লক্ষীমপুৰ : নাওবৈচাত ফুলবাৰীৰ পৰা দেৱালয় সংযোগী পথটি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ ঠিকাদাৰ ৰাজীৱ চাহুয়ে নিজ মইমতালিৰে কাম কৰি অহাৰ লগতে পথৰ মাজত থকা কালভাৰ্টটো নিৰ্মাণত হোৱা অনিয়মৰ বাবে স্থানীয় ৰাইজে পথৰ কাম বন্ধ কৰি দিয়ে৷ ফুলবাৰী আছুৰ এটা প্ৰতিনিধি দলে উক্ত ঠাই পৰিদৰ্শন কৰি কয়, পথটি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈ আছে আৰু ইয়াৰ দায়িত্বত থকা বিষয়া ৰূপম কাকতিয়ে কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰে! উল্লেখযোগ্য যে পথৰ মাজত কালভাৰ্ট বনাবলৈ পথছোৱাৰ মাজতে কাটি পেলোৱাত ৰাইজৰ যাতায়তত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷ ফলত উপ পথৰ ব্যৱস্থা কৰাৰ দাবী ফুলবাৰী আছুৰ৷