিল তদন্ত প্ৰক্ৰিয়া৷ কিন্ত মেনেজ কৰাত পাকৈত জিলা কৃষি বিষয়া মোজাম্মেল হক, কনিষ্ঠ অভিযন্তা নুৰুল আমিন, ঠিকাদাৰ ৰূপী দালাল- লাকী, লালমিয়া, বাচ্ছু, নাণ্টু৷ হয়তো ইহতেই মেনেজ কৰিলে জিলা প্ৰশাসনক৷ ফলত সম্প্ৰতি উক্ত দুৰ্নীতিৰ তদন্তৰ নামত এতিয়া চলি আছে ভেকোভাওনা৷ মুখ্যমন্ত্ৰী মহোদয়, একেই দশা আপোনাৰ আন আন বিভাগতো৷ দক্ষিন-শালমাৰা মানকাচৰ জিলা কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ তদন্ত বিচাৰি কৃষক শ্ৰমিক কল্যাণ পৰিষদে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল আপোনালৈ৷ লগতে প্ৰেৰণ কৰিছিল কৃষি মন্ত্ৰী অতুল বৰা, কৃষি বিভাগৰ সঞ্চালকালয়, দুৰ্নীতি নিবাৰক শাখাতো৷ মাথো উক্ত অভিযোগ পত্ৰৰ কোনো প্ৰত্যুত্তৰহে নাহিল৷ 
প্ৰত্যুত্তৰ আহিবই বা কিয়? মেনেজ হল নেকি কৃষি মন্ত্ৰী অতুল বৰাও? দুৰ্নীতিত অভিযুক্ত লাকী, লালমিয়া, বাচ্ছু, নাণ্টু প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰেই চেলা-চামুণ্ডা৷ সন্মুখত নিৰ্বাচন৷ ধনতো ঘটিবই লাগিব৷ ক্ষমতাও লাগিব৷ লাগিব ভোট৷ গতিকে এইসকল চেলা-চামুণ্ডাক হাতত ৰাখিবলৈ হয়তো মন্ত্ৰী অতুল বৰাকো মেনেজ কৰা হল৷ কাৰণ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম মন্ত্ৰী অতুল বৰাৰ দল অগপৰ নেতা৷ 
এইবাৰ মন কৰক এই দৃশ্যলৈ৷ এয়া একেখন জিলাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়৷ পঞ্চায়তে পঞ্চায়তে শৌচালয় নিৰ্মাণৰ নামত চলি আহিছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি৷ “গ্ৰামীণ নীলকমল সমিতি”কে আদি কৰি একাংশ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাই এছ ডি অ’ ছফিয়ৰ ৰহমান মোগল আৰু কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰছিদক মেনেজ কৰি অনায়াসে চলাই আহিছে লুণ্ঠৰাজ৷ এই কাৰ্যালয়ৰ পৰাই কাৰ্যবাহী অভিযন্তা নাছিমুল হক খন্দকাৰৰ আশিষ লৈ বিগত ২৪ টা বছৰে কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰচিদে একেটা পদত অধিষ্ঠিত থাকি নিজৰ খেয়াল-খুচিমতে বিভাগটোত লুণ্ঠন চলাই গঢ়িছে সম্পত্তিৰ পাহাৰ৷ 
নিয়মানুসৰি বিষয়া পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী এজনে একেটা স্থানত তিনি বছৰহে থাকিব পাৰে৷ কিন্তু তিনি গ’ল, বাৰ গ’ল, চব্বিছো পাৰ হ’ল৷ অগপ গ’ল, কংগ্ৰেছো গ’ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চৰকাৰৰো চাৰি বছৰ পাৰ হল, মাথো সলনি নহ’ল কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰচিদৰ চকী আৰু স্থান৷ যেন আপোনাতকৈ অধিক ক্ষমতাশালী কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰচিদ৷ সেয়ে হয়তো সলনি নহ’ল তেওৰ চকী নাইবা স্থান৷ নহ’ল দুৰ্নীতিৰ কোনো তদন্ত৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি